যি ক’ব, সেয়াই হ’ব: এনেকৈ ৰাজ্য কেনেকৈ চলিব…

যি ক’ব, সেয়াই হ’ব: এনেকৈ ৰাজ্য কেনেকৈ চলিব…

author-image
asomiyapratidin
New Update
যি ক’ব, সেয়াই হ’ব: এনেকৈ ৰাজ্য কেনেকৈ চলিব…

মৃদুল কুমাৰ সন্দিকৈ

মহম্মদ বিন টোঘলকে শাসন কৰা সময়ত বহু পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু তাৰ এটাও সিদ্ধান্ত বা পৰিকল্পনা সফল হোৱা নাছিল।গিয়াচুদ্দিন টোঘলকৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ মহম্মদ বিন টোঘলকে ১৩২৫ খ্ৰী.পৰা ১৩৫১ খ্ৰী. লৈ শাসন কৰিছিল।

ভাৰতৰ ইতিহাসৰ এজন অতি উচ্চ মৰ্যদাসম্পন্ন বাদছাহ আছিল মহম্মদ বিন টোঘলক। তেওঁ আছিল স্বচ্ছ জ্ঞান অন্বেষণকাৰী আৰু ৰাজনৈতিক বৈপ্লৱীক চিন্তাৰে পুষ্ট। তেওঁৰ চিন্তা চেতনা আছিল পৰিৱৰ্তনকামী। কোৰাণ আছিল তেওঁৰ মুখস্থ। এজন বাদছাহ হিচাপে তেওঁ সকলোবোৰ গুণৰ সমাহাৰ আছিল।

এই গৰাকী মহমম্দ বিন টোঘলক কিন্তু ইতিহাসে অন্য ধৰণে মনত ৰাখে এতিয়া। তেওঁ আছিল খেয়ালী, কেৱল নিজৰ সিদ্ধান্তত অটল আৰু নিজকে সৰ্বোত্তম বুলি ভৱা এজন বাদছাহ।সেয়েহে তেওঁ লোৱা সিদ্ধান্ত সমূহ প্ৰজাৰ কল্যানৰ সলনি বা দেশৰ প্ৰগতিৰ বিপৰীতে এক বোজা হৈ পৰিছিল।

বহুবোৰ সিদ্ধান্ত কেৱল তেওঁ খেয়ালী স্বভাৱৰ বাবে লৈছিল।দেৱগিৰীলৈ ৰাজধানী স্থানান্তৰকৰণ তেওঁ দৃষ্টিত সঠিক সিদ্ধান্ত বুলি ভাৱিলেও সেয়া হৈ পৰিছিল এটা অতি ল'ৰামতীয়া সিদ্ধান্ত।

এনে বহুবোৰ কাৰণত মহম্মদ বিন টোঘলকৰ শাসনকালত সংঘটিত ঘটনা প্ৰৱাহে তেওঁক এক হাস্যকৰ চৰিত্ৰৰ ৰূপত প্ৰতিষ্ঠা কৰিলে। এজন প্ৰতিভাশালী শাসক হ'ব পৰা সকলো দক্ষতা আছিল টোঘলকৰ। পাণ্ডিত্য, অতুলনীয় দান দিব পৰা প্ৰৱণতা, দৰ্শন ,গণিতত পাণ্ডিত্য সকলো থকাৰ পাছতো এইগৰাকী বাদছাহে টোঘলক বংশৰ নাম উজ্বলাব নোৱাৰিলে।

তামৰ মুদ্ৰা প্ৰচলন টোঘলকৰ আন এক ভুল সিদ্ধান্ত আছিল। তেওঁৰ আচল নাম আছিল জুন্না খান। ২৬ বছৰ শাসন কৰা টোঘলকে দেৱগিৰীত ৰাজধানী স্থাপন, প্ৰতীক মুদ্ৰা প্ৰচলনৰ যিবোৰ কাম সংস্কাৰৰ বাবে কৰা বুলি ভাৱিছিল সেই কামবোৰে তেওঁক বদনামীহে কৰিছিল।

যুদ্ধৰ বাবে বিশাল বাহিনী গঢ়ি তুলি ডেৰ বছৰ ধৰি তেওঁ অভিযান আৰম্ভ নকৰি এই বিশাল বাহিনীক পোহপাল দি ৰাখিছল। প্ৰথম অৱস্থাত মহম্মদ বিন টোঘলকৰ সিদ্ধান্ত দেশৰ প্ৰজাই সঠিক বুলি ভাৱিলেও পিছৰ ফাললৈ এয়া যে এক চমকৰ বাদে আন একো নহয় এই কথা বুজি উঠিছিল।

এতিয়াও আমি টোঘলকৰ নাম ব্যৱহাৰ কৰো। কৰিব নলগা কাম কৰা সকলক সমালোচনা কৰিবলৈ অসমীয়া ভাষাটো এটা বাক্যাংশ ব্যৱহাৰ কৰা হয়।যেনে- আধাতে বন্ধ কৰিলে পৰীক্ষা: বিশ্ব বিদ্যালয়ৰ টোঘলকী কাণ্ড।

ওপৰত উল্লেখ কৰা কথাখিনিৰ সৈতে তলত ক'ব বিচৰা কথাখিনিৰ কোনো প্ৰত্যক্ষ সংযোগ নাই। কিন্তু কোনোবাই সেই কথাখিনিৰ আধাৰত তলৰ কথাখিনিও বিচাৰ কৰিলে তাত যেন টোঘলকৰ দৰে এজন শাসকৰ উপস্থিতি উমান পাব পাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু ভাল সিদ্ধান্ত লৈছে। যাৰ বাবে তেওঁ প্ৰশংসাৰ যোগ্য। ৰাজ্যৰ প্ৰশাসন যন্ত্ৰক ক্ষীপ্ৰ আৰু জনমুখী কৰি তুলিবলৈ আৰু জনসাধাৰণৰ স্বাৰ্থত তেওঁ বহুবোৰ নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰিছে।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিষয়া কৰ্মচাৰী সকলক নাকী লগাবলৈ এক ডাঙৰ ঘোষণা কৰিলে। সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে ক'লে যিখন জিলাত বিষয়া কৰ্মচাৰী সকল কৰ্মৰত তেওঁলোক সংশ্লিষ্ট জিলাতেই বাস কৰিব লাগিব। কোনো কাৰণত নিৰ্দিষ্ট জিলা এৰিলে উপায়ুক্তৰ পৰা অনুমতি ল'ব লাগিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাও ক'লে যে কোনোবাই যদি মঙলদৈত চাকৰি কৰি সন্ধিয়া গুৱাহাটীত বজাৰ কৰি থাকে আৰু ইয়াৰ ভিডিঅ' পালে তেওঁক সেই ভিডিঅ'ৰ আধাৰতেই নিলম্বন কৰা হ'ব।

কৰ্ম সংস্কৃতিৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এয়া এক যুগান্তকাৰী সিদ্ধান্ত। কোনো কাৰণতেই জিলাৰ সদৰ এৰিব নোৱাৰিব বিষয়া কৰ্মচাৰীয়ে।বহু বিষয়া কৰ্মচাৰী থাকে যি সকলে চাকৰি কৰি থকা স্থানত নাথাকে। সেয়ে মুখ্যমন্ত্ৰীৰ আহ্বান য'ত চাকৰি কৰে তাতেই থাকক।

কোনো এজন লোকে যদি আমিনগাঁৱত চাকৰি কৰে তেনেহ'লে তেওঁ কামৰূপ জিলাতেই থাকিব লাগিব। চৰকাৰৰ শেহতীয়া নিৰ্দেশ অনুসৰি তেওঁ গুৱাহাটীৰ বাসগৃহলৈ উভতিব নোৱাৰিব।

কৰ্ম সংস্কৃতিৰ প্ৰতি কৰ্মচাৰী সকলৰ অৱজ্ঞা মন কৰিবলগীয়া। কিন্তু এই সমস্যা কেৱল এই ধৰণৰ সিদ্ধান্তৰেই সমাধান কৰিব পৰা যাবনে। সংশ্লিষ্ট জিলাত থাকিলেই তেওঁ যে কাম কৰিব সেই নিশ্চিয়তা কোনে দিব।

মুখ্যমন্ত্ৰীৰ এনে ঘোষণাৰ পাছতেই মৰিগাঁও জিলা উপায়ুক্তই এক নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশত কোৱা হৈছে যে উপায়ুক্তৰ অনুমতি অৱিহনে কোনো বিষয়া কৰ্মচাৰীয়ে জিলা সদৰ এৰিব নোৱাৰিব।

চৰকাৰী বিষয়া কৰ্মচাৰীৰো কাম কৰাৰ এটা নিৰ্দিষ্ট সময় থাকে। সেই সময়খিনি ভালকৈ কাম কৰিলেই যথেষ্ঠ। উদাহৰণ স্বৰুপে এজন শিক্ষকে কেইবজাত স্কুললৈ যাব লাগিব আৰু কেইবজাত স্কুল ছুটী হ'ব তাৰ নিৰ্ধাৰিত সময় আছে। এই সময়খিনিৰ বাদে আন সময়খিনি তেওঁৰ ব্যক্তিগত সময়। সেই সময়ত তেওঁ ক'ত থাকে সেয়া তেওঁৰ ব্যক্তিগত বিষয়। অৱশ্যে কিছু জৰুৰী বিভাগৰ কথা সুকীয়া।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল ভাৱিয়ে এনে পদক্ষেপৰ কথা ঘোষণা কৰিছে। কিন্তু সেই ভাল কাম কৰাৰ যি পদ্ধতি সেয়া কৰবাত ভুল হৈছে নেকি সেইটোহে আলোচ্য বিষয়। এইটো কোৱা নাই যে চৰকাৰী কৰ্মচাৰীক চৰকাৰে ধিলাই দিব লাগে। কিন্তু ব্যক্তিগত সময়খিনি আৰু এনে নিৰ্দেশ কিমান ব্যৱহাৰিকভাৱে প্ৰযোজ্য হ'ব এই কথা চিন্তনীয়।

গাঁৱত বহু ভাল খেতিয়ক থাকে। সেই খেতিয়ক সকলে ভালদৰে মাটি চহাব জানে। তেওঁলোকে কষ্ট কৰে। কিন্তু দ' মাটিত যদি বাও ধানৰ খেতি নকৰি জহা ধানৰ খেতি কৰিবলৈ যায় তাৰ পৰা ফল নোপোৱাতোৱেই স্বাভাৱিক। এনেদৰে কেৱল পৰিশ্ৰম আৰু ঘোষণাৰে কোনো ফলাফল দিব নোৱাৰা সিদ্ধান্ত সেই দ' মাটিত জহা ধানৰ খেতি কৰা খেতিয়ক জনৰ দৰে নহয়নে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কৰাৰ এটা মন আছে সেয়া বুজো। কিন্তু তেওঁৰ সিদ্ধান্তবোৰ আৰু কেবিনেট পাতি লোৱা ঘোষণাবোৰ এতিয়া যেন কেৱল কেইটামান দিনৰ বাবে ভাললগা ঘোষণা হৈয়ে ৰৈ গৈছে।

ৰাজ্যত আন মন্ত্ৰী সকলৰ এতিয়া অস্তিত্বই নাই। মুখ্যমন্ত্ৰীয়ে যি ভাৱে সেয়াই এতিয়া কৰে।চান্দা তুলা বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিহু প্ৰথম ৭ দিনতেই পাতিব লাগিব আৰু বিহু কমিটিলৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছিল। তাৰ ফল কি হ'ল। মুখ্যমন্ত্ৰীয়ে শেষত নিজেই ক'ব লগা হ'ল বিহু কেতিয়া পাতে, দিনত পাতে ৰাতি পাতে সেয়া ৰাইজে সিদ্ধান্ত লৈ পাতিব।

এনে বহুবোৰ উদাহৰণ আছে যিবোৰ উদাহৰণে এতিয়া মহম্মদ বিন টোঘলকৰ কথা মনত পেলাই দিয়ে। যি ইচ্ছা তাকেই কৰিলে জানো দেশ চলে।দেশ চলিবলৈ নিৰ্দেষ্ট নীতি লাগে।

চানক্যৰ সৈতে তুলনা কৰা হৈছিল মুখ্যমন্ত্ৰীক। কিন্তু শাসকৰ শাৰীলৈ উঠি সকলো থাকিও পূৰ্বৰ দৰে তেওঁ সেই দক্ষতা বিকাশ কৰি এজন সুদক্ষ শাসক হোৱা সুযোগ গ্ৰহণ কৰিব পৰা নাই।

দম্ভ,অহংকাৰ আৰু কেৱল মই মনোভাৱেৰে যি কৰিছে তাত সামগ্ৰীক বিকাশ আৰু কল্যানৰ বিপৰীতে প্ৰদৰ্শন ধৰ্মীতাৰ ভাৱহে ফুটি উঠিছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সকলে এইবোৰ কথা বাৰু তেওঁক কেতিয়াবা কয় নে নকয় । আন নালাগে মুখ্যমন্ত্ৰী গৰাকীয়েও তেওঁক লৈ হোমেন বৰগোহাঞিয়ে কৈ যোৱা কথা কেইষাৰ ব্যস্ততাৰ মাজত এবাৰ মনত পেলালে বুজি পাব তেওঁ কি কৰি আছে।

assam himanta biswa sarma bjp govt job