ডিজিটেল সংবাদ,শোণিতপুৰ : আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ দুই সদস্যক শনিবাৰে গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ আৰক্ষীয়ে ৷ আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ মূল নায়ক তেজপুৰৰ আদিত্য মহন্ত, কংকন মহন্ত আৰু জয়ন্ত বৰা ওৰফে সিজুয়ে ওডালগুৰি জিলাৰ পৰা বিভিন্ন কোম্পানীত গাড়ী যোগান ধৰাৰ বাবে বহুজনৰ পৰা নামী দামী গাড়ী সংগ্ৰহ কৰিছিল বুলি জানিব পৰা গৈছে ৷
প্ৰায় ২৬ খন গাড়ী বিভিন্ন কোম্পানীত ভাড়া দিয়াৰ বাবে লিজত লৈ সেই গাড়ীসমূহ বিক্ৰী কৰে মণিপুৰ, নাগালেণ্ড, অৰুনাচল প্ৰদেশ, ডিমাপুৰ আদি ঠাইত ৷ এই সম্পৰ্কে এইসকল ওডালগুৰিৰ লোকে ওডালগুৰি আৰক্ষীত গোচৰ দিছিল যদিও ওডালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষকজনে আচামীৰ পক্ষ লোৱাৰ অভিযোগ উঠিছে।
তাৰোপৰি এইসকল লোকক নানা প্ৰকাৰে হেচা প্ৰদান কৰি গোচৰ গ্ৰহণ নকৰাৰ পিছত শোণিতপুৰত গোচৰ তৰে ওডালগুৰি জিলাৰ ভুক্তভোগীয়ে ৷ শোণিতপুৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযান চলাই নগালেণ্ডৰ পৰা এখন “থাৰ“ বাহনসহ দুজনক গ্ৰেপ্তাৰ কৰে ৷
আনহাতে খটখটিৰ আব্দুল জব্বৰ আৰু নাজিৰাৰ প্ৰশান্ত সন্দিকৈ নামৰ দুই যুৱকক শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু ঘটনাৰ মুল তিনি অভিযুক্তক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷
ইফালে মূল অভিযুক্ত আদিত্য মহন্তৰ সৈতে জড়িত আছে হাই প্ৰফাইল নেতা ৷ এইসকল লোকে ঋণত লোৱা গাড়ীৰ খবৰ ল’লে আৰক্ষীৰ ভাবুকি দিয়ে গাড়ী চোৰ আদিত্য মহন্তই ৷
মহন্তক হেনো চেকেণ্ডৰ বাবেও আৰক্ষীয়ে লকআপত ৰাখিব নোৱাৰে বুলিও ভাবুকি দিয়া বুলি কয় ভুক্তভোগীসকলে ৷ প্ৰশ্ন হয় কোন ৰাজনৈতিক নেতা বা আৰক্ষী বিষয়াৰ বলৰে বলীয়ান এইজন আদিত্য মহন্ত ? ২৬ খন বাহনৰ এতিয়ালৈকে মাত্ৰ উদ্ধাৰ হৈছে এখন বাহন ৷ পলাতক তিনি মুল অভিযুক্ত ৷ এইসকলক গ্ৰেপ্তাৰ কৰিবলৈ শোণিতপুৰ আৰক্ষী সক্ষম হ'বনে সেয়া লক্ষ্যণীয় বিষয় !
Also Read: পাটাছাৰকুছি বিদ্যাপীঠৰ প্রাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত ছাগলী পালনৰ প্ৰশিক্ষণ সম্পন্ন