দেশৰ বহুকেইটা বিমান বন্দৰ ইতিমধ্যে লীজত দিয়া হৈছে। এইবাৰ কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰ সমূহৰ নিৰাপত্তা গটাব খুজিছে ব্যক্তিগতখণ্ডত নিৰাপত্তাৰক্ষীৰ হাতত। চি.আই.এছ.এফৰ সলনি ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে বিমান বন্দৰ সমূহৰ নিৰাপত্তাৰ দায়িত্ব ল'ব। এই সন্দৰ্ভত অসমীয়া প্ৰতিবেদন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।
বিমান বন্দৰৰ নিৰাপত্তা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। পানী নসৰকা নিৰাপত্তা বেষ্টনীৰে তন্ন তন্নকৈ পৰীক্ষাৰ অন্ততহে যাবলৈ দিয়া হয় বিমান যাত্ৰীক। চি.আই.এছ.এফৰ জোৱানেৰে গঢ়ি তোলা কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা এতিয়া মোডী চৰকাৰে গটাব বিচাৰিছে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ হাতত।
গুৱাহাটী গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰকে ধৰি বহুকেইটা বিমান বন্দৰৰ দায়িত্ব ইতিমধ্যে আদানী গ্ৰুপক দিয়া হৈছে। বিমান বন্দৰ লীজত দিয়াৰ পাছত বিমান বন্দৰৰ নিৰাপত্তাও ব্যক্তিগতকৰণ কৰিবলৈ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মৰ্মেই দেশৰ ৬০টা বিমান বন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি.আই.এছ.এফৰ জোৱানক আঁতৰাই সেই স্থানত নিয়োজিত কৰা হ'ব ১৯২৪ গৰাকী ব্য়ক্তিগত নিৰাপত্তাৰক্ষীৰ হাতত।
এনে কৰাৰ ফলত বিমান বন্দৰ সমূহৰ নিৰাপত্তাৰ ব্যয় হ্ৰাস পাব আৰু এই বিমান বন্দৰ সমূহত নিয়োজিত চি.আই.এছ.এফৰ জোৱান সকলক অন্য অধিক নিৰাপত্তাৰ প্ৰয়োজন হোৱা বিমান বন্দৰত নিয়োজিত কৰা হ'ব। উল্লেখ্য যে ভাৰতীয় বিমান প্ৰাধিকৰণ চমুকৈ এ.এ.আইয়ে ইতিমধ্য ৫৮১ গৰাকী নিৰাপত্তাৰক্ষীৰ প্ৰশিক্ষণৰ কাম সম্পূৰ্ণ কৰিছে।
ইয়াৰ উপৰিও ১৬টা বিমান বন্দৰৰ বাবে আন ১৬১ গৰাকী নিৰাপত্তাৰক্ষীৰ প্ৰশিক্ষণৰ পৰ্ব আৰম্ভ হৈছে। পৰ্যায় ক্ৰমে বাকী বিমান বন্দৰৰ বাবেও ব্যক্তিগত নিৰাপত্তাৰক্ষী সকলৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা হ'ব।