ইটাখোলাত ৭৫ গৰাকী প্ৰয়াত ব্যক্তিৰ সোঁৱৰণত বৃক্ষৰোপণ...

 ইটাখোলাত ৭৫ গৰাকী প্ৰয়াত ব্যক্তিৰ সোঁৱৰণত বৃক্ষৰোপণ...
ইটাখোলাত ৭৫ গৰাকী প্ৰয়াত ব্যক্তিৰ সোঁৱৰণত বৃক্ষৰোপণ...
Published on
Updated on

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলা ব্যৱসায়ীক কেন্দ্ৰত বুধবাৰে পুৱা এক বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ চতিয়া আঞ্চলিক পঞ্চায়তৰ উদ্যোগত আৰু ইটাখোলা ব্যৱসায়ীক সন্থাৰ সহযোগত অনুষ্ঠিত এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

ইটাখোলা অঞ্চলটোৰ ৭৫ জন প্ৰয়াত মহান ব্যক্তিৰ সোৱঁৰণত অনুষ্ঠিত এই কাৰ্যসূচীৰ শুভাৰাম্ভ কৰি বিধায়ক পদ্ম হাজৰিকাই কয়- গ্ৰীণ ইটাখোলা ক্লীণ ইটাখোলা নিৰ্মাণত ইটাখোলাবাসী ৰাইজে যি সহাৰি আগবঢ়াইছে সেইলৈ মই সুখী ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি এই ইটাখোলাৰ পৰাই প্ৰকৃতি ৰক্ষাৰ বাৰ্তা সমগ্ৰ ৰাজ্যখনলৈ বিয়পি পৰক ৷

বৃক্ষৰোপণ কাৰ্যসূচীত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, দিপলোঙা বন বিভাগৰ বিষয়া ভানু বৰুৱা, বিশিষ্ট সমাজসেৱক অশোক গুপ্তা, মনোজ গুপ্তা আৰু ইটাখোলা ব্যৱসায়ীক সন্থাৰ সকলো কৰ্মকৰ্তা উপস্থিত থাকে ৷

 ইটাখোলাত ৭৫ গৰাকী প্ৰয়াত ব্যক্তিৰ সোঁৱৰণত বৃক্ষৰোপণ...
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অ'বিচি সমাজলৈ মনত পৰিল মোডীৰঃ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই বৃহৎ আঁচনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in