মৃদুল কুমাৰ সন্দিকৈ
এখন বিয়া আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এক বাৰ্তা। সেই বিয়া খনক লৈ হয়তো বৰ বেছি চৰ্চা নহ'ব। যেনেদৰে চৰ্চা হৈছিল বা হৈ আছে নুপূৰ শৰ্মা আৰু নবীন কুমাৰ জিন্দালৰ হজৰত মহম্মদৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্য আৰু ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিবাদৰ কথাবোৰ।
কি কাৰণত এই কথাবোৰ কোৱা হয়। এই কথাবোৰে কাৰ স্বাৰ্থ সিদ্ধি কৰে। হিন্দু, মুছলমান সকলোৰে প্ৰথম পৰিচয় মানুহ। ধৰ্ম তেওঁলোকৰ আচাৰ, ৰীতি নীতি পালন কৰি জীৱন যাপন কৰাৰ এক আধাৰহে। তাৰপাছতো আমি এইবোৰ কথাক লৈ এনেকৈয়ে ব্যস্ত হৈ পৰো যে মানুহৰ কল্যান কামনা কৰা ধৰ্মীয় কথা বতৰাবোৰ উন্মাদনা সৃষ্টিৰ উৎস হৈ পৰে।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত নুপূৰ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰা প্ৰতিবাদকাৰীৰ ঘৰত বুলডজাৰ চলোৱা হ'ল। আৰক্ষীক আক্ৰমণ, হিংসাত্মক প্ৰতিবাদ, প্ৰতি হিংসাৰ জুই দি মানুহৰ বিৰুদ্ধে মানুহক উচতনি দিয়া কোনো পক্ষকেই সমৰ্থন কৰিব নোৱাৰি।
তাৰ মাজতেই হিন্দু, মুছলমানৰ মাজৰ সমন্বয়ৰ পুনৰ জয়গান গোৱা এই বিয়াখন কেনেকৈ সাধাৰণ বুলি এৰি দিব পাৰি। এজনী মুছলমান ছোৱালী এঘৰ হিন্দু পৰিয়ালত যোৱা ছয়টা বছৰ ধৰি ডাঙৰ দীঘল হৈছে। দৰিদ্ৰ মুছলমান ছোৱালী জনী নিজৰ কন্যাৰ দৰে কেৱল ডাঙৰ-দীঘল কৰাই নহয় হিন্দু ৰীতি-নীতিৰে ঘৰৰ পৰা উলিয়াই দিয়ে।
জৰিফুল বেগম নামৰ এই ছোৱালী গৰাকী খাটনিয়া পাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশীয়ে তুলি লৈছিল। বিবাহৰ উপয়ুক্ত বয়স হোৱাত জৰিফুলক খাটনিয়া পাৰাৰে তবিবুৰ ৰহমানৰ সৈতে বিয়া ঠিক কৰা হয়। সেই উপলক্ষে অনিতা ৰাজবংশীয়ে তেওঁৰ হিৰাপাৰাৰ ঘৰত আযোজন কৰা বিবাহ অনুষ্ঠানত সম্পূৰ্ণ হিন্দু নীতি নিয়ম মানি কন্যা দান কৰে।
ঘৰৰ পৰা জৰিফুলক উলিয়াই দিয়াৰ সময়ত আৱেগিক হৈ পৰে পালিতা মাতৃ অনিতা ৰাজবংশী আৰু ওচৰ-চুুবুৰীয়া। কন্যাক এইদৰে হিন্দু নীতি নিয়ম মানি ঘৰলৈ বোৱাৰী কৰি নিয়াত আপত্তি নকৰিলে তবিবুৰ ৰহমানৰ পৰিয়ালে। অৱশ্যে এইটো ঠিক যে জৰিফুলৰ সৈতে তবিবুৰৰ বিবাহ দৰাৰ ঘৰত সম্পূৰ্ণ ইছলাম ধৰ্মৰ নীতি নিয়মেৰে উদযাপন কৰা হয়।
এফালে মানৱীয় উদাৰতা আনফালে প্ৰত্য়েকে প্ৰত্যোকৰ ধৰ্মক, নীতি নিয়মক সন্মান জনাই এই বিয়াখন অনুষ্ঠিত কৰিলে। ইয়াত আছে পৰস্পৰৰ প্ৰতি বিশ্বাস, সন্মান। হজৰত মহম্মদক লৈ বিতৰ্ক কৰাৰ সময়ত হিন্দু, মুছলমান বিভাজনেৰে সমগ্ৰ বিশ্বত যি সাম্প্ৰদায়িক পৰিৱেশৰ সূচনা হৈছিল তাৰ বিপৰীতে অসমৰ মঙলদৈ পৰা এনে এক ইতিবাচক বাৰ্তা বিশ্ব বাসীৰ বাবে এই বিয়াখনৰ পৰাই যোৱা নাই নে?
সংঘাত আমাৰ মাজত কোনে কৰে। শংকৰ-আজানৰ দেশত হিন্দু, মুছলমানৰ ভেদা-ভেদ নাছিল। কাৰণ ধৰ্মক লৈ আমি ৰাজনীতি কৰিবলৈ তেতিয়া শিকাই নাছিলো। সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ৰাজনীতিৰ লাভালাভ বিচাৰি নেতা, পালিনেতা ব্যস্ত হৈ পৰাৰ পাছতেই সেই অপসংস্কৃতি আমাক গালৈও লাহে লাহে সোচৰিছে।
জৰিফুলৰ বিয়া খাবলৈ যোৱা মানুহে এই মৰম আৰু স্নেহৰ বান্ধোন দেখি উচুপি উঠিছিল। সেই আত্মীয়তাৰে আমাৰ সম্পৰ্কবোৰ বন্ধা আছিল বা এতিয়াও আছে। কোনোবাই শেষ কৰি দিও বুলি কলেই জানো এইবোৰ শেষ হৈ যাব। সভ্যতা ইয়াকে কয়। য়ি মানুহক মানুহৰ দৃষ্টিভংগীৰে চাবলৈ শিকায়।
নুপূৰ শৰ্মাই বিশ্বক জোকাৰি গ'ল। কোনোবাই এতিয়া কৈছে নপুৰে ভাল কৰিছিল। কাৰোবাৰ মতে নুপূৰ এতিয়া অপৰাধী। বিশ্বৰ ৫০ ৰো অধিক দেশে হজৰত মহম্মদক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। নুপূৰ শৰ্মা তেনে সাম্প্ৰদায়িকতাৰ পাঠ আওৰোৱা এগৰাকী সাধাৰণ ছাত্ৰীহে। ইয়াৰ মাষ্টাৰ কোন।
যি সকলে নুপূৰ শৰ্মাৰ দৰে ব্যক্তি বিশেষক আগুৱাই নি প্ৰথমে মানুহক বিভাজন কৰি এটা সম্প্ৰদায়ৰ বিৰুদ্ধে আন এটা সম্প্ৰদায়ক থিয় কৰাই ধৰ্মীয় ট্ৰাম কাৰ্ড খেলিব পাৰে তেওঁলোকে সেই কামেই কৰি মানুহৰ মাজত ধৰ্মীয় আৱেগৰ সৃষ্টি কৰে। কাৰোবাৰ পৰা তেওঁলোকে সমৰ্থন আৰু আন কাৰোবাৰ পৰা গৰিহণা বা সমালোচনা পায়।
কি হিন্দু কি মুছলমান, সকলো ধৰ্মৰ মাজতেই এনে লোক আছে। তেওঁলোকৰ বিভেদৰ বীজ ৰোপন কৰি মানুহৰ মাজত শংকা আৰু অশান্তি বিয়পাই সাধাৰণ লোকৰ মনত ধৰ্মীয় আৱেগ অনুভূতিৰ কথা ভৰাই দি সংঘাতময় পৰিৱেশৰ মাজত সেই সকল লোকক এৰি থৈ তেওঁলোক পৰ্দাৰ আঁৰত ৰৈ যায়।
এই অনৈতিক আৰু ভ্ৰষ্টাচাৰ পূৰ্ণ মানসিকতাই মানুহৰ মাজত মানুহৰ প্ৰেম ভালপোৱা আৰু বিশ্বাসৰ লগতে ভাতৃত্ববোধৰ ৰচী ডাল দুৰ্বল কৰি পেলায়। সেই সকলৰ বাবে শিক্ষা অনিতা ৰাজবংশী আৰু জৰিফুল বেগম। কোনোবা সম্প্ৰদায় বা ধৰ্মৰ প্ৰতি সজাগ সচেতন বুলি কোৱা সকলোতকৈ জেৰিফুল বেগম, অনিতা ৰাজবংশী, তবিবুৰ ৰহমান হঁতৰ মানসিকতা বহু ওপৰত। কিয়নো তেওঁলোকৰ কোনো স্বাৰ্থ নাথাকে এইবোৰ কামত।
আচলতে এই বিয়া খনলৈ মাতিব লাগিছিল মৌলবাদী চিন্তাৰে পৰিচালিত সেই সকল মৌলবীক, ধৰ্মৰ নামত বিভাজন কৰা নেতাক। আন নহ'লেও নুপূৰ শৰ্মা আৰু আছাদুদ্দিন ওৱেচীৰ দৰে লোকেক এই বিয়াখনলৈ মাতিব লাগিছিল।
আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…