পলাব নে নিজক সলাব খুজিছে অখিল গগৈয়ে…

পলাব নে নিজক সলাব খুজিছে অখিল গগৈয়ে…

author-image
asomiyapratidin
New Update
পলাব নে নিজক সলাব খুজিছে অখিল গগৈয়ে…

মৃদুল কুমাৰ সন্দিকৈ

এজন জ্ঞানী মানুহে কেতিয়াও মুৰ্খৰ সৈতে তৰ্ক নকৰে। নিজকে আনৰ লগত তুলনা নকৰে। তেওঁ কি তেওঁ নিজেই ভালদৰে জানে। খং উঠিলেও কেতিয়াও খঙতে সিদ্ধান্ত নলয়। অখিল গগৈক ভালপোৱা প্ৰতিজন লোকেই এই কথা অখিল গগৈৰ প্ৰতি এই মুহুৰ্তত ক'ব খোজে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জৰিয়তে ৰাজ্যত এক আপোচহীন বিকল্প জনস্বাৰ্থকামী শক্তি ৰূপত এক সংগ্ৰামী সত্তাৰূপে অখিল গগৈয়ে ভুমুকি মাৰিছিল। ৰাজ্যত কংগ্ৰেছ শাসনত থকাৰ সময়ত অখিল গগৈ আছিল জনতাৰ কণ্ঠ আৰু সংসদীয় ৰাজনীতিত অংশ নোলোৱাকৈয়ে এক প্ৰভাৱশালী বিৰোধী শক্তি ৰূপত অখিল গগৈয়ে সংগঠনটোক প্ৰতিষ্ঠা কৰিছিল।

দুৰ্নীতিৰ পৰা আৰম্ভ কৰি সকলো দিশতে সাধাৰণ জনতাৰ হৈ যি কণ্ঠস্বৰে অখিল গগৈয়ে এই সত্তাক নেতৃত্ব দিছিল তাৰ বাবে অখিল গগৈ এক অনুষ্ঠান সদৃশ হৈ পৰিছিল। ২০২১ৰ নিৰ্বাচনৰ সময়ত কাৰাগাৰত থকাৰ অৱস্থাৰ পৰাই অখিল গগৈয়ে সংসদীয় ৰাজনীতিত অংশ লৈ বিজেপিৰ প্ৰচুৰ ঢৌ থকাৰ পাছতো অসম বিধানসভা লৈ শিৱসাগৰৰ পৰা নিৰ্বাচিত হৈ আহিছল।

সেই সময়তে অখিল গগৈয়ে ৰাজনীতিত অংশ লোৱাক লৈ দুটা পক্ষই যুক্তি দাঙি ধৰিছিল। অখিল গগৈক ভাল পালেও, কঠোৰ সমালোচনা কৰিবলৈ কুণ্ঠাবোধ নকৰা সকলৰ মতে ৰাজনীতি অখিল গগৈৰ বাবে নহয়। তেওঁলোকৰ মতে অখিল গগৈয়ে এক সামাজিক অনুষ্ঠানক নেতৃত্ব দি যি আকুণ্ঠ সমৰ্থন লাভ কৰিছিল সেয়া সংকুচিত হৈ পৰিল।

বিধানসভাৰ মজিয়াত বিধায়ক ৰূপে অখিল গগৈয়ে ৰাইজৰ দলৰ একমাত্ৰ সদস্য হিচাপে বিৰোধী পক্ষত অৱস্থান ল'বলৈ এনে কিছু সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ'ল যি বোৰে অখিল গগৈ নামৰ বিকল্প শক্তি ৰূপত বিকশিত হ'বলৈ ধৰা সেই সংগ্ৰামী সত্তাটোক তৰল কৰি পেলালে।

অখিল গগৈ পৰিচয় কেৱল এজন ব্যক্তি নাছিল। খাটি খোৱা শ্ৰেণীৰ স্বাভিমান হোৱাকৈ সুযোগ থকাৰ পাছতো সেই স্বাভিমানত ধৰি ৰখাত ৰাজনীতিলৈ গৈ অখিল গগৈ বিফল হ'ল। সেই কথা তেওঁ শেহতীয়া ব্যক্তব্যত পৰিস্ফুত হৈছে।কংগ্ৰেছ আৰু এআইইউডিএফৰ পৰা সমদূৰত্বত অৱস্থান লব খোজা ৰাইজৰ দলৰ সভাপতি হিচাপে সাময়িকভাৱে কিছু সঠিক যেন লগা সিদ্ধান্তৰ বাবে এতিয়া ৰাজনীতিৰ বোকা ছটিওৱা খেলত অখিল গগৈ লেতেৰা হৈ পৰিছে।

শাসকীয় পক্ষই বিধানসভাৰ মজিয়াত চৰকাৰ খনক ব্যতিব্যস্ত কৰি তোলা অখিল গগৈক লৈ ৰাজ্যসভা নিৰ্বাচনৰ সময়ত এআইইউডিএফৰ জৰিয়তে এনে এক বাৰ্তা দিবলৈ চেষ্টা কৰিলে যে সেই কৌশলী যুঁজ খনত অখিল গগৈয়ে ভাগ ল'বলৈ বাধ্য় হ'ল।

ইচ্ছা আৰু অভিজ্ঞতা থকা হ'লে অখিল গগৈয়ে সেই বাকবিতণ্ডাত অংশ নলৈ তেনে মুখ চুপতিৰ পৰা নিজকে নিলগাই ৰাখিব পাৰিলে হয়। অভিযোগ-প্ৰতিঅভিযোগৰ এই নিকৃষ্ট বাৰ্তালাপত শাসকীয় পক্ষই বিচৰা দৰে অখিল গগৈয়েও নিজৰ ধৈৰ্যচ্যুতি হেৰুৱাই এনে কিছু মন্তব্য কৰিলে সেয়া দুৰ্ভাগ্যজনক।

এতিয়া অখিল গগৈ ব্যস্ত এআইইউডিএফৰ সেই সকল বিধায়কৰ সৈতে বাক্যবাণৰ যুদ্ধত। লাই দিটেক্টৰৰ মুখামুখি হ'বলৈ সাজু হৈ নিজৰ সততাৰ পৰীক্ষা দিব খোজা অখিল গগৈয়ে পাহৰি পেলালে এই পৰ্যায়লৈ তেওঁ যাব বুলি অসমৰ মানুহে কল্পনা কৰা নাছিল।

অখিল গগৈৰো যথেষ্ঠ ভুল আছে। কিন্তু সেই ভুলৰ উৰ্দ্ধত থাকি সামগ্ৰিকভাৱে ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছত অখিল গগৈৰ তৰ্জন-গৰ্জনে কেৱল বাতৰিৰ শিৰোনাম দখল কৰাৰ পৰিৱৰ্তে তেওঁক পূৰ্বৰ দৰে স্বকীয় আৰু সৰৱ হৈ জাতি ৰক্ষাৰ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ খনৰ মূল প্ৰবক্তা হোৱাৰ কোনো লক্ষ্যণ এতিয়া দেখিবলৈ পোৱা নাই।

আন ৰাজনৈতিক নেতাৰ দৰে অখিল গগৈয়েও সময় সুবিধা বুজি তেওঁ স্থিতি, মন্তব্য সলনি কৰি আহিছে। হয়তো তেওঁ কব বিজেপিৰ এই আগ্ৰাসনৰ দিনবোৰত ৰাজনৈতিক কৌশলগত কাৰণত তেওঁ এনে কৰিব লগা হৈছে। কৃষক মুক্তি আৰু আন ৭০ দল সংগঠনৰ পৃষ্ঠপোষকতাত জন্ম হোৱা ৰাইজৰ দলৰ প্ৰতি মানুহৰ আস্থা বঢ়াত এই পৰ্যন্ত অখিল গগৈ বিফল।

অৱশ্যে এইটোও ঠিক যে অখিল গগৈৰ বিৰুদ্ধে শক্তিশালী শাসক পক্ষই নিৰন্তৰ অপপ্ৰচাৰে তেওঁক কাবু কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। তেনে সময়ত সংযমতা ৰক্ষা কৰি অখিল গগৈয়ে ইয়াৰ বিৰুদ্ধে অৱস্থান ল'ব পাৰিব লাগিছিল যদিও অখিল গগৈয়ে সেয়া কৰিব নোৱাৰি ৰাজনীতিত প্ৰৱেশ কৰাটো তেওঁৰ এক ভুল বুলি উপলব্ধি কৰাতো আন এক ডাঙৰ ভুল।

এআইইউডিএফৰ সৈতে অখিল গগৈৰ বৰ্তমানৰ তিক্তাতাপূৰ্ণ সম্পৰ্ক আৰু কংগ্ৰেছৰ সৈতে ৰাইজৰ দল তথা অখিল গগৈৰ সৌহাদ্যপূৰ্ণ অৱস্থানে মানুহক তেওঁৰ প্ৰতিও কিছু সন্দেহ সৃষ্টিৰ অৱকাশ দি যায়। ৰাজ্যৰ ৰাজনীতিত অখিল গগৈ প্ৰাসংগিক। এই যুঁজখন তেওঁ দীঘলীয়া আৰু প্ৰত্যাহ্বানমূলক হোৱাতোৱেই স্বাভাৱিক। কিন্তু ৰণক্ষেত্ৰৰ পৰা অখিল গগৈয়ে ৰাজনীতিত প্ৰৱেশ কৰাতোয়েই ভুল আছিল বুলি ভাৱি পলাব খোজা ঘটনাই তেওঁৰ প্ৰতি আন এক অনাস্থাৰ সৃষ্টি কৰিব।

প্ৰথমে উল্লেখ কৰাৰ দৰেই অখিল গগৈয়ে এই কথা মনত ৰখা ভাল যে জ্ঞানী মানুহে মুৰ্খৰ সৈতে কেতিয়াও তৰ্ক নকৰে বা নিজৰ সৈতে আনক তুলনা নকৰে। আজি ৰাজনৈতিক অস্থিৰতাৰ এই সময়খিনিত অখিল গগৈয়ে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই বিকল্প সন্ধান কৰা সকলৰ প্ৰতি এক বাৰ্তা কঢ়িয়াই নিব। সিদ্ধান্ত ল'ব নিশ্চয় অখিল গগৈয়ে।

ৰাজনীতিত তিষ্টি থকাতো সহজ নহয়। যদি তেওঁ সঁচাকৈয়ে ৰাজনীতি ত্যাগ কৰিব বিচাৰিছে তেনেহ'লে তেনে এক পৰিৱেশ পৰিস্থিতি আৰু বিকল্প ৰাজনৈতিক শক্তি অন্বেষণৰ এই পথটোক শক্তিশালী কৰি সেই সিদ্ধান্ত লওক। অন্যথা তেনে সুবিধাবাদৰ ৰাজনীতিৰ বিৰুদ্ধে সজোৰেৰে বিধানসভাৰ মজিয়াত জাতি-মাটি আৰু ভেঁটি সুৰক্ষাৰ স্বাৰ্থত থিয় দিয়ক।

বিধায়কৰ পদ এৰিম, ৰাজনীতিলৈ আহিব নালাগিছিল এইবোৰ কথা অখিল গগৈৰ মুখত শোভা নাপায়। আপোচবিহীন সংগ্ৰামৰ মজিয়াৰ পৰা বিধানসভালৈ অখিল গগৈৰ এই যাত্ৰা কেৱল আৱেগ নহয়, ই এক বিবেকৰ আহ্বানো আছিল। এতিয়া অখিল গগৈয়ে দুৰ্বল ৰূপত আত্ম প্ৰকাশ কৰিলে সেই সুবিধা পুৰা মাত্ৰাই শাসকীয় দলে গ্ৰহণ কৰিব।

assam congress bjp akhil gogoi aiudf raijor dal