ডিজিটেল সংবাদ,জামুগুৰিহাট : বালিপৰাৰ মানশিৰিৰ বেৰাজানত সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ ৷ এই উপলক্ষে ১৯ আগষ্টৰ পুৱাই শতাধিক ভক্তপ্ৰাণ ৰাইজে জীয়াভৰলী নৈ পৰা কলহত পানী লৈ জল যাত্ৰা কৰি শ্ৰী মদ্ভাগৱত মহাযজ্ঞ শুভাৰম্ভ কৰে।
মানশিৰিৰ বেৰাজান গাঁৱৰ বিশিষ্ট সমাজকৰ্মী বিক্ৰম মহৎৰ বাসগৃহ চৌহদত তেখেতৰ প্ৰয়াত পিতৃ নৰ বাহাদুৰ মহৎৰ আত্মাৰ চিৰশান্তি কামনাৰে আয়োজিত তথা পৰিয়ালবৰ্গ ও গাঁওবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনোৱাৰ উদ্দেশ্যে এই মহাযজ্ঞৰ আয়োজন কৰিছে। পুৰোহিতসকলকলৈ আয়োজিত ধৰ্ম্মীয় অনুষ্ঠানটিত শ্ৰী মদ্ভাগৱত মহাযজ্ঞৰ বিস্তৃতভাৱে বৰ্ণনা কৰে বৃন্দাবন নিবাসী পণ্ডিত মুকুণ্ড সৰনজী মহাৰাজে ।
পঞ্চমদিনা কৃষ্ণ জন্মোৎসৱ(নন্দোৎসৱ) পালন কৰা হয় । শ্ৰী মদ্ভাগৱত মহাযজ্ঞ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। তেঁও সমষ্টিবাসীৰ কল্যাণৰ হকে প্ৰাৰ্থনা জনায়।
ধৰ্ম্মীয় মাংগলিক ৰীতি-নীতিৰে আয়োজিত শ্ৰী মদ্ভাগৱত মহাযজ্ঞ অনুষ্ঠানটিত গাঁওবাসীৰ বিভিন্ন প্ৰান্তৰ সহশ্ৰাধিক ভক্তপ্ৰাণ ৰাইজ তথা পুৰুষ মহিলা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে. তাৰোপৰি মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে সকলোৰে মংগল ভাতৃত্ববোধ সমন্বয় সম্প্ৰীতি তথা বিশ্ব শান্তিৰ হকে প্ৰাৰ্থনা জনায় ৷