নাৰী জাতিক অপমান কৰা পংকজ পাঠকৰ গ্ৰেপ্তাৰ কেতিয়া?

নাৰী জাতিক অপমান কৰা পংকজ পাঠকৰ গ্ৰেপ্তাৰ কেতিয়া?

author-image
asomiyapratidin
New Update
নাৰী জাতিক অপমান কৰা পংকজ পাঠকৰ গ্ৰেপ্তাৰ কেতিয়া?

তথাকথিত কবিৰাজ পংকজ পাঠকে নিজৰ প্ৰডাক্ট বিক্ৰীৰ নামত পাৰ কৰিছে সকলো সীমা। সামাজিক মাধ্যমত মহিলাৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ বাবেও কুণ্ঠাবোধ নকৰিলে পাঠকে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে বহুতে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন…

বাটৰ কচু গাত সানি ল'ব নাপায়। কিছুমান মানুহে ইয়াকে কয়। সেই স্বয়ম্ভু লোকসকলৰ ভাৱনা-চেতনাই মানুহক আঘাত কৰে। তেনে এজন স্বয়ম্ভু আচৰ্যই সামাজিক মাধ্যমযোগে প্ৰথমে নাৰীক উদ্দেশ্য কৰি অশ্লীল মন্তব্য কৰিছিল।

সেই মন্তব্য ইমানেই তৰল আছিল যে সেইবোৰ চৰ্চা কৰি তেনে লোকক প্ৰশ্ৰয় দিয়া যেন বোধ হয়। বনৌষোধৰ নামত চতুৰি কথাৰে সামাজিক মাধ্যম ব্যৱহাৰ কৰি সংবাদ মাধ্যমৰ পিঠিত উঠি উঠি ৰজা বহি ৰজা হৈ পৰা এই তথাকথিত ব্যক্তি বিশেষৰ বিৰুদ্ধে ৰাজ্যৰ থানাই থানাই গোচৰ ৰুজু কৰা হৈছে।

পূৰ্বতেও বহু কু-কীৰ্তিৰ গৰাকী এইজন পাঠক। নাৰীক ৰাজহুৱাকৈ অপমান কৰা পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতো এনে স্পৰ্শকাতৰ মন্তব্য কৰা বহুবল্কী কবিৰাজ গৰাকীক আৰক্ষীয়ে এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই সেয়াহে ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

অথচ এইখন ৰাজ্যৰ আৰক্ষীৰ ছ'চিয়েল মিডিয়াত ইমান সক্ৰিয় যে বিদ্ৰোহৰ কবিতা লিখিলেও পুলিচে ছাত্ৰীক ধৰি আনি জেলত ভৰাই থয়। পূৰ্বেও থানা গৰকা অভিজ্ঞতা থকা পংকজ পাঠক নামৰ যুৱক জনে বাতৰি পৰিৱেশন কৰাৰ বাবে এজন সাংবাদিকক মিছা অপবাদেৰে অভিযুক্ত কৰাৰ লগতে তেওঁৰ পত্নীক দেহোপজীৱিনী আখ্যা দি মুকলিকৈ মন্তব্য কৰি আছে।

সেয়ে এতিয়া সামাজিক মাধ্যমতে ব্যাপক চৰ্চা চলিছে নাৰীক সুৰক্ষা দিয়া প্ৰতিশ্ৰুতি দিয়া চৰকাৰে সমগ্ৰ নাৰী জাতিক এনেকৈ অপমান কৰাৰ পাছত কিয় আৰক্ষীৰ গা লৰা নাই। বিভিন্ন দল সংগঠনে এইজন বিতৰ্কিত পাঠকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনোৱাৰ পৰিলক্ষিত হৈছে।

পংকজ পাঠকে কি কৈছে সেই কথা আমি ক'ব বিচৰা নাই। কিন্তু পংকজ পাঠক নামৰ ব্যক্তি গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে নাৰীৰ প্ৰতি কৰা অপমান সমগ্ৰ নাৰী জাতিৰ বাবে এক চৰম আঘাত।

ৰাজ্যিক মহিলা আয়োগে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰিছে। এনেদৰে বাৰে বাৰে বিতৰ্কিত মন্তব্যৰে কোনোবা সংবাদ প্ৰতিষ্ঠানৰ খবৰৰ আধাৰ কৰি লৈ নিজৰ প্ৰডাক্টৰ বিজ্ঞাপন দিয়ে তেওঁ। বনৌষধৰ নামত অপপ্ৰচাৰ চলাই মানুহত বিপথে প্ৰায়ে পৰিচালিত কৰি সাধাৰণ লোকৰ জীৱনৰ প্ৰতিও ইমান দিনে ভাবুকি কঢ়িয়াই আনিছে এইজন পংকজ পাঠকে।

ৰাজ্যৰ স্বাস্থ্য বিভাগ, আৰক্ষী আৰু সংশ্লিষ্ট বিভাগে এই ধৰণৰ পাবত গজা তথাকথিত স্বয়ম্ভু কবিৰাজৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে? অৱিশ্বাস্য কথাৰে মানুহক পতিয়ন নিয়াবলৈ চেষ্টা কৰা, স্বাস্থ্যৰ বিধান দিয়াৰ নামত মিছা কথাৰে বজাৰ দখলৰ চেষ্টা কৰা এইজন পংকজ পাঠকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব কেতিয়া?

ইতিমধ্যে যি গৰাকী মহিলা সাংবাদিকক এনে অশ্লীল মন্তব্য কৰিছিল তেওঁ এজাহাৰ দাখিল কৰিছে। দিছপুৰ আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। ১৮ জুলাইতে এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই পংকজ পাঠকক।

আৰু পঢ়ক: মোক কাপোৰ কিনিবলৈ টকা ২ হাজাৰ লাগিছিল…

Assam police fir pankaj pathak