হে নেতা, কিমান চোলা পিন্ধা আৰু খোলা?

হে নেতা, কিমান চোলা পিন্ধা আৰু খোলা?

author-image
asomiyapratidin
New Update
হে নেতা,  কিমান চোলা পিন্ধা আৰু খোলা?

মৃদুল কুমাৰ সন্দিকৈ

ৰাজনীতিত হেনো নেতাৰ স্থায়ী ঠিকনা নাথাকে। নাথাকে নেতা সকলৰ নিৰ্দিষ্ট নীতি-আদৰ্শ। য'তেই ৰাতি ত'তেই কাটি কৰিব পৰাকৈ আমাৰ নেতা সকলে নিজক সাজু কৰি ৰাখে। ক্ষমতা বা বিষয়বাব নাপালে সৰু ল'ৰা-ছোৱালী নাৰাজ হোৱাৰ দৰেই নেতাও নাৰাজ হয়।

ডাঙৰ ডাঙৰ ভাষণ দিলেও মেৰুদণ্ডহীন এনে নেতাৰ স্বৰূপ সময়ত ওলাই পৰে। নিজকে নীতি-আদৰ্শত চলা বুলি ধাৰাপাত লিখিলেও এই সকল নেতাৰ কৰ্মকাণ্ডই ৰাজনীতিৰ নামত নেতাই কি কৰে সেয়া ইতিমধ্যে উদঙাই দিছে। এইবাৰ নেতাৰ ক্ষোভৰ বেমাৰ দেখা দিছে ৰাইজৰ দলত।

এদিন অখিল গগৈৰ সৈতে সংগ্ৰামী আন্দোলনৰ পাতনিৰে এক বিশেষ পৰিচয় লাভ কৰা তেনে এজন নেতাৰে মোহভংগ হৈছে। ৰাইজৰ দল গঠনৰ সময়ত দলটোৰ সৈতে পৰম উৎসাহেৰে থাকিম বুলি কোৱা সেই নেতাই দলটোৰ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সামাজিক মাধ্যমত বহু কথা লিখিছে।

তেওঁৰ কথাৰ যুক্তি আৰু সেইবোৰৰ বিশ্বাসযোগ্যতা বিচাৰ কৰাৰ পূৰ্বে এই সকল নেতাৰ পূৰ্বৰ ৰাজনৈতিক কুণ্ডলীখনো সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজন। যি কাৰণতেই নহওক ৰাইজৰ দলৰ গুৰুত্বপূৰ্ণ বিষয়বাব এৰি যি গৰাকী নেতাই ১২ এপ্ৰিল ২০২২ তেই পদত্যাগ পত্ৰ দাখিল কৰিছিল তেওঁৰ সামাজিক মাধ্যমত দিয়া এক বাৰ্তাত উল্লেখ কৰিছে যে দলটোৰ ওপৰত নেতিবাচক প্ৰভাৱ নপৰাৰ বাবে তেওঁ মনে মনে পদত্যাগ পত্ৰ দি আঁতৰি দিয়াৰ সিদ্ধান্ত লৈছিল।

ৰাইজৰ দলৰ কেন্দ্ৰীয় কৰ্ণধাৰে তেওঁৰ পদত্যাদ পত্ৰ গ্ৰহণ নকৰি অখিল গগৈৰ নেতৃত্বাধীন কৰ্ণধাৰ কমিটিখনে তেওঁৰ ঘৰলৈ আহিছিল। ৰাইজৰ দলে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ প্ৰস্তাৱটো জনাই পিছদিনা অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিষয়ববীয়া সভাত উপস্থিত থাকিবলৈ অনুৰোধ কৰিছিল।

বিষয়ববীয়া সভাতেই হেনো এই ৰাইজৰ দলৰ সদ্য পদত্যাগী নেতা জনৰ বিৰুদ্ধে বিতৰ্ক আৰম্ভ হৈছিল। কোনো কোনোৱে সেই সভাতেই তেওঁক বিজেপিৰ এজেন্টো আখ্যা দিছিল। এয়াই যদি নেতাৰ নমুনা হয় তেনেহ'লে আমি নতুন প্ৰজন্মৰ ৰাজনীতিবিদ বুলি ভৱা নেতা সকলৰ অৱস্থা নিজ দলতেই কেনেকুৱা সেয়া এবাৰ কল্পনা কৰক।

সদ্য পদত্যাগী নেতা জনে তেওঁক বিজেপিৰ এজেন্ট বুলি কোৱা ৰাইজৰ দলৰ আনজন বিষয়ববীয়াক হেনো সেইখন সভাতেই উভতি ধৰিছিল। তেওঁ কৈছিল তেওঁ যদি বিজেপিৰ এজেন্ট হ'ব পাৰে তেনেহ'লে এইদৰে এই অভিযোগ অনা ৰাইজৰ দলৰ বিষয়ববীয়া জনো এআইইউডিএফ বা আল-কায়দাৰ এজেন্ট।

নিজ দলৰ মজিয়াতেই চাওকচোন বিতৰ্কৰ নমুনা। এনে নেতাৰে কেনেকৈ আপুনি আশা কৰিব পাৰে বিৰোধী শক্তিশালী ৰাজনীতিৰ কথা। চৌদিশে কেৱল সুবিধাবাদী আৰু ক্ষমতালিপ্সু নেতাৰ পয়োভৰ নেকি? তেওঁলোকৰ সেৱাপূৰ্ণ মনোভাৱৰ বিপৰীতে নিজকে শ্ৰেষ্ঠৰূপে প্ৰতিষ্ঠা কৰা অহংকাৰৰ দৌৰত ব্যস্ত হৈ পৰিছে।

ৰিপুন বৰাই কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছত দিল্লীত সংবাদমেল পাতি ঘোষণা কৰিছে কংগ্ৰেছৰ ভিতৰচৰাত সংঘটিত অন্তৰ্কন্দলৰ কথা। সৌ সেইদিনালৈকে কংগ্ৰেছী হৈ থকা ৰিপুন বৰাৰ বাবে এতিয়া কংগ্ৰেছ এলাগী আৰু বদনামী।

ৰাজ্যসভা নিৰ্বাচনত ৰিপুন বৰা কেনেবাকৈ জিকা হ'লে তেওঁ কংগ্ৰেছীয়েই হৈ নাথাকিল হেতেন নে? তৃণমূল কংগ্ৰেছলৈ আৰু বহু নেতা যাব বুলি কোৱা ৰিপুন বৰা অভিযোগৰ প্ৰতি ৰকিবুল হুচেইনৰ মন্তব্য তাৎপৰ্যপূৰ্ণ। ৮০ শতাংশ ৰিপুন বৰাৰ অভিযোগ সঁচা বুলি হুচেইনে এনেই কৈছেনে নে আন এজন নেতাৰ দলবাগৰাৰ খবৰ আহি আছে কিছু পিছত।

আজি কংগ্ৰেছী বুলি পৰিচয় দিয়া কোনো নেতাই হাতীৰ পিঠিত উঠিলে গৈ আচৰিত হ'ব লগা একো নাথাকিব। একেদৰে ৰাইজৰ দলৰ পৰা বিদায় লোৱা নেতাই কোনো ৰাজনৈতিক দলত অংশগ্ৰহণ নকৰো বুলি কৈয়ো আম আদমী পাৰ্টি, কংগ্ৰেছৰ সোৱাদ লোৱা নেতা গৰাকীয়ে ৰিপুন বৰাৰ কাষত থিয় হোৱাৰ সম্ভাৱণাও নথকা নহয়।

অৱশ্যে এইবোৰ অনুমানিক খবৰ। কিন্তু সম্ভাৱণাপূৰ্ণ খবৰ। ৰাজনীতি এতিয়া এনেকৈয়ে গেলিছে যে আগবেলা এটা দলত থকা নেতাই পিছবেলা আন এটা দলত যোদ দিবগৈ পাৰে। লুৰিণ গগৈ, অখিল গগৈয়ে এক সম্ভাৱণা কঢ়িয়াই আনিছিল।

কা- আন্দোলনৰ প্ৰেক্ষাপটত ৰচনা হোৱা সেই ৰাজনৈতিক সম্ভাৱণা এতিয়া শেষ হোৱাৰ দৰে। ৰাইজৰ কাষ চাপিবলৈ যি ধৈৰ্য আৰু উদ্যোগৰ প্ৰয়োজন তেনে প্ৰচেষ্টা নতুনকৈ অসমৰ ৰাজনীতিত ভুমুকি মৰা আঞ্চলিক দল দুটাৰ মাজত দেখিবলৈ পোৱা নগ'ল।

শ্ৰেণীবদ্ধ সঠিক ৰাজনৈতিক মূল্যায়নৰে বিৰোধীয়ে কোনো এটা ইচ্যুকে তুলি ধৰিব নোৱাৰে। অথচ সহস্ৰ সমস্যাৰে ৰাইজ ভাৰাক্ৰান্ত। যি সকল নেতাই এইবোৰ সমস্যা তুলি ধৰি শাসকপক্ষক জবাবদিহি কৰিব বুলি ভৱা হৈছিল তেওঁলোক এতিয়া এজন এজনকৈ শাসকীয় পক্ষৰ নাগপাশত বন্দী হৈ পৰিছে।

ইয়াৰ পাছত আশা ক'ত? এইটোও সত্য যে এদিন ৰাইজে নিজেই বিকল্পৰ সন্ধান কৰিব বুলি। ক্ষমতা চিৰদিনৰ বাবে কাৰো হাততেই নাথাকে। বিশ্ব জয় কৰাৰ পাছতো বহু সম্ৰাটৰ ছন্দপতন ঘটিছে। ক্ষমতাশালী জনৰ কাষত থিয় হৈ এতিয়া যি সকলে জয়গান গাইছে এদিন তেওঁলোকেই উভতি আহি তেওঁলোকৰ বিৰুদ্ধে শ্লোগান দিব।

আৰু বহু নেতা দল বাগৰিবলৈ সাজু হৈ আছে। কংগ্ৰেছৰ পৰাই গেৰুৱা বসন পিন্ধিবলৈ ভৰি দাঙি আছে কেইবাজনো নেতাই। ৰাজ্যৰ ৰাজনীতি এতিয়া এনেকৈয়ে প্ৰেক্ষাপট সলনি হৈছে। শাসকীয়ৰ সৈতে মিতিৰালি কৰি নেতাই নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দৌৰত এতিয়া ভীষণ ব্যস্ত। ৰাইজৰ কথা ভাৱিবলৈ তেওঁলোকৰ আজৰি ক'ত।

assam congress bjp tmc akhil gogoi raijor dal