মৃদুল কুমাৰ সন্দিকৈ
প্ৰতিষ্ঠাৰ দৌৰত একোৱেই বাধা হ'ব নোৱাৰে। যদি আগ্ৰহ আৰু নিষ্ঠাপূৰ্ণ ইচ্ছা থাকে তেন্তে সেই অনুসৰি কৰা পৰিশ্ৰমে সফলতা বুটলি আনে। এই কাহিনী বহু দূৰৈৰ নহয়।চকুৰ সন্মুখৰ এজন মানুহৰ কাহিনী। তেওঁৰ পৰিচয় দিব খোজা নাই। কিন্তু ক'ব খুজিছো তেওঁৰ কাহিনী। মানুহজনৰ পৰিচয়তকৈ তেওঁৰ জীৱন সংগ্ৰামৰ এই কাহিনী হ'ব পাৰে কাৰোবাৰ বাবে প্ৰেৰণাদায়ক।
একো নাই বুলি হাহাকাৰ কৰি ফুৰা বহুতৰ বাবে ই হ'ব পাৰে মকৰধ্বজ। হঠাৎ মানুহজনক ৰাজপথত লগ পাইছিলো। আকস্মিক আছিল আমাৰ এই সাক্ষাৎ। মুখত সেই স্মিত হাঁহি। চিন্তাক্লিষ্ট মুখখনত অলপ হ'লেও সন্তুষ্টিৰ ৰেঙণি দেখা পাইছিলো।
এসময়ত তেওঁ ভীষণ ব্যস্ত আছিল।চুবুৰীয়া এখন ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ ব্যক্তিগত সহায়ক হিচাপে কাম কৰিছিল। ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই হেনো তেওঁ আছিল সক্ৰিয়।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ বহু চিনাকী মানুহ। শুভাকাংশীৰ মৰমে তেওঁক আজি ধৰি ৰাখিছে। মানুহজনৰ কাহিনী কোনো গল্প-উপন্যাসৰ কাহিনীতকৈ কম নহয়। ৰাজনীতিত ভাল দিন সদায় নাথাকে।
যিজন মন্ত্ৰীৰ সৈতে তেওঁ আছিল তেওঁৰো ভাল দিন উকলিল। গুচি আহিল সেই চুবুৰীয়া ৰাজ্যৰ পৰা গুৱাহাটীলৈ। আৰম্ভ হ'ল তেতিয়াহে জীৱনৰ আচল সংগ্ৰাম।সেই সংগ্ৰামৰ মাজে মাজে জীৱন জিনা আখৰা তেওঁ কৰি গ'ল।
সকলো ঠিকেই নাছিল। তাৰ মাজে মাজে আহিছিল বহু বেয়া খবৰ। কিন্তু তেওঁ এটা লক্ষ্য লৈছিল সেই লক্ষ্যটো আছিল তেওঁৰ ৩ সন্তানক মানুহৰূপে গঢ়িবৰ বাবে যি পৰিশ্ৰম কৰিব লাগে কৰিব।
ডাঙৰ ছোৱালীয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিলে। সেই ব্যয় বহুল খৰচ কৰিবলৈ তেওঁৰ হাতত ধন ক'ত? তথাপি তেওঁ পিছ হুহুকি নাহিল। কেতিয়াবা তেওঁ গাড়ীৰ চালকৰ আসনত বহে। ড্ৰাইভাৰ ঠিক নহয় কিন্তু সেই কামকে কৰে।
তেওঁক ভালপোৱা মানুহবোৰে সেই সুযোগ দিয়ে। লৈ যায় তেওঁক। উদ্দেশ্য তেওঁ এই অভাৱ অনাতনৰ মাজত এনেকৈয়ে যদি তেওঁক কিছু সকাহ দিব পাৰি তেনে সেয়াও জানো সহায় নহয়।
মাজু পুত্ৰ পঢ়াত খুবেই ভাল। মেট্ৰিকত অসমৰ ভিতৰত স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল। আকৌ বোজা। ভাল লগা বোজা এয়া। ডাঙৰ কন্যা এমবিবিএছৰ ছাত্ৰী হৈ থকাৰ সময়তে মাজু পুত্ৰইয়ো লাভ কৰিলে মেডিকেল পঢ়াৰ সুযোগ।
বহু অভিভাৱকৰ বাবে সেয়া সপোন। কিন্তু তেওঁৰ বাবে এয়াই বাস্তৱ।দুই এজনে সহায় কৰিলে। মাজু পুত্ৰ এতিয়াও মেডিকেল কলেজৰ ছাত্ৰ হৈয়ে আছে। ইফালৰ পৰা সিফাললৈ টনা-টনি কৰি দুই সন্তানক এমবিবিএছ পঢ়াই থকাৰ মাজতে আহিছিল দুখৰ খবৰ।
যাক ভগৱানে দুখ দিয়ে তেওঁক সুখৰ আধা দি আকৌ যেন দুখেই জাপি দিয়ে। এয়াও এখ জীৱনৰ অগ্নি পৰীক্ষা। মানুহজনৰ পত্নীৰ দেহত ধৰা পৰিল কেন্সাৰ। মানি লোৱাৰ বাদে তেওঁ কৰিব পাৰে কি?
জীৱনক লৈ যুঁজিব খোজা মানুহজনে যুঁজি আছে, যুঁজি যাব। পত্নীৰ দেহত কেন্সাৰ ধৰা পৰাত বিলম্ব হ'ল। তথাপিও তাৰ মাজে মাজে চলিল চিকিৎসা। আজি ভাল কালি বেয়া। তথাপিও জীৱনক লৈ তেওঁৰ যে ক'ত আশা।
সৰু পুত্ৰইও সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ল। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম পঢ়াৰ ইচ্ছা তেওঁৰো। চলাই আছে ঘৰতে প্ৰস্তুতি। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ নাপালে তেওঁৰ এখন ভাল বিশ্ববিদ্যালয়ত পঢ়াৰ ইচ্ছা।
সেইদিনা তেওঁ ওলাই আহিছিল। সাধাৰণতে তেওঁ ওলাই আহিব নোৱাৰে। পত্নীৰ কাষত কোনোবা এটা মানুহ থাকিব লাগে। সৰু পুত্ৰ ঘৰত থকা সূত্ৰে তেওঁ ওলাই আহিছে। মানুহজনৰ কথা বতৰাত কোনো বিৰাগ ভাৱ নাই।
ইমান সমস্যাবহুল জীৱনৰ মাজতো তেওঁৰ মুখত হাঁহি বিৰিঙিছে পুত্ৰ-কন্যাৰ সফলতাৰ বাবে। পিতৃ হিচাপে তেওঁ সফল। সেই সুখ ভগৱানে তেওঁক দিছে। পুত্ৰ কন্যাই তেওঁক বুজে।
কোনো দিনেই জীৱনৰ এই আৰ্থিক অনাতনৰ বাবে কোনো প্ৰশ্ন কৰা নাই তেওঁলোকে। যি পাইছে তাতেই তেওঁলোক সন্তুষ্ট। পৰিস্থিতিৰ সৈতে খাপ খুৱাই জীৱনক গঢ়িবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু সফল হৈছে।
সন্তানৰ এনে সুখে দি যায় প্ৰাপ্তিৰ সোৱাদ। কিমান আশা আৰু সপোন থাকে সন্তানক লৈ। আৰ্থিক সমস্যা হেঙাৰ হ'ব নোৱাৰে। মানুহজনৰ এই জীৱন কাহিনী হয়তো খুলি ক'ব পৰা হ'লে ভাল লাগিলহেতেন। কিন্তু মেজাজী মানুহজনৰ স্বাভিমানত আঘাত হানিব বুলি এক ভয়ে সকলো কথা খুলি কোৱাৰ সাহস নিদিলে।
বহুতেই তেওঁক চিনি পায়। জানে তেওঁৰ কথা। এই জীৱন পৰিক্ৰমাত ক'ত যে সুখ দুখৰ কথা। কিন্তু সকলোৱে তেওঁৱেই জীৱন জিনাৰ প্ৰয়াসক শ্ৰদ্ধা কৰে। পুত্ৰ কন্যাক মানুহ কৰি গঢ়াৰ বাবে তেওঁৰ এই সফল প্ৰচেষ্টা বহুতৰ বাবে প্ৰেৰণাদায়ক হ'ব।
কন্যাই এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ইন্টাৰশ্বিপ কৰিব। কেইটামান টকা উপাৰ্জন হ'ব। সেয়াও তেওঁৰ বাবে ডাঙৰ খবৰ। কিয়নো প্ৰতিটো পইচাৰ মূল্য তেওঁৰ বাবে বহুত। অলপ হ'লেও কন্যাই সকাহ দিব।
জীৱনৰ যে ক'ত হিচাপ-নিকাচ? কিমান যে অপেক্ষা ভাল লগা মুহুৰ্তবোৰৰ বাবে। তেওঁৰ কাষত থিয় হৈ আছে বহু মানুহ। তথাপিও তেওঁ ভাৱে সেই সকলৰ কথা, যি সকলে সঁচা অৰ্থত তেওঁৰ কাষত আছিল।
জটিল এই সময়খিনিত বিভিন্ন ধৰণে সহায় কৰিছিল। সেই মানৱতাৰ মাজতেই লুকাই আছিল প্ৰত্যাহ্বানক নেওচিব পৰা তীব্ৰ আস্থাপূৰ্ণ হাবিয়াস। চলিহা দা, বহুতেই মাতে তেওঁক আৰু তেওঁক দেখিলেই কয় বৰ কষ্ট কৰি লৰা-ছোৱালী কেইটাক মানুহ কৰি গঢ়িলে তথাপিও আঁঠু নল'লে।
আৰু পঢ়ক: ক'ভিড শংকা