অন্বেষণৰ এটা জীৱনৰ মহা সমাপ্তি…

অন্বেষণৰ এটা জীৱনৰ মহা সমাপ্তি…

author-image
asomiyapratidin
New Update
অন্বেষণৰ এটা জীৱনৰ মহা সমাপ্তি…

মৃদুল কুমাৰ সন্দিকৈ

২০ দিনৰ আগৰ কথা। অসুখীয়া গাৰে তেওঁ বৰ কষ্টৰে কথাখিনি কবলৈ মাতি নিছিল। তেওঁ কৈছিল- 'মোক ন্যায় লাগে। হ'ব নহয় কৈ দিব লাগে। দেখিছাই মই মৰণ পথৰ যাত্ৰী। তোমাক এই কথাকেইটা ক'বৰ বাবেই মই মাতি আনিছো। কথা কেইটা কৈ মই শান্তি পাইছো। মই কাৰোৰেই পৰা সহানুভুতি বিচৰা নাই।'

ডাঠ চশমা যোৰৰ তলত ক্ষোভ আৰু আক্ষেপত চলচলীয়া হৈ পৰা চকু কেইটা তেওঁ মচা নাছিল। বিচনা খনত কোনোমতে বহি তেওঁ কৈ গৈছিল কথাবোৰ। মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক হাতযোৰ কৰি অনুৰোধ কৰিছিল হব-নহব কিবা এটা কৈ দিব লাগে।

বেমাৰটো তেওঁৰ পুৰণি। মৃত্যুৰ সৈতে যুঁজিবলৈ তেওঁৰ মনত তেতিয়াও সাহস আৰু প্ৰবল ইচ্ছা শক্তি আছিল। সেয়েহে বিছনাত পৰিও হাতৰ কলম এৰি দিয়া নাছিল। হঠাৎ গাতো তেওঁৰ বেয়া হয়। এই ভাল, এই বেয়া। সেয়েহে কথাবোৰ তেওঁ এখন কাগজত টুকি ৰাখিছিল।

শিক্ষকতাই তেওঁৰ বৃত্তি। ১৯৬০ চনত প্ৰথম কহিগুৰি এম.ভি স্কুলত শিক্ষকতা কৰিছিল। বৰ বেছি সময়ৰ বাবে নাছিল। তাৰ পাছত সেই শিক্ষকতা বৃত্তি তেওঁ এৰি নিদিলে। সলনি হ'ল কেৱল তেওঁৰ কৰ্মস্থান। ১৯৬৬ চনত ডিফুৰ কলেজত অধ্যাপক হিচাপে যোগদান কৰিছিল। কলেজখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বও লৈছিল। ১৯৬৮ত তেওঁ যোগ দিছিল মৰিয়নি কলেজত।

১৯৯৪ চনত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা, অসমত ছিনিয়ৰ ৰিচাৰ্চ ফেল' হিচাপে যোগদান কৰি ১৯৯৮ চনত সেই সংস্থাটোৰে সঞ্চালক হিচাপে দায়িত্ব লৈছিল। ২০০৫ৰ ৩১ ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে। ৪৬ বছৰ শিক্ষা ক্ষেত্ৰখনৰ সৈতে তেওঁ জড়িত আছিল।

অসমীয়া জাতি-জনগোষ্ঠীক লৈ শ্ৰেণীবদ্ধ গৱেষণা আৰু লিখা-মেলা কৰা এজন গৱেষকো আছিল তেওঁ। তেওঁ গ্ৰন্থসমূহৰ নামেই কয় তেওঁৰ কামৰ কথা। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, জনগোষ্ঠীত চেতনা : আত্ম প্ৰতিষ্ঠাৰ প্ৰশ্ন, অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ, সমাজ সংস্কৃতি ইতিহাস ইত্যাদি, জনজাতীয় স্বাধিকাৰ আন্দোলন আৰু বড়ো জাতি সত্তা, বড়োভূমিৰ উচুপনি, বিষয় : জনজাতিৰ মৰ্মবেদনা, ঐতিহাসিক প্ৰেক্ষাপটত জনজাতীয় সমস্যা শংকৰদেৱ আৰু বড়োজাতি, ঐতিহাসিক প্ৰেক্ষাপটত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আৰু অনুপ্ৰবেশৰ সমস্যা, খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি জনগোষ্ঠীৰ ঐক্যৰ সূত্ৰধাৰ বড়োসকল, হিন্দুবাদ বৰ্ণবাদ বিধ্বস্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্ৰত জনজাতীয় চেতনা, আধুনিক অসমীয়া সাহিত্য : সামাজিক বৌদ্ধিক পটভূমি আৰু অন্যান্য আদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ।

কথা কোৱাত তেখেতৰ সমস্যা হৈছিল। বেছি কথা ক'লে তেজ ওলাইছিল মুখেৰে। পৰাপক্ষত তেওঁ মানুহৰ সৈতে কথা নাপাতেই। বিছনাখনেই তেখেতৰ সংগী এতিয়া। কাষত থকা ফাইলটোৰ পৰা এখন এখনকৈ কাগজ উলিয়াই তেখেতে কৈ গৈছিল কথাবোৰ। চিঠি নং B(2) H-141/98/9 যোগে তেখেতক আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থাৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছিল। তেতিয়াৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিব ভি বি প্যাৰিলালে এই নিযুক্তি পত্ৰত চহী কৰিছিল।

ভুল বশত: সেই নিযোগ পত্ৰত নাছিল বেতনৰ নিৰিখ। পিছত তেওঁ নথি-পত্ৰ চাই গম পাইছিল ১৯৯১ চনতেই এই পদৰ বাবে ইউ জি চি ৰিভাইছ স্কেলত বেতনসহ অধ্যাপকৰ পদমৰ্যদালৈ উন্নীত কৰা হৈছিল। এই সিদ্ধান্তক আনন্দৰাম বৰুৱাৰ ভাষা-কলা-সংস্কৃতিক-সংস্থাৰ কাৰ্যনিৰ্বাহক কমিটীয়ে এক প্ৰস্তাৱযোগে অনুমোদন জনাইছিল। সেই কথা তেতিয়াৰ ইয়াৰ অধ্যক্ষ তথা সেই সময়ৰ শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক জনাইছিল। আৰু সেই নিৰিখত দৰমহা দিবলৈ আবেদন জনাইছিল।

শিক্ষামন্ত্ৰীয়েও ইয়াক অনুমোদন জনাইছিল। তাক কাৰ্যকৰী কৰিবলৈ কাৰ্যনিৰ্বাহক কমিটীলৈ এক নিৰ্দেশ প্ৰেৰণ কৰে। সময় বাগৰি গ'ল। বছৰৰ পাছত বছৰ পাৰ হ'ল। চৰকাৰে কোনো সিদ্ধান্ত নল'লে। ২০০৫ত তেখেত অৱসৰ হৈছিল। অৱসৰৰ পাছত তেওঁৰ হাতত জমা ধন বুলিবলৈ ফুটাকড়িও নৰ'ল। উপায়হীন হৈ আইনৰ আশ্ৰয় ল'লে। ৭ বছৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিছিল।

ৰায় আহিছিল তেওঁৰ পক্ষত। দুমাহৰ ভিতৰত অধ্যাপকৰ স্কেলত বেতন নিৰ্ধাৰিত কৰি সমুদায় ধন আদায় দিবলৈ চৰকাৰক নিৰ্দেশ দিয়া এই ৰায়লৈ তেওঁ আকৌ চৰকাৰী কাৰ্যালয়লৈ দৌৰিছিল। উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিবক সকলো নথি-পত্ৰ দিয়াৰ লগতে উচ্চ শিক্ষাৰ সঞ্চালকলৈও সেইবোৰ প্ৰেৰণ কৰিছিল।

দিনৰ পাছত দিন অপেক্ষা। তেওঁৰ বায়'দাতা সংগ্ৰহ কৰা হ'ল। উচ্চ শিক্ষা সঞ্চালকে বিচৰা তথ্য পাতি দিলে কিন্তু কাম হে নহ'ল। তেওঁ কোৱা মতে এই বিষয়ত কেবিনেটত শেষ সিদ্ধান্ত ল'বৰ বাবে ফাইল গৈ তেতিয়াৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ পাইছিল। তাৰ পাছত সেই ফাইল সন্ধানহীন।

এনেকৈয়ে তেওঁৰ প্ৰাপ্যখিনিৰ পৰা বঞ্চিত হৈ গুচি গ'ল আজি। প্ৰৱন বৰঠাকুৰ শিক্ষা বিভাগত আয়ুক্ত সচিব হৈ থকাৰ সময়ত কাম হ'ব বুলি জনাইছিল। সেই কাম তেওঁৰ জীৱিত কালত নহ'ল। বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণুজ পেগুকো এই বিষয়ে কৈছিল। পুৰণি সেই ফাইলটো নিবিছাৰি আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা লৈ পে ফিস্কেছন সন্দৰ্ভত জানিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল।

জীৱিত কালত তেওঁ সেই প্ৰাপ্য নাপালে । এতিয়া মৃত্যুৰ পাছত তেওঁৰ এই কাম কোনোবাই কৰি দিবনে? নাই নেকি দায়িত্ব চৰকাৰৰ? বিচনাত থকাৰ অৱস্থাতে ৩ খনকৈ কিতাপৰ পাণ্ডুলিপি সম্পূৰ্ণ কৰি থৈ গৈছে। মিলিত প্ৰয়াস, অবিৰত সংগ্ৰাম, কামৰূপ-অসমৰ প্ৰাচীন ইতিহাসৰ প্ৰেক্ষাপটত বড়ো আন্দোলনৰ ইতিহাস আৰু দুখন উপন্যাস। সেই কেইখন গ্ৰন্থ প্ৰকাশ কৰাৰ তেওঁৰ বৰ ইচ্ছা আছিল।

২ ছেপ্টেম্বৰৰ পুৱতি নিশা ২ বাজি ৫০ মিনিটত তেওঁ অতীত হ'ল। থাকি গ'ল তেওঁৰ সাহিত্য আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান। লৈ গ'ল তেওঁৰ মনত বহু ক্ষোভ। তেওঁৰ অনুপস্থিতিত সেই বিশাল সত্তাৰ অভাৱ অসমীয়া সমাজে পদে পদে অনুভৱ কৰিব। শেষ সময়ত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ল চাংসাৰীৰ নিৰ্মিত এইমচলৈ ।

কুণ্ডলী পকাই চিতাৰ ধোৱা নুৰিল। এম্বুলেন্সত উঠাই স্বাভিমানী মানুহজনৰ নশ্বৰ দেহ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰীক্ষাৰ বাবে হয়তো ব্যৱহাৰ হ'ব। এনেকুৱাই সংস্কাৰবাদী আছিল প্ৰফুল্ল মহন্ত। দেহ দানেৰে সকলো খিনি ত্যাগ কৰিব পৰা মানসিকতাৰ গৰাকী আছিল তেওঁ।

শেষ বিদায় জনাবলৈও ৰজাঘৰৰ আজৰি নহ'ল। প্ৰিয় মানুহ আহিল, আহিল বিভিন্ন জাতি জনগোষ্ঠীৰ লোক। বড়ো সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ নশ্বৰ দেহ কাষত ৰৈ তেওঁলোকৰ ধৰ্মীয় ৰীতিৰে অভূতপূৰ্বভাৱে শেষ বিদায় জনালে। বড়ো সমাজৰো তেওঁ যেন আছিল এগৰাকী অভিভাৱক স্বৰূপ।

জীৱনৰ শেষ সাক্ষাতকাৰটো তেখেতে "অসমীয়া প্ৰতিদিন ডিজিটেল"ক দিছিল। মনৰ কথাবোৰ মুকলিকৈ পাতিছিল। বঞ্চনাৰ বলি হৈছিল তেওঁ। গঢ়ি তোলা সমাজ খনৰ বাবে আৰু বহু কাম কৰাৰ পৰিকল্পনাৰে নিজক সাজু কৰি ৰাখিছিল। সুখ, দুখ আৰু স্বাভিমানেৰে সেইদিনা তেওঁ বহু কথা কৈছিল।

আৰু পঢ়ক: জয়মালা ইমান দুখত থাকিলে কেনেকৈ সুখত থাকো মই…

assam assam govt dead ranoj pegu prafulla mahanta writer