শিক্ষা, সাহিত্য, সংস্কৃতি, ভাস্কৰ্য্য,শিল্পকৰ্মত অগাধ দখল থকা প্ৰচাৰ বিমুখ মানুহজন..

শিক্ষা, সাহিত্য, ভাস্কৰ্য্য,শিল্পকৰ্ম,সংস্কৃতিত অগাধ দখল থকা প্ৰচাৰ বিমুখ মানুহজন..

author-image
Asomiya Pratidin
New Update
শিক্ষা, সাহিত্য, সংস্কৃতি, ভাস্কৰ্য্য,শিল্পকৰ্মত  অগাধ দখল থকা প্ৰচাৰ বিমুখ মানুহজন..

শিক্ষা, সাহিত্য, সংস্কৃতি, ভাস্কৰ্য্য,শিল্পকৰ্মত অগাধ দখল থকা প্ৰচাৰ বিমুখ মানুহজন..

ডিজিটেল সংবাদ ছয়দুৱাৰ: শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ জীৱনটোক ধণ্য কৰি তোলা ৫৮ বছৰ বয়সীয়া মানুহজনৰ নাম তপন বৰুৱা। ঘৰ তেওঁৰ গহপুৰ মহকুমাৰ অন্তৰ্গত বালিজানৰ চাৰিখেলীয়াত।

সৃষ্টিশীল কৰ্মৰাজিৰ মাজত জীৱনৰ মাদকতা বিচাৰি ভাল পোৱা বিভিন্ন গুণেৰে গুণৱন্ত তপন বৰুৱা ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত জকাপৰা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী কৃতী শিক্ষক। সৰুৰে পৰা চৰাই আৰু প্ৰকৃতিক ভালপোৱা খেয়ালী মনৰ লাজুকীয়া আৰু আপোনভোলা স্বভাৱৰ তপন বৰুৱা এগৰাকী বিশিষ্ট কবি, শিশু সাহিত্যিক, ভাস্কৰ্য্য শিল্পী, কাৰ্টুনিষ্ট, ব্যংগ সাহিত্যিক আৰু মুখাশিল্পী হিচাপে সু প্ৰতিষ্ঠিত যদিও তেওঁ কিন্তু এগৰাকী প্ৰচাৰ বিমুখ ব্যক্তি।

আজৰি সময়ত কেবল সৃষ্টিশীল কৰ্মৰে জড়িত হৈ এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈ অহা তপন বৰুৱাই সৰুৰে পৰা দুই এটা গল্প,কবিতা লিখিছিল যদিও অনাদৰ অৱহেলাত পৰৱৰ্তীকালত এইবোৰ ফটা টুকুৰা কাগজলৈ ৰূপান্তৰিত হৈছিল। ১৯৮৭ চনৰ কথা। তপন বৰুৱাৰ কবিতাৰ প্ৰতি আছিল সীমাহীন হেঁপাহ।

ছপা আখৰত নিজৰ কবিতা এটি প্ৰকাশৰ ইচ্ছাটোয়ে মনত এক দুৰন্ত হাবিয়াস সৃষ্টি কৰিছিল তেওঁৰ। সেইসময়ত তেওঁ দুটি কবিতা লিখি ড° ভবেন্দ্ৰনাথ শইকীয়াৰ "সুঁফুৰা" নামৰ শিশু আলোচনীলৈ ডাকযোগে প্ৰেৰণ কৰিছিল। সময় বাগৰিল। সেই কবিতা দুটা প্ৰকাশ হ'ল নে নহ'ল তপন বৰুৱাই একোকে গমেই নাপালে।

গম লোৱাৰো একো উপায়ো নাছিল। এটা বছৰ পাৰ হৈ গ’ল। এদিন ওচৰৰ এঘৰত পুৰনি কিতাপৰ দমৰ মাজত পুৰনা সঁফুৰা এখন পাই তাতে পাত লুটিয়াই থাকোতে তপন বৰুৱাই জাপ মাৰি উঠিল। জীৱনৰ প্ৰথম কবিতা দুটা এটা বছৰৰ আগতে প্ৰকাশ পোৱা সঁফুৰা কিতাপখনত ছপা আখৰেৰে পঢ়িবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিল তেওঁ।

এইয়াই আছিল তেওঁৰ সৃষ্টিশীলতাৰ আৰাম্ভণি। ইয়াৰ পিছত ক্ৰমে ক্ৰমে বাঢ়ি গ’ল তেওঁৰ সাহিত্য চৰ্চ্চাৰ সফল কৰ্মসূচী। ১৯৯০ চনৰ National Book Trust ৰ গৌৰী সদন, গুৱাহাটীলৈ আমন্ত্ৰিত হোৱাৰ জীৱনৰ প্ৰথম স্বীকৃতি আছিল তেওঁৰ বাবে। ১৯৯০ চনতে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰা ডাকযোগে অহা নিমন্ত্ৰনীমূলক পত্ৰৰ আঁত বিচাৰি গুৱাহাটীলৈ প্ৰথম যাত্ৰা আছিল তেওঁৰ।

পৰবৰ্তী সময়ত তপন বৰুৱা অসমীয়া সাহিত্যৰ সমাজত এটা চিনাকী নাম হৈ পৰিল।এনেদৰে তেওঁ প্ৰান্তিক,সঁফুৰা, ৰংমেলা, মুকুতা, সৃজনি, অঁকনিৰ জেউতি, অকনিৰ প্ৰিয় বন্ধু, মৌচাক,চানৈক্য, অবিকল, গিৰজনি,আমাৰ সাৰথি, নতুন ৰংমেলা,মুকুতা, আমাৰ অসম,অসম বাণী, মকুতা, চোতালৰ পখিলা আদি বহু শিশু সাহিত্য আলোচনী আৰু ব্যঙ্গ সাহিত্য আলোচনী,বাতৰি কাকতৰ নিয়মীয়া কবি, লেখক আৰু কৰ্টুনিষ্ট হিচাপে প্ৰতিষ্ঠিত হৈ পৰিল।

অঁকনিৰ প্ৰিয়বন্ধু ,গুৱাহাটী অসম নামৰ শিশু আলোচনীখনৰ সহযোগী সম্পাদকৰ দ্বায়িত্বশীল এজন প্ৰতিষ্ঠিত সাহিত্যিক হৈ পৰা তপন বৰুৱাই বুঢ়ী আই সাধুৰ ১৫০ বছৰীয়া বৰ্ষপূৰ্টিত প্ৰকাশিত গ্ৰন্থ "বেজবৰুৱাৰ সাধু সমগ্ৰ" নামৰ সঙ্কলনটিৰ ভিতৰৰ সমুদায় ছবি অংকন কৰিছিল।

আইতাৰ নতুন সাধু , সাধু কথাৰ কুঁকি, সঁছা কথাৰ পুৰস্কাৰ, আমি অঁকনি, অঁকনিৰ কবিতা, মৌ মাখিৰ পৃথিৱী, সোন মইনাৰ পন, টিলাৰ কান্দোন, ককাৰ সানমিহলি লেখা , বিজ্ঞানৰ ধেমালি, অংকৰ ধেমালি, জীৱনৰ ৰূপ আৰু ৰং আদিৰ দৰে বহু শিশু সাহিত্য গ্ৰন্থ আৰু বহু বিদ্যালয়, মহাবিদ্যালয়ৰ আলোচনীৰ মুখ্যপাত আৰু ভিতৰৰ ছবিসমূহ অংকন কৰাৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° মনোৰমা বুঢ়াগোহাঁইৰ এধানি নামৰ শিশু উপন্যাসখনৰ বেটুপাত আৰু ভিতৰৰ সমগ্ৰ ছবি অংকন কৰিছে তপন বৰুৱাই।

২০১১ চনত উত্তৰ পূৱ শিশু গ্ৰন্থ মেলাৰ শিশু সাহিত্য সমাৰোহ নেহেৰুবালি নগাঁৱৰ আমন্ত্ৰিত শিশু সাহিত্যিক হিচাপে তপন বৰুৱাক জনোৱা সন্মান বৰুৱাৰ জীৱনৰ এক মধুৰ স্মৃতি। তপন বৰুৱাৰ কলমৰ পৰশত প্ৰাণ পাই উঠা গ্ৰন্থ সমূহ হৈছে- সৰু সৰু কবিতা, কঠালগুটিয়া সাধু, ডেমপেহা, পালোৱান, আপদীয়া পদ্য, ডেৰকুৰি ৰসাল পদ্য, মইনাহঁতৰ পদ্য আৰু সৰু সৰু পদ্য।

তেওঁৰ এই সৃষ্টিশীল কৰ্মৰ বাবে ২০০২ চনত শিল্পী বঁটা আৰু ২০১৬ চনত হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটাৰে সন্মানিত হৈছিল। ৰসিক পঢ়ুৱৈ আৰু সহস্ৰ গুণমুগ্ধৰ সান্নিধ্যই তেওঁৰ সাহিত্য সৃষ্টিৰ মূল উৎস বুলি তেওঁ জানিবলৈ দিছে অসমীয়া প্ৰতিদিনক।

বালিজান চাৰিখেলীয়া গাওঁখনত তপন বৰুৱাৰ জনপ্ৰিয়তা হিমালয় সদৃশ। ২০০ বছৰীয়া ইতিহাসে গৰকা আৰু স্বাধীনতা সংগ্ৰামৰ প্ৰানকেন্দ্ৰ গাওঁখনৰ কৃষ্টি সংস্কৃতিক ভেটি অতি চহকী। বছৰেকীয়া ভাওঁনা, গৰখীয়া সবাহৰ উপৰিও গুৰু দুজনাৰ জন্মোৎসৱ, মৃত্যু তিথি, দৌল উৎসৱ, ৰাস, বিহু, পূজা, ভাওঁনা, থিয়েটাৰ আদি অনুষ্ঠিত কৰি অহাৰো গাঁওখনৰ আছে এক দীঘলীয়া ইতিহাস।

এই ধাৰাবাহিক অনুষ্ঠানবোৰ উদযাপনৰ মূল মানুহজনেই হৈছে তপন বৰুৱা। মঞ্চ, দৃশ্য,সাজসজ্জা, বাঁহৰ কাঠিৰে অজগৰ সাপ, হাতী, পৰ্ব্বত, সাগৰ, উৰন্ত ভগবান, যুদ্ধৰ ৰথ, ভাওঁনাৰ মুখা নিৰ্মাণ আৰু নাট পৰিচালনা কৰা কৌশলৰ বাবে তপন বৰুৱা গাঁওবাসীৰ বাবে এক অপৰিহাৰ্য্য শক্তি।

এগৰাকী ভাস্কৰ্য্য শিল্পী হিচাপেও পৰিচিত তপন বৰুৱাই কাঠেৰে বাঘ, সিংহ, গড়, চৰাই, হৰিণ আদি নিৰ্মাণ কৰি আহিছে। ভাগৱত পাঠ, কীৰ্তন পাঠকে ধৰি ধৰ্মীয় ক্ষেত্ৰখনতো অগাধ দখল থকা প্ৰচাৰ বিমুখ তপন বৰুৱাৰ জীৱনৰ বৰ্ণিল অধ্যায় পোন প্ৰথমবাৰৰ বাবে অসমীয়া প্ৰতিদিনৰ মাধ্যমেৰে প্ৰকাশ পাব বুলি জানি উৎসাহিত হৈ পৰিছে চাৰিখেলীয়াবাসী ৰাইজ। এনে এগৰাকী গুণবন্ত ব্যক্তিক চৰকাৰে উপযুক্ত মৰ্য্যদা দিয়াৰ আহ্বান জনাইছে গাঁওবাসীয়ে।

Also Read: ধৰ্মীয় শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট হৈ ৫ জন লোকৰ কৰুণ মৃত্যু...

গহপুৰ