নাহৰণি চাহ বাগিচাত বনাচক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নাহৰণি চাহ বাগিচাত বনাচক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰৰ ৰঙাপৰাৰ নাহৰণি চাহবাগিচাত ২০ শতাংশ বনাচ প্ৰদানৰ দাবীত আজিও অব্যাহত আছে উত্তপ্ত পৰিস্থিতি। চাহ শ্ৰমিক ৰাইজে ল’ব বিচৰা নাই বাগিচা কৰ্তৃপক্ষই প্ৰদান কৰা ১৬ শতাংশ বনাচ ৷

শনিবাৰে পুৱা বাগিচাৰ শ্ৰমিকসকলে চাহ বাগিচাৰ কাম বন্ধ কৰি ঘেৰাও কৰিছে পৰিচালকৰ কাৰ্য্যালয় ৷ বাগিচা কৰ্তৃপক্ষই ১৬ শতাংশ আৰু পাছত ৪ শতাংশ বনাচ প্ৰদানৰ সিদ্ধান্ত লৈছিল ৷ কিন্তু চাহ শ্ৰমিক ৰাইজে এক কিস্তিত ২০ শতাংশ বনাচ প্ৰদানৰ দাবী জনোৱা বুলি জানিব পৰা গৈছে ৷

শ্ৰমিকৰ ভাষ্য অনুসৰি নাহৰণি চাহ বাগিচাৰ পৰিচালকগৰাকীয়ে নিজে গৈ ২০ শতাংশ বনাচ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু শুকুৰবাৰে সন্ধিয়া ১৬ শতাংশহে বনাচ প্ৰদান কৰিব বিচৰাত চাহ শ্ৰমিক ৰাইজ ক্ষোভিত হৈ পৰে ৷

১৬ শতাংশৰ পৰিৱৰ্তে চাহ শ্ৰমিক ৰাইজে ২০ শতাংশ বনাচ প্ৰদানৰ দাবী জনাইছে ৷ ইতিমধ্যে ৰঙাপৰা আৰক্ষীৰ এটি দল বাগিচাখনত উপস্থিত হৈছে ৷

নাহৰণি চাহ বাগিচাত বনাচক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
বিশিষ্ট সাহিত্যিক তৰেণ বড়োলৈ ৰাষ্ট্ৰীয় বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in