কবিতাৰ দৰেই এই জীৱন। সংগ্ৰামৰ মাজতো সৃষ্টিৰ তাড়নাৰে আকুল হৈ থকা এজন মানুহ। বহুতৰ পৰিচিত এই মানুহজনে ৰিক্সা চলাইছিল, কবিতা লিখিছিল। হঠাৎ আজি মানুহজনেই এটা কবিতা হৈ ৰৈ গ'ল। যি কবিতাৰ নাম মত্যু। এই সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন...
মানুহজনে ৰিক্সা চলাইছিল। তেওঁৰ ৰিক্সাত যি উঠিছিল কোনোৱে তেওঁক পাহৰিব পৰা নাছিল। কাৰণ আন ৰিক্সা চালকৰ দৰে তেওঁ এজন ৰিক্সা চালকেই নাছিল। ৰিক্সাত যাত্ৰীক উঠাই লৈ পেডেল ঘূৰোৱাৰ লগে লগে তেওঁৰ দুই ওঠৰ ফাঁকেৰে নিগৰিছিল চিৰসেউজ অসমীয়া গীতৰ কলি।
ভূপেন হাজৰিকা তেওঁৰ প্ৰিয় আছিল। মনে প্ৰাণে ভাল পাইছিল ভূপেন হাজৰিকাৰ গান। সেই গানবোৰো তেওঁ সুহুৰি বজাই বজাই যাত্ৰীক মনোৰঞ্জন দিয়াই নহয়, দুখ পাহৰিবলৈ হেনো তেওঁ এনেদৰে সুহুৰি বজাই ৰিক্সা চলাইছিল।
দৃষ্টি তেওঁৰ আগত। কেতিয়া গন্তব্য স্থান পায়গৈ তেওঁ গ'মেই নাপাইছিল। হোমেন বৰগোঁহাঞিক লগ পোৱাৰ তেওঁৰ ইচ্ছা আছিল। এদিন তেওঁৰ ৰিক্সাত এগৰাকী যাত্ৰী উঠিছিল। ধুনীয়া সুহুৰি বজাই যোৱা ৰিক্সা চালক জনৰ লগত যাত্ৰী গৰাকীৰ গঢ় লৈ উঠিছিল আত্মীয়তা।
ৰিক্সা চালকজনৰ বিষয়ে যাত্ৰী গৰাকী বহু কথা আৱিস্কাৰ কৰিছিল। তেওঁ কেৱল সুহুৰি বজাই গীতেই নাগায়। তেওঁ এগৰাকী ভাল কবিয়ো। তেওঁৱেই উদ্যোগ লৈ হোমেন বৰগোঁহাঞিৰ কাষ চপাই দিছিল।
হোমেন বৰগোঁহাঞিয়েই তেওঁৰ কথা-বাৰ্তাৰ অতিথি কৰি নিছিল। পাতিছিল সেই ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা কবিজনৰ সৈতে মনৰ কথা।
মোৰ কাৰণে পিতা মাতাই সহিছে দুখ/নিজৰ ভৰিত নিজেই থিয় দি পাৰিমনে দিব সুখ- এয়া তেওঁৰ কবিতাৰ ভাষা। তেওঁ লিখিছিল কবিতাৰ মাধ্যমেৰে মনৰ ভাৱ- যৌৱন পালো, চহৰ গ'লো/ ঘটিলো কিছু ধন/ সেইখিনিয়েই পিতা-মাতাৰ/ সেৱিলো দুখনি চৰণ।
ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত তেওঁৰ ব্যথিত হৈছিল। লিখিছিল কবিতা ভূপেন হাজৰিকাক লৈ। সেই কবিতা উন্মোচনৰ সময়ত কামৰূপী লোকগীতৰ সূৰত তেওঁ এটা কবিতা গাইছিল।
তেতিয়া ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী অনিল সৰকাৰে তেওঁৰ সেই কাব্য-প্ৰতিভাত মুগ্ধ হৈ ত্ৰিপুৰালৈ মাতি নিছিল। দুখনকৈ কাব্য সংকলন ৰচনা কৰিছিল তেওঁ। এজন মাটিৰ মানুহ আৰু সঁচা কবি আছিল।
তেওঁৰ কবিতাবোৰ পঢ়িলে তেওঁক বুজি পোৱা যায়। তেওঁৰ এটা উল্লেখযোগ্য কবিতা- মোৰ লক্ষ্য।তেওঁ লিখিছিল- দুখময় জীৱন মোৰ দুখৰ সীমা নাই/সৰুৰে পৰাই ডাঙৰ হলো বহুতো দুখ পায়/আনৰ সহায় পাই পঢ়িছিলো স্কুল/অকালতে স্কুল এৰি কৰিলো মহাভূল/ জন্মগুৰু-জন্মভূমি নমস্কাৰ কৰি/ মেলানি মাগিলো ভৱিষ্যতৰ চিন্তা কৰি/ বহু যত্ন কৰি সমাধান নাপালো/ আশা ৰাখি দিছপুৰত ৰিক্সাকে চলালো/অশেষ কষ্ট কৰি কিছু ধন পালো/ সেইখিনি ঘৰত দি আনন্দ লভিলো/ তেনেদৰে আজিলৈকে পৰিশ্ৰম কৰি/ ভাইটিক পঢ়া খৰচ আছো যোগান ধৰি।
কবিতা নহয় যেন তেওঁৰ জীৱনৰ কাহিনী এয়া। কেই বছৰ মান ধৰি তেওঁ ৰাজপথত ৰিক্সা চলোৱা নাছিল। ক'ত হেৰাই গ'ল তেওঁ। বহুতৰ মনত সেই প্ৰশ্ন হৈছিল। কিন্তু তেওঁক কোনোৱে দেখা পোৱা নাছিল।
১২ জানুৱাৰী ২০২৩। আহিল এটা দুখবৰ। সেই সুহুৰি বজাই ভালপোৱা মানুহজন, কবিতাৰে জীৱনৰ কাহিনী ক'ব খোজা কবিজন আৰু নাই। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছিল তেওঁ।
এনেকৈয়ে হেৰাই গ'ল এজন কবি । ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰিও সততাক বিসৰ্জন নিদিয়া, সুহুৰি বজাই দুখক খেদি পঠিওৱা বলোভদ্ৰ দাস হেৰাই গ'ল এটা কবিতাৰ দৰেই।
আৰু পঢ়ক: দোকানৰ পিছফালে পুতি থোৱা অৱস্থাত উদ্ধাৰ ৩০ টাকৈ গুলী...