বৰষা শৰ্মা
সৰ্বব্যপ্ত বিষয় ৰাজনীতি। যিটো বিষয়ৰ পৰা নিজকে বিলগ্ন কৰি ৰাখিব বিচাৰিলেও কোনো আঁতৰি থাকিব নোৱাৰে। প্ৰতিজন মানুহকে স্পৰ্শ কৰে ৰাজনীতিয়ে। আমাৰ সমাজ ব্যৱস্থা, অৰ্থনীতি আদিত এনেদৰে ৰাজনীতি সংযুক্ত হৈ আছে যাৰ ফলত পৰোক্ষভাৱে সকলোৱে ৰাজনীতিত সংযুক্ত হৈছে। কিন্তু সমাজ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এই ৰাজনীতি শব্দটোৰ প্ৰতি সৰ্বসাধাৰণৰ মাজত এক ঘৃণাৰ সৃষ্টি হৈছে।
কিন্তু আজিৰ ৰাজনীতি বহুত বেলেগ। নিজৰ স্বাৰ্থ মনোভাৱ আৰু চলে বলে কৌশলে ক্ষমতাত বৰ্তি থকাৰ নেতা সকলৰ যি প্ৰয়াস তাৰ বাবে ৰাজনীতিৰ প্ৰতি ঘৃণাৰ ভাৱ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত।যাৰ বাবে মানুহে সন্ধান কৰে বিকল্পৰ। কিন্তু সেই বিকল্পইও যেন মানুহক পুনৰ হতাশাই দিয়ে।
অসমবাসীকো কিছু পৰিমাণে হতাশা কৰিছে বিজেপিয়ে। ৰাজনীতিত দেখিবলৈ পোৱা যায় তোষামদী ৰাজনীতি, ভোটাৰক তোষামোদ কৰি ভোট আদায়ৰ ৰাজনীতি। ৰাজনীতিকে ভোটাৰৰ বেশ ভূশা ধাৰণ কৰি ভোটাৰৰ ভাষা কৈ, কৃষ্টি-সংস্কৃতিৰ অভিনয় কৰি ভোটাৰক সন্তুষ্ট কৰাৰ চেষ্টা কৰে। তাৰ বাবে প্ৰয়োজন হ'লে ৰাজনীতিকে নাছে-বাগে আৰু প্ৰয়োজন হ'লে যিকোনো কামেই কৰে।
কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিতে শ্বাহে দশম শ্ৰেণীলৈ হিন্দী বাধ্য়তামূলক হ'ব বুলি ঘোষণা কৰাৰ পাছতেই ৰাজ্যত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। অসমীয়া ভাষা স্বকীয়তা হেৰাই যাব নেকি বুলি একাংশৰ মনত শংকা থকাৰ মাজতেই নিজকে সৰ্বশ্ৰেষ্ঠ জাতীয়তাবাদী বুলি দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত পৌৰ নিৰ্বাচনী সভাত হিন্দীত ভাষণ দিয়ে।
হিন্দীত দিয়া ভাষণৰ জৰিয়তে হিন্দী ভাষাৰ উত্তৰণেৰে অসমীয়া ভষাক চেপা মাৰি ধৰা পৰিৱেশক সাৰ পানী যোগোৱাৰ নিচিনা। তেওঁ নিজকে যিমানেই জাতীয়তাবাদী বুলি নকওক কিয়ে তেওঁৰ এনে ধৰণৰ ভোটৰ ৰাজনীতিয়ে বহু কথা উদঙাই দিছে। অসমীয়া কোৱা, বুজি পোৱা লোক খিনিৰ মাজত হিন্দীত ভাষণ দি মুখ্যমন্ত্ৰী গৰাকীয়ে যেন আওপকীয়াকৈ কৈছে- আহি থকা দিনত আমি হিন্দীতে কথা পাতিব লাগিব।
বিভিন্ন ভাষা-ভাষীৰ লোক লগ হৈ অসম গঠন হৈছে। তেওঁলোকে অসমীয়া সাহিত্য-সংস্কৃতি আদি আঁকোৱালী লৈ অসমীয়া হৈছে।তেওঁলোকে অসমীয়া ভাষা নাজানে বুলি ভৱাটো ভুল। জ্যোতিপ্ৰসাদ আগৰৱালাও এগৰাকী মহান অসমীয়া। কোনো ভাষা কোৱাত বাধা নাই। সকলোৱে সকলো ভাষা কব পাৰে শিকিব পাৰে। কিন্তু মাত্ৰ ভোটৰ স্বাৰ্থত ভাষাক প্ৰাধান্য দিয়াটো কিমান যুক্তিসংগত।
ৰাজনীতি কৰিছিল মহাত্মা গান্ধীয়েও। কিন্তু সেই ৰাজনীতি আছিল পৰিৱৰ্তনৰ ৰাজনীতি, সংগ্ৰামৰ ৰাজনীতি। তাৰ পাছতেই লাহে লাহে পোখা মেলা ক্ষমতাকেন্দ্ৰীক ৰাজনীতি,পৰিয়াল কেন্দ্ৰীক ৰাজনীতিত অতিষ্ঠ হৈ পৰিছিল ৰাইজ।
পৰৱৰ্তী সময়ত অটল বিহাৰী বাজপেয়ীয়ে পুনৰ আনিছিল এক আশাৰ ৰেঁঙণি। তেওঁ কৈছিল জাতীয় অৰ্থনীতিৰ কথা, পৰিৱৰ্তনৰ কথা। তেওঁ কৈছিল স্বচ্ছতা, স্বনিৰ্ভৰশীলতাৰ কথা। যাৰ বাবে কংগ্ৰেছৰ বিকল্প হিচাপে বিজেপি দলে আৰ এছ এছৰ জৰিয়তে মানুহৰ ওচৰলৈ গৈ এক খুপনি পুতিছিল।
সেই বিজেপিয়ে অসমৰ পৰা বিদেশী খেদা আন্দোলনতো চামিল হৈছিল। বাজপেয়ীয়ে অসমৰ জাতীয়তাবাদক সন্মান জনাইছিল। কিন্তু পৰৱৰ্তী সময়ত শ্লোগান একেই থাকিল কিন্তু সলনি হ'ল দৃশ্যপট। মোডীয়েও কৈছে স্বদেশী, স্বচ্চতা, নাৰী অধিকাৰৰ কথা। মোডীয়ে কৈছে নিজৰ দেশতে সকলো উৎপাদন হ'ব লাগে, কৃষকক সৰ্বস্ব সন্মান দিব লাগে কিন্তু একে সময়তে কৃষকক পথাৰৰ পৰা নি ঘৰত সুমুৱাই উপভোক্তা আঁচনি সৃষ্টি কৰি কোঙা কৰি পেলাইছে।
বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী এসময়ত আছিল ঘোৰ কংগ্ৰেছী। তেওঁ সেই কংগ্ৰেছক বিৰোধীতা কৰি, মোডীৰ শ্লোগানেই হওক বা অন্য কাৰণতে বিজেপিত যোগ দিছিল। কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে নিজকে সৰ্বশ্ৰেষ্ঠ জাতীয়তাবাদী বুলি দাবী কৰা সেই হিমন্ত বিশ্ব শৰ্মাৰ এক বিপৰীত ছবি প্ৰতিদিনে ওলাই আহিছে।
খিলঞ্জীয়াৰ মাটি, ভেঁটি ৰক্ষা, প্ৰকৃত সুৰক্ষা, জাতীয়তাবাদৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে যেন পাহৰি পেলালে সকলো। ক্ষমতা কেন্দ্ৰীক এক তুচ্চ্য মানসিকতাৰ ৰাজনীতিৰে পৰিচালিত হৈ তেওঁ ভোটাৰক সন্তুষ্ট কৰিবলৈ গৈ হিন্দীত ভাষণ দিলে।
যদি এই ভাষণ তেওঁ দিল্লী অথবা কোনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থকা সভা নাইবা কোনো প্ৰশাসনীয় মুৰব্বীৰ সন্মিলণত দিলে হেতেন তাত আপত্তি কৰিবলগীয়া একো নাছিল। কিন্তু এই বক্তৃতা দিছে তেওঁ গুৱাহাটীৰ এনে এটা অঞ্চলত য'ত প্ৰায় ৮০ শতাংশ মানুহেই অসমীয়া সাহিত্য, সংস্কৃতিক আঁকোৱালি লৈছে। তেওঁলোককো অসমৰ থলুৱা লোকসকলে নিজৰ বুলি লৈছে।তেওঁলোকৰ ব্যৱসায়িক আধিপত্য স্বীকাৰ কৰি লৈছে।
কিন্তু মঙলবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে যেন কৰিলে আত্মসমৰ্পন। মুখ্যমন্ত্ৰীয়ে যেন আওপকীয়াকৈ ক'লে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেপাৰ কৰিবলৈ আহি শাসন চলোৱাৰ দৰে, তোমালোকে চলাব লাগিব অসম। ইয়াৰ মাজতে উল্লেখ কৰিব লাগিব যে অসমৰ বিভিন্ন ঠাইৰ কৃষিভূমি ইতিমধ্যে উদ্যোগ স্থাপনৰ বাবে দিয়া হৈছে।
কিছুদিন পূৰ্বে অমিত শ্বাহে কৰা ঘোষণাৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে হিন্দীত ভাষণ দিয়াই যেন এক বেলেগ বাৰ্তা প্ৰেৰণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিচক্ষণ,অধ্যয়ণশীল, বুদ্ধিমত্তা সম্পন্ন মুখ্যমন্ত্ৰী গৰাকীৰ মুখেৰে এনে ভাষণ ওলোৱাটো বাৰুকৈয়ে দুৰ্ভাগ্যজনক।