তিনিমাহে ছীল অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ হেলেম শাখাৰ বেংক...

তিনিমাহে ছীল অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ হেলেম শাখাৰ বেংক...

author-image
Asomiya Pratidin
New Update
তিনিমাহে ছীল অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ হেলেম শাখাৰ বেংক...

তিনিমাহে ছীল অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ হেলেম শাখাৰ বেংক...

ডিজিটেল সংবাদ ছয়দুৱাৰ: অসম চৰকাৰৰ অধীনস্থ অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ হেলেম শাখাৰ বেংকত নিজৰ কষ্টোপাৰ্জিত ধন জমা কৰি এতিয়া চৰম হতাশা আৰু অনিশ্চয়তাত ভুগিবলগীয়া হৈছে বৃহত্তৰ হেলেম অঞ্চলৰ প্ৰায় দুই সহস্ৰাধিক সাধাৰণ শ্ৰেণীৰ খাটিখোৱা গ্ৰাহক ৰাইজে। উল্লেখযোগ্য যে,অসমৰ আন প্ৰান্তৰ দৰে ২০১৬ চনৰ ২৬ মাৰ্চত অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ হেলেম বেংক শাখাটো স্থাপন হৈছিল।

তেতিয়াৰে পৰা সুন্দৰ ভাবে পৰিচালিত হৈ আছিল উক্ত শাখাটো।বৰঙাবাৰীৰ পৰা বিহালীলৈকে আৰু অসম-অৰুণাচল সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈকে থকা একাধিক গাঁৱৰ সাধাৰণ শ্ৰেণীৰ শ শ লোকে উক্ত শাখাত ধন জমা থৈ উপকৃত হৈ অহাৰ লগতে সাধাৰণ শ্ৰেণীৰ বহু লোক আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে উক্ত শাখটোৰ পৰা ঋণ লৈ লাভাম্বিত হৈ আহিছে।

বেংক শাখটোৰ পৰিচালক, কৰ্মচাৰী আৰু এজেণ্টসকলৰ কৰ্মদক্ষতাৰ বাবে অতি কম দিনৰ ভিতৰতে শাখাটোৰ গ্ৰাহকৰ সংখ্যাই প্ৰায় দুই হাজাৰ স্পৰ্শ কৰিলে।ঋণ দিয়াৰ ক্ষেত্ৰতো বেংক শাখটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত অঞ্চলটোৰ বহু সাধাৰণ শ্ৰেণীৰ গ্ৰাহক আৰু ক্ষুদ্ৰ ব্যৱসায়ী উপকৃত হৈছে।

জানিব পৰা মতে-যোৱা নৱেম্বৰ-ডিচেম্বৰ মাহলৈকে প্ৰায় ২৭ লাখ টকাৰ ঋণ দিছে বেংক শাখটোৱে।তদুপৰি প্ৰায় ৮০ লাখ টকা গ্ৰাহকৰ জমা ধন মজুত আছে বেংক শাখাটোত।বিভিন্ন জন গ্ৰাহকৰ ১০ লাখ টকা ফিক্সড ডিপজিত হিচাপে জমা আছে শাখাটোত।

এনেধৰনৰ আৰ্থিক লেনদেনৰ মাজেৰে চলি থকা বেংক শাখাটো ছীল কৰি দিয়াৰ পিছত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গ্ৰাহকসকলৰ মাজত। জানিব পৰামতে,অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ বাগছা আৰু মুকালমুৱা বেংক শাখাত মেছিউৰিটি(Maturity) কেলেংকাৰী হোৱা বুলি উথাপিত এক অভিযোগৰ ভিত্তিত সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ পিছত ২০২২ চনৰ ৩০ ডিচেম্বৰত অসম চৰকাৰৰ সমবায় বিভাগে অসমৰ মুঠ ২৪০ টা অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ বেংক শাখা ছীল কৰি দিয়ে।

সেই অনুসৰি সেইদিনা হেলেম শাখাটোও ছীল কৰি দিয়ে বিশ্বনাথ জিলা সমবায় বিভাগে। প্ৰথম অৱস্থাত ১৫ দিনৰ ভিতৰত ছীল খুলি দিয়া হ'ব বুলি বিশ্বনাথ সমবায় বিভাগে উল্লেখ কৰিছিল যদিও ছীল খুলি দিয়াৰ ক্ষেত্ৰত সমবায় বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া হাহাকাৰ লাগিছে গ্ৰাহক ৰাইজৰ মাজত।

তদুপৰি শাখাটোত কৰ্মৰত ১৪ গৰাকী কৰ্মচাৰী আৰু ৮ গৰাকী এজেণ্টৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। ইপিনে,বহু গ্ৰাহকে নিজৰ জমা ধন বিচাৰি উক্ত কৰ্মচাৰী আৰু এজেণ্টসকলক প্ৰায়েই হাৰাশাস্তি কৰি অহাত মাজে মাজে দুয়োপক্ষৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে।

যিহেতু হেলেম শাখাৰ কোনো ধৰণৰ বিত্তীয় খেলেমেলি নাই তেনেক্ষেত্ৰত উক্ত শাখাটো অতি সোনকালে খুলি দিয়াৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ সমবায় বিভাগৰ ওচৰত দাবী জনাইছে গ্ৰাহক ৰাইজে।উল্লেখযোগ্য যে,উক্ত হেলেম শাখাত কষ্টোপাৰ্জিত ধন জমা কৰা গ্ৰাহকসকলৰ ভিতৰত সৰহসংখ্যকেই দিন হাজিৰা কৰা শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী, গাড়ী চালক,ঠেলাৱালা আৰু ৰিক্সাৱালা আদি।

সেয়েহে এইসকল সাধাৰণ গ্ৰাহকৰ কথা চিন্তা কৰি অতি সোনকালে বেংক শাখাটো খুলি দিয়াৰ ব্যৱস্থা কৰিবলৈ সমবায় বিভাগৰ ওচৰত কঠোৰ দাবী জনাইছে সচেতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।

Also Read: মোবাইলত গেম খেলাত বাধা দিয়াৰ নামত হত্যা ১৩ বছৰীয়া কিশোৰক !

অসম বহুমুখী সমবায় সমিতি