চাকৰিৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পশু চিকিৎসালয়ৰ কৰ্মচাৰী

চাকৰিৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পশু চিকিৎসালয়ৰ কৰ্মচাৰী
Published on
Updated on

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ চৰকাৰী চাকৰি দিয়াৰ নামত ঠগ-প্ৰৱঞ্চনা কৰি দৰিদ্ৰ লোকৰ পৰা ধন হৰলুকি কৰি অহা এগৰাকী পশু চিকিৎসালয়ৰ ভিএফএক সোমবাৰে ধন লোৱা অৱস্থাত আৰক্ষীয়ে হাতে লোটে কৰায়ত্ব কৰিছে। এই ঘটনা সংঘটিত হৈছে মানকাচৰৰ সুখচৰত।

প্ৰাপ্ত বাতৰিৰ মতে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ ভূতিয়াডাঙা গাঁৱৰ প্ৰয়াত কান্দু সেখৰ পুত্ৰ আমিনুল ইছলামক চৰকাৰী চাকৰি দিয়াৰ নামত সুখচৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট (ভিএফএ) ছাইফুল আলমে ২.৫০ লাখ টকা দাবী কৰে। ২.৫০ লাখ টকাৰ ভিতৰত ইতিমধ্যে দেওবাৰে আমিনুল ইছলামে ৯৫,৫০০ টকা ছাইফুলক দিয়ে ভিএফএক।

সোমবাৰে পুনৰ ৫০,৫০০ টকা আমিনুলে ছাইফুলক দিবলৈ নিজৰ ঘৰলৈ মাতে। পিছে ঘটনাৰ সন্দৰ্ভত স্থানীয় ২নং লাটৰ গাওঁ প্ৰধান ইমাদুল কৰিম ওৰফে ছেলিমে গোপন সুত্ৰৰ ভিত্তিত অৱগত হৈ সুখচৰ আৰক্ষীক খবৰ কৰে। দিনৰ প্ৰায় ২ বজাত প্ৰৱঞ্চক ছাইফুলে আমিনুল ইছলামৰ ঘৰত উপস্থিত হৈ টকা সংগ্ৰহ কৰি থকা অৱস্থাত সুখচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু টকাসহ তেওঁক কৰায়ত্ব কৰে।

ইয়াৰ পাছতেই আৰক্ষীয়ে সুখচৰ থানাত নি জেৰা চলোৱাৰ পাছত ইতিমধ্যে ছাইফুলক গ্ৰেপ্তাৰ কৰিছে। ঘটনাক লৈ ভুক্তভূগী আমিনুল ইছলামেও সুখচৰ থানাত গোচৰ ৰজু কৰিছে। উল্লেখ্য যে, দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ ময়নাবান্ধা গাঁৱৰ আনছেৰ আলীৰ পুত্ৰ ছাইফুল ইছলামে কিছুদিন পূৰ্বে সুখচৰ ৰাজ্যিক পশু চিকিৎসালয়ত ভেটেনাৰী ফিল্ড এচিছটেণ্ট হিচাপে নিযুক্তি লাভ কৰিছিল।

নিযুক্তি লাভৰ পাছত ছাইফুলে বিভিন্ন জনৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰে বুলি অভিযোগ উত্থাপন হৈছে। এগৰাকী মহিলাৰ পৰাও কেইবা লাখ টকা সুত হিচাপে লৈ টকা উভতাই নিদিয়াত অভিযোগ ছাইফুলৰ বিৰুদ্ধে। আনহাতে দেওবাৰৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে ছাইফুলে।

ইপিনে দৰিদ্ৰ পৰিয়ালৰ শিক্ষিত যুৱক-যুৱতীক টাৰ্গেট কৰি চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ছাইফুলে দেওবাৰে লোৱা টকা উদ্ধাৰৰ বাবে আৰক্ষীয়ে ছাইফুলৰ ঘৰত অভিযান চলাইছে। বাতৰি লিখা সময়ৰলৈকে উক্ত টকা উদ্ধাৰ হোৱা নাই। সমান্তৰালভাবে ধৃত ছাইফুলক মঙলবাৰে জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।

চাকৰিৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পশু চিকিৎসালয়ৰ কৰ্মচাৰী
প্ৰসাদ খাই প্ৰায় ১৮০গৰাকী লোক অসুস্থ, বিচনাৰ অভাৱত চিকিৎসালয়ৰ বাৰাণ্ডাত চলিছে ৰোগীৰ চিকিৎসা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in