তৌভঙাৰ যোগীবস্তিত বনৰীয়া হাতীৰ তাণ্ডৱ

তৌভঙাৰ যোগীবস্তিত বনৰীয়া হাতীৰ তাণ্ডৱ
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটাৰ তৌভঙা যোগীবস্তিত শনিবাৰে পুৱতি নিশা অহা বনৰীয়া হাতীৰ জাকে গাঁৱখনত সন্ত্ৰাস চলায়। ফলত দেবেন গগৈ নামৰ লোকজনৰ পাকঘৰ ভাঙি তহিলং কৰে ৷

ইয়াৰোপৰি ধান চাউল আদি খোৱাৰ লগতে সা সম্পত্তিসমূহ নষ্ট কৰে ৷ বনৰীয়া হাতীৰ জাকটোৱে গাঁৱখনৰ ৰাইজৰো বিস্তৰ ক্ষতি সাধন কৰে৷

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত পোৱালীসহ ওলাই অহা ২০/২৫ জনীয়া বনৰীয়া হাতীৰ জাকটোৱে পশ্চিম তৌভঙা অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে৷ অৱশ্যে ৰাইজে হৈ হাল্লা কৰি বনৰীয়া হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয় ৷ অভিযোগ অনুসৰি খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই বিভাগৰ লোক।

তৌভঙাৰ যোগীবস্তিত বনৰীয়া হাতীৰ তাণ্ডৱ
উপ নিৰ্বাচনৰ ভোটগণনা : ১খনত জয়ী হোৱাৰ বিপৰীতে ১০খন আসনত অগ্ৰগতি ইণ্ডিয়া মৰ্চাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in