ডিজিটেল ডেস্ক : শ্বিমলাৰ অষ্টম আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত পুনৰ জিলিকি উঠিল কুমু । চলচিত্ৰ নিৰ্মাণকাৰী তথা পৰিচালক আকাংক্ষা ভাগৱতীৰ কুমুৱে এই চলচিত্ৰ মহোৎসৱত বিচাৰকৰ বিশেষ উল্লেখ বটা লাভ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, চলিত বৰ্ষটোতে ইতিমধ্যেই কেইবাখনো চলচিত্ৰ মহোৎসৱলৈ যেনে দক্ষিণ এছিয়ান চুটি ছবি মহোৎসৱ, মহিলা চলচিত্ৰ সামগ্ৰিক প্ৰতিযোগিতা, বাংগালুৰু আন্ত:ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱলৈও নিৰ্বাচিত হৈছিল কুমু ।
চাহ বাগিছাসমূহৰ সেউজীয়াৰ মাজতেই এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে কিদৰে নিজৰ সকলো সপোন জলাঞ্জলি দিব লগীয়া হৈছিল তাৰেই মাজেৰে আগবাঢ়িছিল কুমুৰ কাহিনী ।
আৰু পঢ়ক : সদৌ অসম কৰ্মচাৰী পৰিষদৰ নতুন সমিতি গঠন…