ডিজিটেল ডেস্কঃ মৃন্ময় চৌধুৰীলৈ এনাজৰীৰ 'বিশেষ এনাজৰী বঁটা'। ১৫ অক্টোবৰ, ২০২৩ তাৰিখ ৰবিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্রেক্ষাগৃহত শিল্পী-সাহিত্যিক আৰু প্ৰশাসনীয় বিষয়াৰ সমাহাৰে এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত যুৱ সমাজকৰ্মী চৌধুৰীক এই বঁটা প্ৰদান কৰা হয়।
সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে চৌধুৰীক এই বঁটা প্ৰদান কৰা হয়। নলবাৰী জিলাৰ বালিতাৰা নিৱাসী মৃন্ময় চৌধুৰী। সমাজৰ আগৰণুৱা ব্যক্তি হিচাপে পৰিচিত মৃন্ময় চৌধুৰীয়ে সমাজৰ হকে বিভিন্ন কাম কৰি আহিছে।
পেচাত এগৰাকী জ্যেষ্ঠ অভিযন্তা মৃন্ময় চৌধুৰী। বিগত কেইবাবছৰ ধৰি তেওঁ কেৱল সামাজিক ক্ষেত্ৰখনতেই নহয়, ব্যক্তি বিশেষকো সহায় কৰি আহিছে। চাকৰিত যোগদান কৰাৰ পাছতেই চৌধুৰীয়ে সমাজৰ উন্নয়নৰ হকে বিভিন্ন দান বৰঙণি আগবঢ়াই আহিছে।এই সকলোবোৰ দিশৰ ওপৰত লক্ষ্য কৰিয়েই চৌধুৰীক এই বঁটা প্ৰদান কৰা হয়।
উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য, সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰখনক সমৃদ্ধ কৰাৰ লক্ষ্যৰে অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা 'এনাজৰী'য়ে এই ক্ষেত্ৰসমূহত নিষ্ঠা আৰু সততাৰে কাম কৰি অহা লোকসকলক উৎসাহ যোগোৱা উদ্দেশ্যে প্রতিবছৰে প্রদান কৰি আহিছে 'এনাজৰী বঁটা'। এই বৰ্ষতো বিভিন্ন ক্ষেত্ৰৰ লোকক এই বঁটা প্ৰদান কৰা হয়।
অসমীয়া সাহিত্য জগতৰ এগৰাকী অন্যতম মহীৰূহ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমালোচক ড° আনন্দ বৰমুদৈলৈ 'জীৱনজোৰ সাধনা বঁটা' আগবঢ়োৱা হৈছে। বিশিষ্ট গল্পকাৰ, সাহিত্যিক-শিক্ষাবিদ অৰূপা পটংগীয়া কলিতালৈ 'হেমচন্দ্ৰ গোস্বামী সোঁৱৰণী এনাজৰী বঁটা', অসমীয়া চলচিত্র তথা মঞ্চজগতৰ বিশিষ্ট অভিনেতা তথা পৰিচালক ব্ৰজেন বৰালৈ 'ইন্দ্ৰ বণিয়া সোঁৱৰণী এনাজৰী বঁটা', অসমৰ সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে বিশিষ্ট শিল্পী লোকনাথ গোস্বামীলৈ 'চাৰু গোহাঁই সোঁৱৰণী এনাজৰী বঁটা', বিশিষ্ট লোকশিল্পী তথা বিশ্ব নৃত্য বিশেষজ্ঞ নীলকণ্ঠ দত্তলৈ 'মহানন্দ শর্মা সোঁৱৰণী এনাজৰী বঁটা', কণ্ঠশিল্পী মধুস্মিতা ভট্টচার্যলৈ 'প্রণীত বৰুৱা সোঁৱৰণী এজনী বঁটা', সু-লেখিকা তথা অধ্যাপিকা ড০ মৰমী চৌধুৰীলৈ 'বাসন্তী দেৱী সোঁৱৰণী এনাজৰী বঁটা আগবঢ়োৱা হৈছে।
আনহাতে 'অম্বিকা নাথ ভট্টাচার্য সোঁৱৰণী এনাজৰী বঁটা' আগবঢ়োৱা হৈছে অর্থনীতিবিদ, নিবন্ধকাৰ, স্তম্ভ লেখক, শিক্ষা সংগঠক তথা যুৱ ৰাজনীতিবিদ ড° দেৱজিৎ মহন্তলৈ। অনুদৃষ্টিসম্পন্ন, সংবেদনশীল তথা তথ্যনিষ্ঠ সংবাদ সেৱাৰ এগৰাকী অতন্দ্ৰ প্ৰহৰী হিচাপে দুই দশকৰো অধিক কাল সাংবাদিকতা কৰা অসমীয়া প্ৰতিদিন কাকতৰ বাৰ্তা সম্পাদক পার্থদেৱ গোস্বামীলৈ 'বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা' আগবঢ়োৱা হৈছে।
তদুপৰি পদ্মধৰ বসুমতাৰী (বিশিষ্ট বড়ো শিল্পী), ৰৌমাৰীৰ গোপাল সেৱক ঢুলীয়া দল (পৰিচালক- ভয়নুৰ আলী), পুলক বৰ্মন (কাব্য সংগঠক) লৈ আগবঢ়োৱা হৈছে বিশেষ এনাজৰী বঁটা।
Also Read: একেখন মঞ্চতে বাক-যুদ্ধত লিপ্ত বিধায়ক আৰু যুৱ নেতা