তেওঁলোকে দিলে আমাক স্বাধীনতা : আমি আজিও লিখিব নোৱাৰিলো শুদ্ধ ইতিহাস...

author-image
Asomiya Pratidin
New Update
তেওঁলোকে দিলে আমাক স্বাধীনতা : আমি আজিও লিখিব নোৱাৰিলো শুদ্ধ ইতিহাস...

আজি ২০ ছেপ্টেম্বৰ। ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনত আজিৰ দিনটোতে অসমত বৃটিছ বিৰোধী গণ সংগ্ৰামত অংশগ্ৰহণ কৰি বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছিল। কিন্তু এই গণসংগ্ৰামৰ আজিও প্ৰকৃত আৰু শুদ্ধ এক ইতিহাস ৰচনা কৰা নহ'ল। আজিও ভাৰতীয় ইতিহাসত উপেক্ষিত অসমৰ ছহিদসকল। দ্বিতীয় জালিৱানৱালাবাগ হিচাপে কিয় ঢেকীয়াজুলিক কোৱা হয়? ই প্ৰকৃততে শুদ্ধ নে? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

সৌ সিদিনা দেশে স্বাধীনতা প্ৰাপ্তিৰ মহাৰজত জয়ন্তী উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিলে। প্ৰধানমন্ত্ৰী মোডীৰ আহ্বানত দেশজুৰি তিনিদিনীয়াকৈ উদযাপন কৰা মহৰজত জয়ন্তীৰ কাৰ্যসূচী দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত হ'ল।

অসম চৰকাৰেও সুলভ মূল্যৰ দোকানৰ জৰিয়তে ১৮ টকাত ৰাষ্ট্ৰীয় পতাকা যোগান ধৰি তিনিদিন ধৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰপ্ৰেমৰ নিদৰ্শন দাঙি ধৰাৰ এক পৰিৱেশ গঢ়ি তুলিলে। ৰাষ্ট্ৰ প্ৰেমৰ এনে অপূৰ্ণ অন্যান্য নিদৰ্শনৰ বিপৰীতে এতিয়া একেখন চৰকাৰৰ আন কিছু কথা আৰু কামে ভাবিবলৈ বাধ্য কৰে প্ৰকৃততে স্বাধীনতা সংগ্ৰাম আৰু এই সংগ্ৰামীসকললৈ প্ৰকৃত সন্মান আগবঢ়াইছে নে?

আজি ২০ ছেপ্টেম্বৰ। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত আজিৰ দিনটোতে বৃটিছ বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰি স্বাধীনতা পিয়াসী একাংশ মহান অসমীয়াই প্ৰাণ ত্যাগ কৰিছিল। দেশৰ স্বাধীনতা লাভৰ আশাত হৈছিল ছহিদ।

গহপুৰত আজিৰ দিনটোতে বৃটিছৰ ইউনিয়ন জেক নমাই ভাৰতীয় ত্ৰিৰংগ উত্তোলন কৰিবলৈ গৈ প্ৰাণ ত্যাগ কৰিছিল কনকলতা বৰুৱা মুকুন্দ কাকতিয়ে। একেদৰে নগাঁৱত প্ৰাণ ত্যাগ কৰিছিল ভোগেশ্বৰী ফুকননীয়ে।

ভাৰতীয় ইতিহাসত অসমৰ স্বাধীনতা সংগ্ৰামে যিদৰে স্থান পাব লাগিছিল সেইদৰে আজিও পোৱা নাই। আনহে নালাগে আজি পৰ্যন্ত প্ৰকৃততে কিমানজন লোক ছহিদ হৈছিল সেই বিষয়েই শুদ্ধ তালিকা প্ৰকাশ কৰিব নোৱাৰিলে চৰকাৰে। বিশেষকৈ ঢেকীয়াজুলিত সংঘটিত হোৱা গণবিপ্লৱক লৈ আজিও অন্ত পৰা নাই বিতৰ্কৰ।

ঢেকীয়াজুলিৰ গণসংগ্ৰামক লৈ আজিও অব্যাহত আছে বিতৰ্ক। এই সম্পৰ্কে আজিও প্ৰস্তু কৰা নহ'ল সম্পূৰ্ণ শুদ্ধ এক ইতিহাস। বহুতেই আজিও ঢেকীয়াজুলিৰ গণবিপ্লৱৰ প্ৰসংগ উত্থাপন হ'লেই পঞ্জাৱৰ জালিয়ানৱালাবাগৰ প্ৰসংগ উনুকিয়াই। ঢেকীয়াজুলিক দ্বিতীয় জালিয়ানৱালাবাগ বুলি উল্লেখ কৰে।

কিন্তু ঐতিহাসিক ভাৱেই হওক বা কাৰিকৰী কাৰণতেই হওক এই কথা শুদ্ধ নহয়। কাৰণ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পূৰ্বে তাত সমবেত হোৱা লোকসকলে জনা নাছিল তেওঁলোকৰ লগত কি হ'ব। তেওঁলোকক যে বৃটিছে গুলীয়াই হত্যা কৰিব, অকথ্য নিৰ্যাতন কৰিব সেই বিষয়ে তেওঁলোকে অনুমানো কৰা নাছিল।

কিন্তু ঢেকীয়াজুলিৰ গণবিপ্লৱৰ পূৰ্বে এই বিপ্লৱত অংশগ্ৰহণ কৰা বৰগাঁও, নাহৰবাৰী মৌজাৰ হাজাৰ হাজাৰ মুক্তিকামি জনতাই জানিছিল তেওঁলোকৰ লগত কি হ'ব। নিশ্চিত বিপদৰ কথা জানিও স্বাধীনতা পিয়াসী হাজাৰ হাজাৰ লোকে হাঁহি হাঁহি স্বাধীনতাৰ শ্ল'গান আওৰাই আগবাঢ়ি গৈছিল ঢেকীয়াজুলি থানাত বৃটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগ উত্তোলনৰ বাবে।

এই গণবিপ্লৱৰ নেতৃত্ব লৈছিল সাধাৰণ কৃষক ৰাইজে। সম্ভৱতঃ বিশ্বৰ ভিতৰতে ঢেকীয়াজুলিৰ গণ বিপ্লৱেই এনে এক বিপ্লৱ য'ত নাছিল কোনো নেতা। যিসকল নেতাই এই আন্দোলনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল তেওঁলোকক ইতিমধ্যে জে'ললৈ প্ৰেৰণ কৰা হৈছিল।

বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ নিৰক্ষৰ লোকৰ স্বাধীনতাৰ প্ৰাপ্তিৰ আশাত সম্ভৱ কৰি তোলা এই আন্দোলনৰ সময়ছোৱাত একমাত্ৰ শিক্ষিত ব্যক্তিজন আছিল কমলা কান্ত দাস। আন্দোলনৰ প্ৰস্তুতিৰে ইতিমধ্যে সভা, সমিতি কৰি ফুৰা অমিয় কুমাৰ দাসকে প্ৰমুখ্যে কৰি মূল নেতা সকলক সমগ্ৰ দেশৰ কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল।

সেইদিনা ঢেকীয়াজুলিত প্ৰকৃততে কিমানজন লোকে প্ৰাণ ত্যাগ কৰিলে সেই সম্পৰ্কে নিশ্চিত তথা সঠিক তথ্য আজিলৈকে প্ৰকাশ নহ'ল। ১৩ জন মহান স্বাধীনতা পিয়াসীয়ে প্ৰাণ ত্যাগ কৰা বুলি দাবী কৰা ঢেকীয়াজুলিত প্ৰকৃততে সেইদিনা যে বহু সংখ্যক লোকে প্ৰাণ ত্যাগ কৰিছিল সেই কথা সেই দিনাৰ বিয়লি ভাগৰ পৰিৱেশেই প্ৰমাণ কৰে।

কাৰণ সেইদিনা বিয়লি ভাগত ঢেকীয়াজুলি অঞ্চলত আহিছিল প্ৰৱল ধুমুহা বৰষুণ। ইতিমধ্যে ঢেকীয়জুলি থানাত ত্ৰিৰংগ উত্তোলন কৰিবলৈ গৈ বৃটিছৰ গুলীত বুকু পাতি ল'বলগীয়া হোৱাৰ পিছতে আন্দোলনত অংশগ্ৰহণ কৰা লোকসকল ছেদেলি ভেদেলি হৈ পৰিছিল।

বৰাগাঁও আৰু নাহৰবাৰী মৌজাৰ লোকসকলে স্বগৃহলৈ ঘূৰি অহাৰ সময়ত বেলশিৰী নৈৰ পাৰত বৃটিছৰ ভাড়াতীয়া লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল লোকসকলক। তেজপুৰৰ পৰা অহা বৃটিছ সেনা বাহিনীয়েও পৰৱৰ্তী সময়ত যাকে য'তে যেনেকৈ পাই তাতেই অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

আহত বহু লোকেই সেইদিনা ঘৰলৈও ঘূৰি যাব পৰা নাছিল। প্ৰতিকুল বতৰ আৰু বৃটিছ সেনাৰ অত্যাচাৰৰ আছিল ইয়াৰ মূল কাৰণ। চৰকাৰী তথ্য মতে সেইদিনা ঢেকীয়াজুলিত ১৩ জন লোকে প্ৰাণ ত্যাগ কৰিছিল।

সেই দিনাৰ গণ আন্দোলনত প্ৰাণ ত্যাগ কৰিছিল তিলেশ্বৰী বৰুৱাই। সেই সময়ত তিলেশ্বৰীৰ বয়স আছিল ১০/১১ বছৰ। সেই অনুসৰি তেলিশ্বৰী ভাৰতীয় স্বাধীনতা সংংগ্ৰামৰ আটাইতকৈ কনিষ্ঠতম ছহিদ। কিন্তু সেই স্বীকৃতি আজিও লাভ নকৰিলে।

এইদৰেই ঢেকীয়াজুলিৰ গণ বিপ্লৱৰ বহু দিশ আনাদৃত হৈ পৰি আছে। আজিও এক শুদ্ধ আৰু সত্য ইতিহাস প্ৰকাশ নহ'ল। ইয়াতকৈ লাজৰ কথা আৰু কি হ'ব পাৰে। ঢেকীয়াজুলিৰ উপৰিও ১৯৪২ৰ গণসংগ্ৰামত গোলাঘাট, গহপুৰ, নগাওঁ, বৰপেটা আৰু গোৱালপাৰাতো বহুকেইজন লোক ছহিদ হৈছিল।

এই সম্পৰ্কীয় কোনো শুদ্ধ আৰু সঠিক তথ্য সম্বলিত গৱেষণা আজি পৰ্যন্ত হোৱা নাই। এয়া জাতিৰ বাবেই চৰম লজ্জাৰ কথা। কেৱল ১৫ আগষ্টৰ দিনটোত স্বাধীনতা প্ৰাপ্তিৰ আনন্দত মতলিয়া হৈ ছহিদক স্মৰণ কৰা, বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰিলেই অথবা নিৰ্দিষ্ট এটা দিনত প্ৰান্তে প্ৰান্তে ছহিদক স্মৰণ কৰিলেই দায়িত্ব শেষ হৈ নাযায়।

ছহিদ সকলৰ ত্যাগৰ প্ৰকৃত মূল্যায়ন হ'ব লাগিব। দেশৰ ইতিহাসত যিদৰে আন আন ছহিদৰ নাম সন্নিৱিষ্ট হৈছে, সেই বিষয়ে অধ্যয়ন কৰাৰ সুযোগ আছে ঠিক তেনেদৰে অসমৰ ছহিদৰ বিষয়েও, তেওঁলোকৰ ত্যাগৰ বিষয়েও উপলব্ধ কৰিব পাৰিব লাগিব। স্বাধীনতাৰ মহাৰজত জয়ন্তী অতিক্ৰম কৰাৰ পিছতো আজিও এইদৰে খেদ প্ৰকাশ কৰিবলগীয়া বিষয়টোৱেই প্ৰমাণ কৰে এই বিষয়বোৰক লৈ আমি কিমান দায়িত্বশীল।

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ছদিহসকলঃ

গোলাঘাটৰ কমলা মিৰি, কুশল কোঁৱৰ, গহপুৰৰ কনকলতা বৰুৱা, মুকুন্দ কাকতি, নগাঁৱৰ বলো সুত, ঠগী সুত, ভোগেশ্বৰী ফুকননী, লক্ষী হাজৰিকা, মৰিগাঁৱৰ হেমৰাম পাটৰ, কলাই কোছ, তিলক ডেকা, হেমৰাম বৰা, গুণাভিৰাম বৰদলৈ, ঢেকীয়াজুলিৰ কুমলী দেৱী, মনবৰ নাথ, খহুলী দেৱী, তিলেশ্বৰী বৰুৱা, মণিৰাম কছাৰী, ৰতন কছাৰী, লেৰেলা কছাৰী, মহিৰাম কোছ, সৰুনাথ চুতীয়া, মঙ্গল কুৰ্কু, দয়াল পানিকা, এজন অচিনাক্ত ভিক্ষাৰী, এজন সন্যাসী বৰপেটাৰ মদন চন্দ্ৰ বৰ্মন, ৰাউতৰাম কোছ আৰু গোৱালপাৰাৰ নিধানু ৰাজবংশী।

assam gohpur dhekiajuli