বিহাৰত খহি পৰিলঃ অসমত কি হ'ব ২০০০ কোটি টকীয়া দলঙৰ?

নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই খহি পৰিল দলং। দেওবাৰে বিহাৰৰ ভাগলপুৰৰ খগড়িয়াত সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
বিহাৰত খহি পৰিলঃ অসমত কি হ'ব ২০০০ কোটি টকীয়া দলঙৰ?

ডিজিটেল ডেস্কঃ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই খহি পৰিল দলং। দেওবাৰে বিহাৰৰ ভাগলপুৰৰ খগড়িয়াত সংঘটিত হয় এই ঘটনা। আগুৱানী-চুলতানগঞ্জ ব্ৰীজ খন গংগা নদীৰ ওপৰত ১,৭১০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছিল ।

কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই প্ৰায় ২০০ মিটাৰৰ অংশ এটা খহি পৰে । এই ঘটনাৰ সমগ্ৰ দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ পূৰ্বেও ২০২২ চনত এই দলং খনৰ আন এটা অংশ খহি পৰিছিল।

দলংখন নিৰ্মাণৰ দায়িত্বত আছিল এছ পি চিংলা কনষ্ট্ৰাকচনছ প্ৰাইভেট লিমিটেড। ২০১৪ চনতেই আৰম্ভ হৈছিল দলং খনৰ নিৰ্মাণ কাৰ্য। ২০১৯ চনতেই ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও পিছত সময়সীমা বৃদ্ধি কৰা হৈছিল।

নতুনকৈ দিয়া সময়সীমাৰ ভিত্তিত ২০২৩ চনৰ নৱেম্বৰৰ ভিতৰত দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'বলগীয়া কথা আছিল। কিন্তু তাৰ আগেয়েই খহি পৰিল দলং খন।

উল্লেখ্য যে, যিটো ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে বিহাৰত এই দলংখন নিৰ্মাণ কৰি আছিল সেই কোম্পানীটোৱে উক্ত ৰাজ্যখনত প্ৰায় ৯০০০ কোটি টকাৰ প্ৰজেক্টত কাম কৰি আছে।

কেৱল ইমানেই নহয়, অসমতো কেইবাখনো দলঙৰ কাম লাভ কৰিছে কোম্পানীটোৱে। বিহাৰৰ ঘটনাৰ পাছতেই এতিয়া একাংশৰ মাজত সৃষ্টি হৈছে শংকাৰ। অসমত প্ৰায় ২,২০০ কোটি টকা ব্যয়ৰে গুৱাহাটী-উত্তৰ গুৱাহাটী দলং নিৰ্মাণ কৰিছে এই কোম্পানীটোৱে। ৬ লেনযুক্ত এই দলং খনৰ কাম সম্পূৰ্ণ হ'ব নে বিহাৰৰ দলং খনৰ দৰে খহি পৰিব সেয়া চিন্তাৰ বিষয়।

ইয়াৰোপৰি বঙাইগাঁৱৰ যোগীঘোপাত এই কোম্পানীটোৱে নিৰ্মাণ কৰি আছে আন এখন দলং। ৪০০ কোটিতকৈ অধিক টকাৰ ব্যয়ৰে এই দলং নিৰ্মাণৰ কাম হাতত লৈছে কোম্পানীটোৱে। পলাশবাৰী-শুৱালকুছী দলঙৰ দায়িত্ব অৰ্পনৰ যো-জা চৰকাৰৰ।

উল্লেখ্য যে, ইতিমধ্যে যোগীঘোপাৰ দলঙখনত দেখা দিছে বিসংগতি। গতিকে এই দলঙৰ কাম কোম্পানীটোৱে সম্পূৰ্ণ কৰিব পাৰিবনে নাই সেয়া হ'ব লক্ষণীয়। তদুপৰি সমগ্ৰ দেশতে এই কোম্পানীটোৰ কামক লৈ আছে বহু বিতৰ্ক।

Also Read: অসম পেট্ৰ' কেমিকেল ও নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত বিশ্ব পৰিৱেশ দিৱস পালন...

bihar bridge