স্বামী বিবেকানন্দ অসমলৈ আহিছিল। আজিৰ পৰা ১২১ বছৰ পূৰ্বে অসমলৈ আহি তেওঁ ক'ত মাতৃৰ সৈতে আলহী হৈছিল? সেই স্মৃতি বিজড়িত ঘৰটো ক'ত আছে? অসম আৰু অসমীয়াৰ আতিথ্যক লৈ লিখি স্বামী বিবেকানন্দই লিখা চিঠিখন এতিয়া কাৰ হাতত? মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ প্ৰতিবেদন।
এটা দুমহলীয়া সৰু ঘৰ। নীলাচল পাহাৰৰ একেবাৰে শীৰ্ষত আছে সেই ঘৰটো। ঘৰটোৰ বয়স ১০০ বছৰৰোঅধিক হ'ব। ঘৰটো বিশেষভাৱে বিশেষ। ঘৰটোৰ সৈতে জড়িত হৈ আছে বিশ্ব বিখ্যাত সন্যাসী স্বামী বিবেকানন্দৰ স্মৃতি।
১৯০১ চনৰ ১৭ এপ্ৰিলৰ কথা।কেইবাজনো সংগীসহ কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে আহিছিল স্বামী বিবেকানন্দ। তাৰ পাছত তেওঁ ৩ দিন কামাখ্যাত এই ঘৰটোতেই আলহী হৈ থাকিছিল। তেওঁৰ সৈতে মাতৃ ভুৱনেশ্বৰী দেৱীও আহিছিল গুৱাহাটীলৈ। তেওঁ থাকিছিল সেই ঘৰটোতে।
কলকাতাৰ পৰা ঢাকা হৈ নাৱেৰে অসমলৈ আহিছিল তেওঁলোক। বিবেকানন্দ থকা সেই ঘৰটোৰ গৰাকী আছিল লক্ষীকান্ত শৰ্মা আৰু শিৱকান্ত শৰ্মাৰ। দুয়ো আছিল কামাখ্যা মন্দিৰৰ পাণ্ডা। মাতৃসহ স্বামী বিবেকানন্দ ৩ দিন থাকি যোৱা সেই ঘৰটো এতিয়া লক্ষীকান্ত আৰু শিৱকান্ত শৰ্মাৰ পৰিয়ালৰ বংশধৰে সংৰক্ষণ কৰি ৰাখিছে।
১২১ বছৰৰো বেছি হ'ল স্বামী বিবেকানন্দ আহি থাকি যোৱাৰ। স্বামী বিবেকানন্দ স্মৃতি বিজড়িত ঘৰটোৰ কথা বহুতেই নাজানে। ঘৰটোৰ কথা আনকি কামাখ্য মন্দিৰৰ সৈতে জড়িত বেছি সংখ্যক লোকেই অৱগত নহয়।
পুৱাই কামাখ্যা মন্দিৰত উপস্থিত হৈ কেইবাজনো ব্যক্তিক সোধাৰ পাছত এজনে আঙুলিয়াই দিছিল পাহাৰৰ শীৰ্ষলৈ।কিন্তু তালৈ যাবলৈ বাট কেনি? কামাখ্যা মন্দিৰৰ মিউজিয়ামৰ কাষেৰে যোৱা সৰু বাটটোৰে পাহাৰৰ ওপৰলৈ উঠি গলো।
নিৰঞ্জন শৰ্মা। বৰ্তমান তেওঁ থাকে সেই ঘৰটোত। স্বামী বিবেকানন্দ থাকি যোৱা ঘৰটোৰ কাষতেই তেওঁলোকে আন এটা ঘৰ সাঁজি লৈছে। এবাৰ দুবাৰ নহয়, প্ৰায় ১০ বাৰ মান কলিং বেল বজোৱাৰ পাছত এগৰাকী মহিলাই ভিতৰৰ পৰা চিঞৰিলে- কাক লাগে?
সেই সময়ত তেওঁ আছিল স্নানগাৰত। আৰু কিছু সময় অপেক্ষা। অৱশেষত ওলাই আহিল মহিলা গৰাকী। যোৱাৰ উদ্দেশ্য তেওঁৰ আগত কোৱা হ'ল। তেওঁ ভিতৰলৈ পুনৰ সোমাই গৈ চাবিটো লৈ আহিল। গ্ৰীলখনৰ তলাটো খুলি দি কাঠৰ ষ্টেপ কেইটাৰে উঠি আগে আগে তেওঁ আগবাঢ়িল।
কোঠাটোৰ ভিতৰত এক আধ্যাত্মিক পৰিৱেশ। দৈনিক পৰিয়ালটোৱে তাত চাকি বন্তি জ্বলায়। মহিলাগৰাকী আছিল নিৰঞ্জন শৰ্মাৰ সহধৰ্মিনী। লক্ষীকান্ত শৰ্মা আৰু শিৱকান্ত শৰ্মাৰ বংশধৰ। সম্বন্ধত তেওঁৰ স্বামী নিৰঞ্জন শৰ্মা নাতি।
দেশ-বিদেশৰ বহুলোক তেওঁলোকৰ ঘৰলৈ আহে। কেৱল বিবেকানন্দ থাকি যোৱা সেই ঘৰটো চাবলৈ। নিৰঞ্জন শৰ্মাৰ পত্নীয়ে কৈ গৈছিল সেই ঘৰটোৰ ইতিহাস আৰু কথাবোৰ।
তেওঁলোকে এইবোৰ কথা শুনিছিল। স্বামী বিবেকানন্দ আহি তাত থাকি বৰ ভাল পাইছিল। যাবৰ সময়ত এখন প্ৰশস্তি পত্ৰ লিখি দিছিল পৰিয়ালটোক। সেয়া আছিল তেওঁলোকৰ সম্পত্তি। এবাৰ এজন বঙালী ভদ্ৰলোক কলকাতাৰ পৰা তেওঁলোকৰ ঘৰলৈ আহিছিল।
সেই পত্ৰখন দেখি তেওঁ যিকোনো মূল্যৰ বিনিময়ত সেইখন বিচাৰিছিল। পৰিয়ালৰ লোকে দিব নিবিচৰাত তেওঁ উভতি গৈ ফোনত বাৰে বাৰে সেইখন দিবলৈ অনুৰোধ জনাইছিল। বিনিময়ত যিমান ধন লাগে দিবলৈ সাজু বুলি কৈছিল।
এদিন হঠাৎ আৰক্ষী আহিছিল তেওঁলোকৰ ঘৰলৈ। সেই চিঠিখনক কেন্দ্ৰ কৰি লোকজনে এটা ভুৱা গোচৰ জাপি দিছিল। নিষ্পত্তি নোহোৱা পৰ্যন্ত চিঠিখন আৰক্ষীৰ জিম্মাত থাকিব বুলি কৈ চিঠিখন লৈ গ'ল আৰক্ষীয়ে।
তাৰ পাছত সেই চিঠিখন ক'ত আছে, কেনেকৈ আছে তেওঁলোকে নাজানে। বৰ আক্ষেপেৰে কৈ গৈছিল কথাবোৰ। কোঠাটোৰ চৌদিশলৈ চকু ফুৰাইছিলো। কাঠৰ খুঁটাবোৰ এতিয়াও মজবুট হৈয়ে আছে।
ওপৰৰ চিলিংখনৰ দুই এঠাইত খহিছে। কোঠা দুটাৰ তিনিও দিশত আছে সৰু বাৰাণ্ডা। তাৰ পৰা কামাখ্যা মন্দিৰৰ চৌপাশ বৰ সুন্দৰকৈ দেখা পোৱা যায়। বিবেকানন্দৰ দৰে বিশ্ব বিখ্যাত এগৰাকী দাৰ্শনিক, সন্যাসী থাকি যোৱা ঘৰটো কিন্তু এতিয়াও অৱহেলিত বুলিয়েই কব পাৰি।
সেই পবিত্ৰ স্থানৰ সংৰক্ষণ হোৱাতো প্ৰয়োজন। ১৮৬৩ চনৰ কলকাতাৰ এক অভিজাত পৰিয়ালত স্বামী বিবেকানন্দ জন্ম হৈছিল। চিন্তা-চেতনাৰ অন্যতম প্ৰেৰণা আছিল তেওঁৰ পিতৃ-মাতৃ।
ইশ্বৰৰ প্ৰতি তেওঁৰ আছিল তীব্ৰ অনুৰাগ। ৰাম কৃষ্ণৰ সান্নিধ্যলৈ আহি তেওঁ গ্ৰহণ কৰিছিল অদ্বৈত বেদান্তৰ শিক্ষা। তেওঁ শিকিছিল ধৰ্ময়েই সত্য আৰু মানৱ সেৱাই ঈশ্বৰৰ উপসনা।
১৮৯৩ চনত বিশ্ব ধৰ্মৰ মহাসভাত স্বামী বিবেকানন্দই হিন্দু ধৰ্মক প্ৰতিনিধিত্ব কৰিছিল। চিকাগোত তেওঁ যি ভাষণ দিছিল সেই ভাষণে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আমেৰিকা, ইংলেণ্ডত তেওঁ স্থাপন কৰিছিল বেদান্ত চছাইটি। ভাৰতলৈ ঘূৰি আহি তেওঁ ৰামকৃষ্ণ মঠ আৰু মিছন নামেৰে এক মানৱ কল্যানৰ আধ্যাত্মিক সংগঠন প্ৰতিষ্ঠা কৰিছিল।
তেওঁৰ ধৰ্মীয় দৃষ্টিকোন, যুক্তি, চিন্তা-চেতনাই মহাত্মা গান্ধী, জৱহাৰলাল নেহৰু, সুভাষচন্দ্ৰ বসু, অৰবিন্দ ঘোষ, সৰ্বৱলী ৰাধাকৃষ্ণণ আদি বিখ্যাত লোকসকলক প্ৰভান্বিত কৰিছিল। সেইজন স্বামী বিবেকানন্দ থাকি যোৱা ঘৰ আছিল সেইটো।
অৱশ্যে তেওঁ গুৱাহাটীত পাণবজাৰ ডনবস্ক গীৰ্জাৰ কাষৰ আন এটা ঘৰতো আছিল। সেই ঘৰ এতিয়া নাই। এই যাত্ৰা পথত তেওঁ ধুবুৰীতো এৰাতি থাকিছিল। ঐতিহ্যপূৰ্ণ এই ঘৰতো উপযুক্ত সংৰক্ষণ কৰাতো আমাৰ দায়িত্ব আছিল।
পৰিয়ালে যিখিনি পাৰিছে কৰিছে।আনখিনি এক সমূহীয়া উদ্যোগৰ জৰিয়তে কৰাতো প্ৰয়োজন হৈ পৰিছে। ২৫ ছেপ্টেম্বৰ ১৯৯৩ ত ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছন বেলড় মঠৰ সাধাৰণ সম্পাদক শ্ৰীমৎ স্বামী আত্মস্থাননন্দজী মহাৰাজে এই ঘৰটোৰ সংৰক্ষণ কৰাৰ স্মৃতি ফলত অনাবৰণ কৰিছিল।
তাৰ পাছত বহু সময় বাগৰিল। কাৰোৱেই এই ঘৰটোলৈ চকু নপৰিল। আনকি আমি বহুতেই নাজানো কামাখ্যাত এনে এটা ঘৰ আছে য'ত তিনিদিনৰ বাবে স্বামী বিবেকানন্দ মাতৃৰ সৈতে আহি থাকি গৈছিল। অসমৰ ৰূপ, সৌন্দৰ্যত মুগ্ধ হৈ তেওঁ এখন প্ৰশস্তি পত্ৰ লিখি গৈছিল।
চৰকাৰৰ দায়িত্ব আছে এইক্ষেত্ৰত। আৰক্ষীৰ জিম্মাত থকা সেই পত্ৰখনৰ সম্ভেদ উলিয়াব লাগে। কিয়নো সেইখিন লক্ষীকান্ত শৰ্মা আৰু শিৱকান্ত শৰ্মা নামৰ দুই ভাতৃৰ পৰিয়ালক উদ্দেশ্যি লিখিলেও তাত তেওঁলোকে অসম আৰু অসমীয়াক প্ৰতিনিধিত্ব কৰিছে। আৰু সেইখন স্বামী বিবেকানন্দই লিখা চিঠি আৰু সেই ঘৰটোত স্বামী বিবেকানন্দৰ দৰে এজন বিশ্ব বিখ্যাত সন্ন্যাসীৰ পদধূলা আছে।
ক্লিক কৰি পঢ়কঃ শ্ৰীলংকাক আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস ভাৰতৰ