বিহালীৰ কেইবাটাও অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ : মূৰে-কপালে হাত দিছে কৃষকে

বিহালীৰ কেইবাটাও অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ : মূৰে-কপালে হাত দিছে কৃষকে
Published on
Updated on

ডিজিটেল সংবাদ,বিহালী : ৰাজ্যত এফালে গ্ৰীষ্মপ্ৰৱাহ আৰু আনফালে খৰাং বতৰে কৃষক ৰাইজক ক্ষতিগ্ৰস্ত কৰাৰ সমান্তৰালকৈ এইবাৰ বিহালীত বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ। বিহালী অভয়াৰণ্যৰ পৰা দৈনিক ওলাই অহা বৃহৎ বন্যহস্তীৰ জাকে খেতিয়কৰ সপোনৰ সোণগুটি ডৰা গেঁৰ লগা অৱস্থাতে তহিলং কৰে ।

ভুক্তভোগী কৃষকে জনোৱা অনুসৰি বিহালী সমষ্টিৰ চেনীমাৰী, ৰাংছালী দলনি, কাছকটা আদিত দৈনিক সন্ত্ৰাস চলাইছে হাতীয়ে । ইতিমধ্যে কেইবাবিঘাও কৃষিভূমি নষ্ট কৰা বনৰীয়া হাতীৰ জাকক সময়ে সময়ে বন বিভাগে খেদি পঠিয়াই যদিও বিগত ১৫ বছৰে বিধায়ক, প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্তই স্থায়ী পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত প্ৰতি বছৰে হাতীয়ে উপদ্ৰৱ চলাই আহিছে ।

স্থানীয় ৰাইজৰ দাবী - অতি সোনকালে ঝাটকা তাঁৰৰ ব্যৱস্থা কৰি খেতিপথাৰ ৰক্ষাৰ ক্ষেত্ৰত বনমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰাৰ সমান্তৰালকৈ ক্ষতিপূৰণ প্ৰদানৰ বাবে কৃষকে দাবী জনায় ৷

বিহালীৰ কেইবাটাও অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ : মূৰে-কপালে হাত দিছে কৃষকে
'নেডা ব্যৰ্থ হৈছে, সঠিক দিশত আগবাঢ়িব পৰা নাই'- কনৰাড চাংমাৰ ৰাজনৈতিক বিস্ফোৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in