অসমৰ অম্লান বৰগোহাঁই হৈ ৰওক দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ ‘অম্লান’…

অসমৰ অম্লান বৰগোহাঁই হৈ ৰওক দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ ‘অম্লান’…

author-image
asomiyapratidin
New Update
অসমৰ অম্লান বৰগোহাঁই হৈ ৰওক দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ ‘অম্লান’…

তুষাৰ প্ৰতিম

দেশৰ দ্ৰুততম মানৱ হৈ পৰিছে অসম সন্তান। ট্ৰেক এণ্ড ফিল্ডত অপ্ৰতিৰোধ্য হৈ পৰিছে অসমৰ খেলুৱৈ। কি ১০০ মিটাৰ অথবা ২০০ মিটাৰ, সকলোতেই নিজা ৰেকৰ্ড সৃষ্টি কৰি স্বৰ্ণ পদক দখলেৰে এটাৰ পিছত আন এটা সফলতা অৰ্জন কৰি সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে এইগৰাকী অসমীয়া এথলিটে।

১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত সৃষ্টি হৈছিল এক ইতিহাস। প্ৰথমবাৰৰ বাবে দেশবাসীক গৌৰৱান্বিত কৰি এগৰাকী অসম সন্তানে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত লাভ কৰিছিল সোণৰ পদক। বিশ্ব ক্ৰীড়াৰ মঞ্চত দেশক প্ৰতিনিধিত্ব কৰি অসমৰ ক্ৰীড়াক প্ৰতিষ্ঠা কৰা সেইগৰাকী মহান খেলুৱৈৰ পৰিচয় নতুনকৈ কৰাই দিয়াৰ প্ৰয়োজন নাই।

অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাক সকলোৱেই জানে। ভোগেশ্বৰ বৰুৱাৰ পিছত আঙুলিৰ মূৰত লেখিব পৰাকৈ মাত্ৰ কেইজনমান এথলিটে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত লাভ কৰিছে সফলতা। তেনে এগৰাকী এথলিট তৈবুন নিছা। শিৱসাগৰৰ এইগৰাকী মহিলা এথলিটে ৰক্ষণশীল সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই তাহানিতেই ওলাই আহিছিল।

১৯৮২ চনৰ এছিয়ান গেমছত তৈবুন নিছাই অংশগ্ৰহণ কৰিছিল। পদক দখল কৰিব নোৱাৰিলেও তৈবুন নিছাই ইয়াৰ পূৰ্বে গঢ়িছিল ৰাষ্ট্ৰীয় অভিলেখ। ১৯৭৪ ত জয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ২৯.৩২ মিটাৰ ডিছকাছ থ্ৰ' কৰি ভংগ কৰিছিল ১২ বছৰীয়া অভিলেখ।

১৯৮২ চনৰ পৰা ২০১৮ চনলৈ সুদীৰ্ঘ এক সময় এছিয়ান গেমছত শূন্য হৈ আছিল অসম। ভোগশ্বৰ বৰুৱা, তৈবুন নিছাৰ পিছত অসমৰ পৰা বহু কেইজন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰা খেলুৱৈৰ সৃষ্টি হ'ল। বেডমিণ্টনত দীপাংকৰ ভট্টাচাৰ্য, মলালিছা শইকীয়া মেহতা, আৰ্চাৰীত জয়ন্ত তালুকদাৰ বক্সিঙত শিৱ থাপা আৰু অতি শেহতীয়াকৈ লাভলীনা বৰগোহাঁইয়ে অলিম্পিকত অংশগ্ৰহণ কৰি অসমলৈ প্ৰথমটো পদক কঢ়িয়াই আনিবলৈ সক্ষম হ'ল।

কিন্তু এতিয়াও অলিম্পিকৰ আত্মাস্বৰূপ ট্ৰেক এণ্ড ফিল্ডত এজনো অসমীয়া নামিব পৰা নাই। টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি 'ধিং এক্সপ্ৰেছ' হিমাই ইতিহাস সৃষ্টি কৰিব পাৰিব বুলি আশা কৰা হৈছিল যদিও সময়ত সেই আশা পূৰণ নহ'ল। এতিয়াও অৱশ্যে হিমাৰ হাতত বহু সময় আছে। হিমাই পৰৱৰ্তী পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি সকলোৱেই আশা কৰিছে।

এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয়, হিমাৰ পিছত কোন? কোন হ'ব অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উত্তৰাধিকাৰী? খেলৰ খবৰ ৰখাসকলে ইতিমধ্যে এই প্ৰশ্নৰ উত্তৰ বিচাৰি পাইছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এঢাপ আঢাপকৈ আগুৱাই গৈছে এগৰাকী অসম সন্তান। লাভ কৰিছে 'ইণ্ডিয়ান উছেইন ব'ল্ট' নাম।

হিমাৰ পিছে পিছে ৰাষ্ট্ৰীয় পৰ্যায়ত এটাৰ পিছত আন এটাকৈ ৰাষ্ট্ৰীয় ৰেকৰ্ড সৃষ্টি কৰি এইগৰাকী অসম সন্তানে আগন্তুক এছিয়ান গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰিছে। অম্লান বৰগোহাঁই। হিমাৰ পিছে পিছে আগুৱাই যোৱা অম্লান হৈ পৰিব পাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উত্তৰাধিকাৰী ! ইতিমধ্যে দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হৈছে অম্লান।

কোন এই অম্লান? কি কি তেওঁৰ সফলতা? কোনে তেওঁক বিচাৰি আনিছিল? কিয় তেওঁ অসমৰ পৰিৱৰ্তে খেলিছিল তেলেংগানাৰ হৈ? অম্লানক জনাসকলে এই প্ৰশ্নবোৰৰ উত্তৰ হয়তো নাজানে। অম্লানৰ সফলতা বাঢ়ি অহাৰ লগে লগে মানুহে তেওঁক চিনি পাইছে ঠিকেই কিন্তু এতিয়াও জানিবলৈ পোৱা নাই তেওঁৰ সবিশেষ।

যোৰহাটৰ অম্লান বৰগোঁহাইয়ে ২০২১ত তেলেংগানাত অনুষ্ঠিত হোৱা ছিনিয়ৰ নেচনেল এথেলেটিকছ চেম্পিয়নশ্বিপৰ ২০০ মিটাৰত স্বৰ্ণ আৰু ১০০ মিটাৰত ৰূপৰ পদক লাভ কৰি চৰ্চালৈ আহিছিল। কেৱল চৰ্চাই নহয়, অম্লানৰ এই সফলতাই এথলেটিকছত সম্ভাৱনাৰ এখন নতুন দুৱাৰো মুকলি কৰিলে।

অম্লানক বিচাৰি অনা মানুহজন নিপন আছিল নিপন দাস। অসম এথলেটিকছৰ মুখ্য প্ৰশিক্ষক নিপন দাসে তেলেংগানাৰ হৈ খেলা অম্লান বৰগোঁহাইক বিচাৰি পাইছিল মুম্বাইত। ২০১৮ ত মুম্বাইত নিপন দাসৰ দৃষ্টিত ধৰা দিছিল তেওঁ।

অসম এথলেটিকছৰ সফল প্ৰশিক্ষক নিপন দাসক নতুনকৈ চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই। 'ধিং এক্সপ্ৰেছ' হিমাক উলিয়াই অনা মানুহজন এই নিপন দাস। কেৱল হিমাই নহয়, আন বহু কেইগৰাকী প্ৰতিভাসম্পন্ন এথলিটক বিচাৰি উলিয়াইছে নিপন দাসে।

২০১৮ চনত মুম্বাইত ৰিলায়েঞ্চে অনুষ্ঠিত কৰিছিল এক প্ৰতিযোগিতা। প্ৰতিযোগিতাখনলৈ নিপন দাসে লৈ গৈছিল অসম দলটোক। এই প্ৰতিযোগিতাতে অম্লানে তেলেংগানাক প্ৰতিনিধিত্ব কৰি লাভ কৰিছিল সোণৰ পদক। ২০০ মিটাৰ ইভেণ্টত অম্লানে লাভ কৰিছিল সেই সোণৰ পদক।

তেলেংগানা দলত অম্লান বৰগোহাঁইৰ উপস্থিতি দেখি স্বাভাৱিকতে আচৰিত হৈছিল অসম দলটোৰ লগত যোৱা প্ৰশিক্ষকে ধৰি টেকনিকেল টীমটোৰ সদস্যসকল। অসমীয়া ল'ৰাই তেলেংগানাৰ হৈ খেলিছে! ইয়াৰ পিছতেই নিপন দাসে অম্লানক মাতি আনি তেওঁৰ পৰিচয় লোৱাৰ লগতে মোবাইল নম্বৰ সংগ্ৰহ কৰি লৈছিল।

পৰৱৰ্তী সময়ত নিপন দাসৰ আহ্বান মৰ্মেই অম্লানে তেলেংগানা এৰি ২০১৯ চনৰ প্ৰথম ভাগত আহি উপস্থিত হ'ল সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত। ইয়াতেই অম্লানে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ হোষ্টেলত থাকিয়েই নিপন দাসৰ তত্বাৱধানত অনুশীলন আৰম্ভ কৰিলে। মাজে মাজে নিপন দাসৰ ঘৰত থাকিও অনুশীলন কৰিবলগীয়া হৈছিল অম্লানে।

অৱশ্যে ইয়াৰ পিছত ৰিলায়েঞ্চ ফাউণ্ডেশ্যনে ভূৱনেশ্বৰত হাই পাৰ্ফমেঞ্চ চেণ্টাৰ খোলাত অম্লানক তেওঁলোকৰ চেণ্টাৰত অনুশীলনৰ বাবে আমন্ত্ৰণ জনালে। প্ৰশিক্ষক নিপন দাসৰ পৰামৰ্শ মতেই অম্লানে পৰৱৰ্তী সময়ত ভূৱনেশ্বৰলৈ যাত্ৰা কৰে।

বহুতেই অম্লানক হিমাৰ উত্তৰসুৰী হিচাবেও অভিহিত কৰিছে। অম্লানৰ প্ৰথম পছন্দ আছিল ফুটবল। জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈকে তেওঁ ফুটবল খেলিছিল। অৱশ্যে প্ৰায়ে পোৱা আঘাতৰ বাবে এই ক্ষেত্ৰত তেওঁ বাধাৰ সন্মুখীন হয়। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ উচ্চতা আছিল ৬ ফুট।

সেয়ে ককায়েকৰ এজন বন্ধুৱে তেওঁক শাৰীৰিক গঠনৰ বাবে এথলেটিকছৰ ক্ষেত্ৰখনত খোজ পেলোৱাৰ পৰামৰ্শ দিয়ে। প্ৰথমে তেওঁ এই বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল যদিও ফুটবলৰ ক্ষেত্ৰখনত বিফলতাৰ বাবে তেওঁ এথলেটিকছৰ ক্ষেত্ৰখনত চেষ্টা চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৫ চনত প্ৰথমখন প্ৰতিযোগিতাত ভাগ লৈ দ্বিতীয় স্থান অধিকাৰ কৰে।

২০১৯ চনত তেওঁ ৰিলায়েন্স ফাউণ্ডেছন উৰিষ্যাই আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়লাভ কৰে আৰু ফাউণ্ডেছনৰ উচ্চ প্ৰদৰ্শন কেন্দ্ৰৰ প্ৰধান প্ৰশিক্ষক জেমছ হিলিয়াৰৰ চকু তেওঁৰ ওপৰত পৰে। তেওঁ খেলুৱৈগৰাকীক ফাউণ্ডেছনৰ এথলেটিকছ প্ৰকল্পত অন্তৰ্ভুক্ত কৰি লয়।

ইয়াৰ পিছত ২০২০ চনৰ জানুৱাৰীত অম্লানে ভাৰতীয় বিশ্ববিদ্যালয় চেম্পিয়নশ্বীপৰ ছেমি-ফাইনেলত ২১.৮৯ ছেকেণ্ডত নিজৰ প্ৰথম ৰেচ সম্পূৰ্ণ কৰে। ২০২১ চনৰ ছেপ্টেম্বৰত ২০.৭৫ ছেকেণ্ডত ২০০ মিটাৰ সম্পূৰ্ণ কৰি তেওঁ ৰাষ্ট্ৰীয় অ'পেন চেম্পিয়নশ্বীপত স্বৰ্ণপদক অৰ্জন কৰে।

অম্লানে শেহতীয়াকৈ কেৰালাত অনুষ্ঠিত হোৱা ২৫ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন কাপত ২০.৫২ ছেকেণ্ডত ২০০ মিটাৰ অতিক্ৰম কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। ফলত তেওঁ ২০২২ চনৰ ছেপ্টেম্বৰত চীনৰ হাংঝাওত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।

অম্লানে ১০০ মিটাৰ আৰু ২০০ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। যাৰ বাবে ইতিমধ্যেই তেওঁ দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হৈ পৰিছে। ২০০ মিটাৰত তেওঁ ২০১৮ ত মহম্মদ এনাছে সৃষ্টি কৰা ২০.৬৩ ছেকেণ্ডৰ অভিলেখ ভংগ কৰি ২০.৫২ ছেকেণ্ডৰ নিজা ৰেকৰ্ড সৃষ্টি কৰিছে।

আনহাতে ২৯ আগষ্ট ২০২২, সোমবাৰে উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা ৮৭ সংখ্যক সৰ্বভাৰতীয় ৰে'লৱে এথলেটিকছ প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় ৰেকৰ্ড সৃষ্টিৰে ১০.২৫ ছেকেণ্ড সময় লৈ ১০০ মিটাৰত লাভ কৰিছে সোণৰ পদক। এছিয়ান গেমছৰ প্ৰাকমুহূৰ্তত অম্লানে লাভ কৰা এনে সফলতাই তেওঁক লৈ আশাবাদী কৰি তুলিছে।

অসম চৰকাৰে শেহতীয়াকৈ ক্ৰীড়াক লৈ বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে। সেই অনুসৰি ন ন প্ৰতিভাৰো আগমন ঘটিছে। সৌ সিদিনি গোলাঘাটৰ নয়নমণি শইকীয়াই বাৰ্মিংহাম কমনৱেলথ গেমছৰ লন বলত সোণৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিছে।

অসমৰ ক্ৰীড়া ক্ষেত্ৰক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতত জিলিকাই তুলি এইদৰে এজনৰ পিছত আন এজন খেলুৱৈয়ে লাভ কৰা সফলতাই ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে কঢ়িয়াই আনিছে আশাৰ খবৰ। এই মুহূৰ্তত হিমাৰ পিছতে চৰ্চিত হ'বলৈ আৰম্ভ কৰা অম্লানে আগন্তুক এছিয়ান গেমছত লাভ কৰক সফলতা। অম্লান হৈ পৰক অসমৰ দ্বিতীয়জন ভোগেশ্বৰ বৰুৱা।

assam guwahati himanta biswa sarma sports ATHLETICS AMLAN BORGOHAIN ATHLETE