ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত বনৰীয়া হাতীৰ উপদ্ৰৱে গঞা ৰাইজক অতীষ্ঠ কৰি তুলিছে। কিছুদিন ধৰি অঞ্চলটোৰ বিভিন্ন গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহাৰ পিছত বুধবাৰে নিশা বতিয়াৰোকা গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই তহিলং কৰিছে কৃষক ৰাইজৰ খেতিবাতি ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা সন্ধিয়াৰ ভাগত ওলাই অহা বন্য হস্তীৰ জাকে কৃষক ৰাইজৰ কলগছ,আলুখেতিৰ লগতে সৰিয়হ খেতি গচকি তহিলংকৰিছে। নিশাৰ ভাগত অহা ৭/৮ জনীয়া বনৰীয়া হাতীৰ জাকে এতিয়া নিদ্ৰা হৰিছে কৃষক ৰাইজৰ।
এনে পৰিস্থিতিৰ বাবেই অঞ্চলটোত বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত৷ জামুগুৰিহাটৰ ডিপলোঙা বনাঞ্চলিক বিষয়া আৰু বনকৰ্মী সকলে বনৰীয়া হাতী খেদি পথোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷
Also Read: প্ৰথম অসমীয়া পাৰিপাৰ্শ্বিক কবিতা সংকলন প্ৰকাশৰ প্ৰস্তুতি