আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

নিৰ্বাচিত প্ৰতিযোগীসকলে ৰাজ্যিক ভিত্তিত আয়োজিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব
আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ টুপিয়া পাঁচগাঁও একাডেমীত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতাত ২৫খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভা জাগ্ৰত কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে। প্ৰতিযোগিতাখনিত বিজ্ঞানৰ আৰ্হি নিৰ্মাণ, পোষ্টাৰ অঁকা, আকস্মিক বক্তৃতা আদিকে ধৰি অন্যান্য শৈক্ষিক বিষয়সমূহৰ ওপৰত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷

আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি অশোক কুমাৰ দাহালৰ তত্ত্বাৱধানত আয়োজিত নদুৱাৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতাত বিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়িত্ৰীসকল পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকে। উদ্যোক্তাই জনোৱা অনুসৰি ব্লক পৰ্যায়ৰ প্ৰতিযোগিতাত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰিব।

ইয়াৰ পৰৱৰ্তী পৰ্য্যায়ত জিলাৰ পৰা নিৰ্বাচিত প্ৰতিযোগীসকলে ৰাজ্যিক ভিত্তিত আয়োজিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব ৷ প্ৰতিযোগিতাত নিৰ্বাচিত তথা স্থানপ্ৰাপ্ত সকলক  মানপত্ৰ প্ৰদান কৰি  আকৰ্ষণীয় বঁটাৰে সন্মানিত কৰা হ’ব বুলি উদ্যক্তাই জনায়।

আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন
খেল বাতিল হ'লেও নাই আক্ষেপ ! প্ৰিয় খেলুৱৈক কাষত পাই উৎফুল্লিত কানাডাৰ ক্ৰিকেটাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in