তেজপুৰৰ বৰঝাৰগাঁৱৰ পাছত এইবাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আতংক...

বনৰীয়া হাতীৰ আক্ৰমনত পশুধনৰ মৃত্যু...
তেজপুৰৰ বৰঝাৰগাঁৱৰ পাছত এইবাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আতংক...
তেজপুৰৰ বৰঝাৰগাঁৱৰ পাছত এইবাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আতংক...
Published on
Updated on

ডিজিটেল সংবাদ জামুগুৰিহাটঃ শোণিতপুৰৰ ৰঙাপৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে। ৰঙাপৰাৰ ফুলগুৰি গাঁৱত শনিবাৰে পুৱাৰে পৰা এটা বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰাত শংকিত হৈ পৰে স্থানীয় ৰাইজ।

পিছত এই বিষয়ে বন বিভাগক অৱগত কৰাত বনৰীয়া হাতীটোক বনাঞ্চলৰ দিশে খেদি নিয়াৰ বাবে মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীসকল গাঁওখনত উপস্থিত হয়। ইফালে বনৰীয়া হাতীটোক একাংশ লোকে ইফালৰ পৰা সিফালে খেদি থকাত হাতীটো খঙাল হৈ পৰে।

বনৰীয়া হাতীটোৱে গাঁওখনত এৰাল দি থোৱা এটা ছাগলীক আক্ৰমণ কৰাত ছাগলীজনীৰ মৃত্যু ঘটে। ইয়াৰ মাজতে বনৰীয়া হাতীটোৱে মানুহকো আক্ৰমণ কৰাৰ চেষ্টা চলায়। খাদ্যৰ সন্ধানত বনাঞ্চলৰ ভিতৰৰ পৰা ওলাই অহা অকলশৰীয়া বনৰীয়া হাতীটোক চাবলৈ গাঁওখনৰ ৰাইজে ভিৰ কৰাও পৰিলক্ষিত হয়।

ইফালে শুকুৰবাৰে তেজপুৰৰ বঝাৰগাঁৱৰ আহতগুৰিত বনৰীয়া হাতীৰ আক্ৰমণ গুৰুতৰভাৱে আহত হৈছিল এগৰাকী যুৱতী। য়াছমিনা বেগম নামৰ এই যুৱতীগৰাকী সংকতজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছে।

তেজপুৰৰ বৰঝাৰগাঁৱৰ পাছত এইবাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আতংক...
বানে তচনচ কৰিলে কৃষক, পশুপালকৰ সপোনঃ উটি গ'ল অৰ্ধশতাধিক গাহৰি, মৃত্যু কেইবাটাও পশুধনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in