অসম এৰি পলাল YBY ৰ মাষ্টাৰ মাইণ্ড প্ৰাক্তন NDFB নেতা অনিৰাম বড়ো...

YBY ৰ বিৰুদ্ধে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ
অসম এৰি পলাল YBY ৰ মাষ্টাৰ মাইণ্ড প্ৰাক্তন NDFB নেতা অনিৰাম বড়ো...
অসম এৰি পলাল YBY ৰ মাষ্টাৰ মাইণ্ড প্ৰাক্তন NDFB নেতা অনিৰাম বড়ো...
Published on
Updated on

ডিজিটেল সংবাদ বিহালীঃ YBY নামৰ এটা ট্ৰেডিং এপে ৰাজ্যত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ট্ৰেডিং এপটোৱে শেহতীয়াকৈ ইয়াৰ গ্ৰাহকসকলক প্ৰবঞ্চনাৰে ৰাম টাঙোন দিয়াৰ পিছতে অন্তৰ্ধান হৈছে ইয়াৰ সৈতে জড়িতসকল।

গ্ৰাহকে ফোন কৰিও কোনো সহাৰি পোৱা নাই এপটোৰে জড়িত লোকসকলৰ। উত্তৰ অসমত শেহতীয়াকৈ গাঁৱেভূঞে বিয়পি পৰিছিল YBY নামৰ ট্ৰেডিং এপটো। এই এপটোৰ সৈতে জড়িত থকা লোকসকলে দেখুওৱা প্ৰলোভনত পৰি দিন হাজিৰা কৰা লোকসকলৰ পৰা আৰম্ভ কৰি বহু শিক্ষিত, প্ৰতিষ্ঠিত লোকেও ধন বিনিয়োগ কৰিছিল।

কিন্তু শেহতীয়াকৈ এই এপটোৰ সৈতে জড়িত থকা লোকসকল অন্তৰ্ধান হৈছে। প্ৰঞ্চনাৰে এই লোকসকলক ধন আত্মসাৎ কৰিলে এপটোৰ প্ৰতিষ্ঠাপকসকলে। জানিব পৰা মতে এই এপটোক অসমত প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা লৈছিল এন ডি এফ বিৰ প্ৰাক্তন নেতা অনিৰাম বসুমতাৰীয়ে।

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ মিলন নগৰৰ বাসিন্দা অনিৰাম বসুমতাৰীয়ে এই এপটোৰ জৰিয়তে ব্যাপক লুণ্ঠন চলাই এতিয়া অসম এৰি পলায়ন কৰা বুলিও চৰ্চা চলিছে। জানিব পৰা মতে YBY ক অসমত প্ৰতিষ্ঠা কৰি কোটি কোটি টকাৰ মালিক হৈ পৰিছিল অনিৰাম বসুমতাৰী। তেওঁ YBY ৰ পৰা লাভ কৰিছিল দুখনকৈ বিলাসী বাহন৷

প্ৰথম অৱস্থাত এই এপটোৰ লক্ষ্য আছিল শিক্ষকসকল। শিক্ষকসকলক টাৰ্গেট কৰি এপটো ব্যৱহাৰ কৰি ধন ঘটাৰ সুযোগ দিয়া হৈছিল ৷ কম দিনৰ ভিতৰতে শিক্ষকসকলৰ মোবাইলে মোবাইলে বিয়পি পৰিছিল YBY ৷

পৰৱৰ্তী সময়ত শিক্ষকসকলৰ পৰা গাওঁ আৰু চহৰ অঞ্চলত শিপাইছিল YBY ৷ এপটোত এগৰাকী বিনিয়োগকাৰীয়ে আন এজনক যোগদান কৰালেও লাভ কৰিছিল ধন যাৰ বাবে অতি কম দিনৰ ভিতৰত জনপ্ৰিয় হৈ পৰিছিল YBY ৷

ঠায়ে ঠায়ে বেনাৰ পোষ্টাৰো লগাই YBY ত বিনিয়োগ কৰিবলৈ উদগনি যোগাইছিল ৰাইজক ৷ গহপুৰ, নাৰায়ণপুৰ, বিশ্বনাথ চাৰিআলিৰ ভিতৰুৱা অঞ্চলত গঢ় লৈ উঠিচিল YBY ৰ সৰু সৰু কাৰ্যালয় ৷

এই এপটো বন্ধ হৈ পৰাৰ লগে লগেই এতিয়া ৰাতিটোৰ ভিতৰতে নাইকিয়া হৈ পৰিল এই সমূহ কাৰ্যালয় ৷ আনহাতে তেজপুৰ আৰু গুৱাহাটীৰ বিলাসী ৰিজৰ্টত সভা অনুষ্ঠিত কৰি এপটোত বিনিয়োগ বৃদ্ধি কৰাৰ পৰিকল্পনা চলিচিল ৷

আনকি বানপানীৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ধন দিয়া বুলিও প্ৰচাৰ চলিছিল এই এপটোৱে ৷ বাতৰি কাকতত প্ৰকাশ পাইছিল প্ৰবন্ধ। যাৰ বাবে ৰাইজৰ মনত এই এপটোৰ প্ৰতি বিশ্বাস জন্মিছিল ৷

একাংশ বিনিয়োগকাৰীক গাড়ী, মটৰ চাইকেল, মোবাইল আদি বিতৰন কৰি উৎসাহিত কৰিছিল ৷ অৱশেষত YBY য়ে ৰাইজক কৰিলে প্ৰৱঞ্চনা ৷ এপটোত নিজৰ ৱালেটৰ জমা ধন উলিয়াবলৈ পুনৰ কে ৱাই চিৰ নামত ৬০০০ টকা বিচাৰিছে YBY য়ে ৷

ধন লুন্ঠনৰ বাবে YBY য়ে আৰম্ভ কৰা এই নতুন পদ্ধতিত হাহাকাৰ অৱস্থা ৰাজ্যৰ লাখ লাখ YBY গ্ৰাহকৰ ৷ বিশ্বনাথৰ মোনাবাৰীত YBY ৰ বিৰুদ্ধে ওলাই আহিছে প্ৰবঞ্চনাৰ বলি হোৱা বহু যুৱক। YBY ৰ প্ৰতিষ্ঠাপক অনিৰাম বসুমতাৰীক বিচাৰি গৈ নাপায় বিপদত পৰিছে গ্ৰাহকসকল৷ এতিয়া এই লোকসকলে লাভাংশ নহলেও মূলধনকে উভতাই দিবলৈ আহ্বান জনাইছে।

অসম এৰি পলাল YBY ৰ মাষ্টাৰ মাইণ্ড প্ৰাক্তন NDFB নেতা অনিৰাম বড়ো...
কল্যাণ বৰুৱা সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in