মৃদুল কুমাৰ সন্দিকৈ
লভিতাৰ বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই। যিসকলে লভিতাক বিকৃত কৰিছিল সেই সকলে কৈ আছে তেওঁলোকে ভুল কৰা নাই। আনকি তেওঁলোকে এই কথাও ক’ব বিচাৰে যে নাটকখন নোচোৱাকৈ এচামে এই বিতৰ্কৰ আৰম্ভ কৰিছে। কিন্তু বাস্তৱত জানো সেইয়া ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ লভিতা নাটকৰ বিতৰ্কৰ সন্দৰ্ভত মাত মাতিছে। মুখ্যমন্ত্ৰীয়ে নাটকখন ভাল পাইছে। মুখ্যমন্ত্ৰীয়ে নাটকখনত থকা দেশপ্ৰেমক অনুভৱ কৰিছে।
কিন্তু মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰা নাই জ্যোতিপ্ৰসাদৰ এই মহান নাট্যকৰ্মক কোনোবা অভিজিৎ ভট্টাচাৰ্য নামৰ লোকে নিজৰ বুলি ক'বলৈ মৰসাহ কৰিছে। সেই মৌলিকতা নি:শেষ কৰা নাট্যকাৰ আৰু নাট্যগোষ্ঠীৰ ৰঙা চকু দেখাবলৈ সাহস নকৰা মুখ্যমন্ত্ৰীয়ে কেৱল ভাৰত মাতা কী জয় শ্লোগান শুনিলেই নহ'ব।
৪২ৰ প্ৰেক্ষাপটত ৰচনা কৰা এখন নাটকৰ আজিৰ প্ৰেক্ষাপটৰ ৰাজনৈতিক শ্লোগান কেনেকৈ সম্ভৱ হ'ব পাৰে? মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ বিষয়টো ৰাজনীতিৰ উৰ্ধত গৈ বিবেচনা কৰক। ভাৰত মাতা কী জয় শ্লোগান স্বাধীনতাৰ পূৰ্বতে কোনো স্বাধীনতাকামীয়ে দিয়া নাছিল।
আপুনি নাটকখন চাই ভাল পালে বুলিয়েই নাটকখনক লৈ কৰা এই কাৰবাৰ শুদ্ধ হৈ যাব নোৱাৰে। লভিতা জ্যোতিপ্ৰসাদৰ এক মৌলিক সৃষ্টি। লভিতা কাৰ সেই প্ৰশ্নৰ উত্তৰত জ্যোতিপ্ৰসাদৰ নাম উচ্চাৰিত হ'ব লাগিবই। কোনোবা চতুৰ্থ শ্ৰেণীৰ নাট্যকাৰে লভিতাক লৈ এনে বেপাৰ কৰিব আৰু আপোনালোকে তাৰ হাততালি বজাই সমৰ্থন দিব সেয়া কেতিয়াও হ'ব নোৱাৰে।
মুখ্যমন্ত্ৰীৰ বক্তব্য অত্যন্ত হতাশজনক। এই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নাট্যকাৰ আৰু নাট্যগোষ্ঠীয়ে পতা জালত ভৰি দি কৰা মন্তব্যৰ বাদে সেয়া আন একো নহয়।
লভিতা নাটক কাৰ মুখ্যমন্ত্ৰীয়ে সেয়া কওঁক। জ্যোতিপ্ৰসাদৰ সৃষ্টিক এনেদৰে কাৰোবাক আঘাত সানি দিব পৰাকৈ তেওঁ যদি অনুমতি প্ৰদান কৰিব পাৰে সেয়া তেওঁৰ শ্ৰদ্ধা। সংস্কৃতিৰ বৰঘৰৰ এই পূজাৰী সকলৰ অমৰ সৃষ্টিৰাজিক কোনোবাই বিকৃত কৰাটো কোনো অসমীয়াই নিবিচাৰে।
এজন অভিজিৎ ভট্টাচাৰ্য আৰু এগৰাকী প্ৰস্তুতি পৰাশৰে ৰাজনৈতিক বন্দনাৰে কাৰোবাৰ অস্বস্তি গাব লগা যদি আছে গাওক। তেওঁলোক সস্তীয়া হৈ সেই শাসকগোষ্ঠীৰ সৈতে বিলিন হৈ যাওক। কিন্তু কৌশলেৰে সাংস্কৃতিক হিতাধিকাৰী হৈ অসমীয়া জাতিক বন্ধকত থৈ জ্যোতি-বিষ্ণু আদিৰ সৃষ্টিক সিন্ধি খান্দি নিজকে অসমীয়াত্বৰ পূজাৰী বুলি চিনাকি দিয়াৰ প্ৰৱণতা পৰিহাৰ কৰক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছো – লভিতা আপুনি পঢ়িছে নে নাই। যদি আপুনি লভিতা পঢ়িছে, জ্যোতিপ্ৰসাদৰ এই অমৰ সৃষ্টিক কিয় বিকৃত কৰিবলৈ এৰি দিছে। ৰাজনীতি সকলোতে নহয়। ৰাজনীতিৰ নামত কৰা এই বেপাৰৰ আমাৰ প্ৰমূল্যবোধক যেতিয়া আঘাত কৰে আমি মাত মাতিম নে নামাতিম।
সংকীৰ্ণতাৰ পৰিসৰৰ পৰা এক বিস্তাৰিত লক্ষ্যলৈ আমি নতুন দিগন্তৰ সন্ধানত যাত্ৰা কৰোতে আমাৰ নিজস্ব সাংস্কৃতিক কলা আৰু সমাজ ব্যৱস্থাই আমাক বহু কথা কয়। লভিতা নাটকৰ বিকৃতকৰণ হৈছে। সকলোৱে সেই কথা কৈছে।
প্ৰস্তুতি নামৰ অভিনেত্ৰীগৰাকীয়ে এই কথা শুনিও নুশুনা ভাও ধৰিছে। তেওঁৰ চিন্তাৰ চেতনাক অতিবাস্তৱিক এনে কিছু কথা বতৰাই ক্ৰিয়া কৰি আছে যে তেওঁ নিজকে শুদ্ধ বুলি গণ্য কৰি আছে। আনহে নালাগে চিকিৎসালয়ৰ বিছনাৰ পৰা সুদক্ষণা শৰ্মাইয়ো এই কাৰ্যক গৰিহণা দিছে। বিজ্ঞ মহলে এনে কাৰ্যক ভুল বুলি কৈছে।
প্ৰস্তুতি পৰাশৰ, অভিজিৎ ভট্টাচাৰ্য অসমৰ ৰাইজতকৈ ডাঙৰ নেকি? ইমান বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতো, সকলোৱে বেয়া হৈছে বুলি কোৱাৰ পাছতো তেওঁলোকে কিয় মানি ল'ব পৰা নাই এই কথা।