ঠিকেই পোহে উন্নত প্ৰজাতিৰ গাই, পুষ্টিকৰ খাদ্যৰ ব্যৱস্থাহে ৰাজ্যত নাই...

author-image
Asomiya Pratidin
New Update
ঠিকেই পোহে উন্নত প্ৰজাতিৰ গাই, পুষ্টিকৰ খাদ্যৰ ব্যৱস্থাহে ৰাজ্যত নাই...

অসমত পশু পালনৰ এক ইতিহাস আছে । প্ৰতিটো অসমীয়া পৰিয়ালে ঘৰত হাঁহ, কুকুৰা, পুখুৰীত মাছ, গোহালিত গৰু আদি আছিল । ব্যৱসায়ীক ভিত্তিত নহ'লেও এই পশুধন পালনৰ ব্যৱস্থাই অসমীয়া সমাজৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰিছিল । কিন্তু পশুপালনৰ সৈতেই জড়িত হৈ আছে আন বহু আনুসংগিক বিষয়বস্তু । পশুপালনক ব্যৱসায়ীক দৃষ্টিভংগীৰে চোৱাৰ উপৰিও ৰাজ্য চৰকাৰৰ সুদৃষ্টিৰো প্ৰয়োজনীয়তা আছে পশুপালনত । সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ প্ৰতিবেদনৰ দ্বিতীয় খণ্ড -

অসমত পশু পালনৰ বাবে বিভিন্ন চৰকাৰী আচনি ঘোষণা কৰা হয় । কিন্তু সেই আচনিবোৰে প্ৰকৃত পশুপালকক উপকৃত কৰাৰ নজিৰ খুব কমেই । গো-পালন আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত চৰকাৰে এক ব্যৱস্থা কৰিছে । সেই ব্যৱস্থা অনুসৰি, ৰাষ্ট্ৰীয় এক গো-প্ৰজনন আচনিৰ অধীনত অসমতো কৃত্ৰিম গো প্ৰজননৰ এক ব্যৱস্থা কৰা হৈছিলে । পশু চিকিৎসালয় সমূহত উন্নত প্ৰজাতিৰ বলধ ৰাখি, সেই বলধৰ শুক্ৰাণুৰ জৰিয়তে থলুৱা গাইৰ কৃত্ৰিম প্ৰজনন কৰি দুগ্ধ উৎপাদন বৃদ্ধিৰ সেই আচনি এতিয়া অতীত হ'ল । বৰঞ্চ বিদেশৰ পৰাহে এতিয়া উন্নত প্ৰজাতিৰ বলধৰ শুক্ৰাণু আমদানি কৰি কৃষকে কৃত্ৰিম প্ৰজনন কৰিব লগা হয় ।

থলুৱা গাই কৃত্ৰিম প্ৰজননৰ জৰিয়তে গাখীৰ উৎপাদন তিনি চাৰিগুণ বৃদ্ধি কৰাৰ লগতে অসমৰ জলবায়ুত সেই গাইবোৰ পুহিবলৈ সুবিধাজনক হয় । এতিয়া ৰাজ্যত দুগ্ধ উৎপাদনৰ বাবে দেশী-বিদেশী বৰ্ণসংকৰ জাতৰ গাই অনা হয় যদিও ইয়াক প্ৰতিপালনৰ বাবে যথেষ্ট ধনৰ খৰচ হয় । অসমৰ পৰিৱেশত জাৰ্চী, ফলষ্টিন আদি গাই পুহি থকা হৈছে যদিও এই গাইবোৰৰ বাবে উন্নত প্ৰজাতিৰ খাদ্য উৎপাদনৰ ব্যৱস্থা এতিয়াও হৈ উঠা নাই ।

সিন্ধী, চাহিওৱাল, গীৰ, থাৰপাৰকাৰ, কৰণ গাই আদি প্ৰজাতিৰ দেশী - বিদেশী বৰ্ণসংকৰ গাইৰ বাবে চিকিৎসা ব্যৱস্থাৰ এতিয়া বহু পশুপালকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান । পশু খাদ্যৰ ক্ষেত্ৰত গাইৰ বাবে হোৱা সমস্যাৰ কাৰণেই নেপালী বা বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বনভূমি, পাহাৰীয়া অঞ্চলত গো-শাল বোৰ পাতে । সেই পাহাৰত থকা ঝাওবন, কঠাল গছৰ পাত, খেৰ, দানা, তূহঁ আদি যোগাৰ কৰোতেই যথেষ্ট ধনৰ আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয় ।

গৰুৰ বাবে বজাৰত বিক্ৰী হোৱা দানা মাইক্ৰ'নিউট্ৰেন, মাকৈ, আদিও কিনিবলৈ পোৱা যায় । তূহঁ আৰু ঘেহুৰ বাকলি ক্ৰয় কৰিবলৈ পূৰ্বতে ৰাজসাহাজ্য দিয়াৰ এক ব্যৱস্থা আছিল কিন্তু সেই ব্যৱস্থা এতিয়া অতীত । ৰাজ্যত এটাও কেটল ফীড ইণ্ডাষ্ট্ৰী নাই । থলুৱা পশুপালকে উৎপাদন কৰা গাখীৰ বহি ৰাজ্যৰ দুগ্ধ উৎপাদন কৰা কোম্পেনীক বিক্ৰী কৰে ।

যোৰাবাটৰ নেপালী বস্তিকেই ধৰি সেই অঞ্চলটোতেই যথেষ্ট সংখ্যক গাখীৰ উৎপাদন হয় । ইয়াৰে এটা অংশ সীতাজখলা, আন এটা অংশ আমূল, পূৰৱী আদিক ব্যক্তিগত ভাৱে এই দুগ্ধপালক সকলে যোগান ধৰি আহিছে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰয়োজনীয় গাখীৰ উৎপাদন নোহোৱাৰ বাবে বহি: ৰাজ্যৰ পৰা সেই গাখীৰ আমদানি কৰা হয় । বিশেষকৈ গুজৰাটত উৎপাদিত গাখীৰ টেংকাৰত ভৰাই ৬-৭ দিনৰ পাছত অসমলৈ আনি আমূলৰ দৰে প্ৰতিষ্ঠানে বিক্ৰী কৰাৰো অভিযোগ আছে ।

চৰকাৰে পশু পালনৰ বাবে কৃষক সকলক উৎসাহিত কৰি পাহাৰীয়া মাটি লীজত দি ঘেহু, মাকৈ আদিৰ খেতি কৰাব পাৰে । এনে কৰিলে অসমত গো পালক সকলে সন্মুখীন হোৱা পশুৰ খাদ্যৰ বহুখিনি সমস্যাৰ সমাধান হ'ব ।

গৰুৰ বাবে এবিধ উল্লেখযোগ্য ঘাহঁ হ'ল ওট । এবিঘা মাটিত ১৩-১৪ কেজি বীজ সিচি এই খেতি কৰিব পাৰি । কাতি পুহ মাহত কৰা হয় ইয়াৰ খেতি । তেনেকৈ নেপিয়াৰ ঘাঁহৰ খেতি কৰিলে ১২ মাহেই গৰুৰ বাবে খাদ্য পোৱা যায় । ইয়াৰ ওপৰিও গাইমুখ, দীননাথ ঘাঁহ, লেচেৰা ঘাঁহ (ৰীণা) আহি প্ৰজাতিৰ ঘাঁহ অসমৰ পৰিৱেশত অতি সহজেই হয় । গৰুৰ বাবে অতি উত্তম ঘাঁহ হ'ল মাকৈ । ৰবি শস্যৰ কালত এই খেতি কৰা হয় ।

মাকৈৰ খেতি কৰি এফালে গোমধান উৎপাদন আৰু আনফালে ৰৈ যোৱা অংশত গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ ওপৰিও ভাল পশু খাদ্য হিচাপে ৰেচমী অৱস্থাতেই ইয়াক কাটি ব্যৱহাৰ কৰিব পাৰি । অসমৰ বাবে অনুমোদিত পশু খাদ্য হ'ল মাকৈ । অসমৰ জলবায়ুত গংগা ৫, বিজয় আদি প্ৰজাতিৰ মাকৈ খেতি ভাল হয় । মাকৈ খেতি পশু খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ আৰু ইয়াক ব্যৱসায়ীক ভিত্তিত গো পালকৰ কাষলৈ লৈ যোৱাৰ সংহত ব্যৱস্থাত কৃষি বা পশুপালন বিভাগৰ জৰিয়তে কৰাতো অতি প্ৰয়োজনীয় হৈ পৰিছে ।

অসমত পশু পালনৰ এক ইতিহাস আছে । প্ৰতিটো অসমীয়া পৰিয়ালে ঘৰত হাঁহ, কুকুৰা, পুখুৰীত মাছ, গোহালিত গৰু আদি আছিল । ব্যৱসায়ীক ভিত্তিত নহ'লেও এই পশুধন পালনৰ ব্যৱস্থাই অসমীয়া সমাজৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰিছিল । আহোম ৰাজত্ব কালত পশু পক্ষীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল । এই অঞ্চলটোত প্ৰথমখন পশু চিকিৎসালয় নৰনাৰায়ণৰ ৰাজত্ব কালত স্থাপন কৰা হৈছিল । সেইয়া ১৫০০ শতিকাৰে কথা । সেই চিকিৎসালয়ত ঘোঁৰা আৰু হাতীৰ চিকিৎসা কৰা হৈছিল । প্ৰাচীন কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ দিনতো পশু চিকিৎসাৰ বাবে উদ্যোগ লোৱা হৈছিল । হস্তীবিদ্যাৰ্ণৱ, ঘোঁৰা নিনাদ আদি গ্ৰন্থত ক্ৰমে হাতী আৰু ঘোঁৰাৰ চিকিৎসাৰ বিষদ বিৱৰণ আছে ।

বৃটিছ ৰাজত্ব কালত ১৯১২ ত ৰাজ্যত পশু চিকিৎসালয় স্থাপন কৰা হৈছিল । ১৯৪৮ চনত অসমত প্ৰথমখন পশু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল নগাঁওত । নগাঁওৰ সেই পশু চিকিৎসা মহাবিদ্যালয় অস্থায়ী ভাৱে স্থাপন কৰাত ১৯৫০ চনত সেইখন চেনিকুঠীলৈ স্থানান্তৰ কৰা হৈছিল । তাৰ পৰা স্থায়ীভাৱে ১৯৬০ চনত খানাপাৰালৈ স্থানান্তৰ কৰা হয় পশু চিকিৎসা মহাবিদ্যালয় খন ।

ৰাজ্যত এতিয়াও পশু চিকিৎসাৰ বাবে সহজে উপলব্ধ এক চিকিৎসা ব্যৱস্থা নাই । যিবোৰ পশু চিকিৎসালয় বা কেন্দ্ৰ স্থাপন কৰা হৈছিল সেইবোৰৰ অৱস্থা কাহিল । বেছি সংখ্যকেই বন্ধ হৈ থকাৰ দৰে । বহু পশু চিকিৎসকৰ পদো খালী হৈ আছে ।

এনেকৈয়ে এতিয়া তীব্ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ৰাজ্যৰ পশুপালক সকলে পশুধন প্ৰতিপালন কৰিব লগা হৈছে । এই ক্ষেত্ৰখনৰ আন কিছু দিশ উনুকীয়াই দিয়া হ'ব পৰৱৰ্তী প্ৰতিবেদনত ।

আৰু পঢ়ক : ঘৰে ঘৰে গৰু-ছাগলী,ম'হ পুহিবলৈ এৰিলে, কৃষি এৰি অসমীয়া ডেকাই কিহত ধৰিছে...

livestock