চৰকাৰী চাকৰিৰ নামত আৰু কিমান ?আমিনুলে দিলে প্ৰমাণ....

স্বাস্থ্য বিভাগৰ নিযুক্তিৰ ভয়াবহ কেলেংকাৰী
aminul haque
aminul haque aminul haque
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

চৰকাৰী চাকৰিৰ নামত কেলেংকাৰী হয়। বহু কেলেংকাৰী অভিযোগ হৈ ৰয়। সেইবোৰ প্ৰমাণ নহয়। সম্প্ৰতি এফালে চৰকাৰে অতি নিকাকৈ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি মন বান্ধিছে আনফালে এই নিযুক্তিত এতিয়াও অনিয়ম হৈ থকা বুলি আন এচামে অভিযোগ উত্থাপন কৰিছে।

সামাজিক মাধ্যমত ইটোৰ পাছত সিটো অভিযোগ উত্থাপন হোৱাৰ পাছত তেনে অভিযোগকাৰীকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সেই অভিযোগবোৰ মিছা প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে। এটা অভিযোগ ঢাকি ৰাখিবলৈ আৰক্ষীয়ে বিচাৰিলেও আন বহু অভিযোগ উঠিয়েই আছে।

চৰকাৰী চাকৰিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা আমিনুল হক নামৰ বিশেষ ভাৱে সক্ষম যুৱকজনে এনে পৰিৱেশৰ মাজতে তথ্য প্ৰমাণসহ যি অভিযোগ শেহতীয়াকৈ উত্থাপন কৰিলে সেইবোৰৰ উপযুক্ত তদন্ত এতিয়া মুখ্যমন্ত্ৰী বা আৰক্ষীয়ে কৰিবলৈ সাহস কৰিবনে নকৰে?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰে চৰকাৰী চাকৰিৰ নামত হোৱা প্ৰহসনৰ নমুনা এয়া। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন পদৰ নিযুক্তিৰ বাবে জনসংযোগৰ D/417/2020 নম্বৰৰ এটা বিজ্ঞাপন ৫ মে' ২০২০ত 'দ্যা আছাম ট্ৰিবিউন' কাকতত প্ৰকাশ হৈছিল।

একাউটেণ্ট, একাউণ্ট এছিছটেণ্ট, কেচিয়াৰ, ষ্টেনোগ্ৰাফাৰ, ড্ৰাইভাৰ, এল ডি এ, কম্পিউটাৰ অপাৰেটৰ, ৰিচিপছনিষ্ট, ষ্ট'ৰ কীপাৰ, ৰেকৰ্ড কীপাৰ, ৰেকৰ্ড ক্লাৰ্ক, কোডিং ক্লাৰ্ক, লাইব্ৰেৰী এছিছটেণ্ট, ডেপুটি লাইব্ৰেৰীয়ান, ছচিয়েল ৱৰ্কাৰ, ডকুমেণ্টেলিষ্ট আদি পদৰ উপৰিও জনসংযোগৰ D/449/20 বিজ্ঞাপনৰ নম্বৰ যোগে ৮ মে' ২০২০ ত চতুৰ্থ বৰ্গৰ আন কিছু পদৰ বাবেও বিজ্ঞাপন দিয়া হৈছিল।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, চকীদাৰ, এটেণ্টডেণ্ট, লেবৰটৰী এটেণ্টডেণ্ট, পিয়ন, ধোবী, ৰান্ধনী আদি পদৰ বাবেও পৰীক্ষা অনুষ্ঠিত হৈছিল। ২০২২ ৰ ১৩ মে'ত এই চাকৰিৰ পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ হাজাৰ হাজাৰ যুৱক-যুৱতী অৱতীৰ্ণ হৈছিল।

জাননী নম্বৰ LMC/2/2020/4/4168 আৰু জাননী নম্বৰ LMC/2/2020/4169 যোগে এই সকলোবোৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় ১৩ ছেপ্টেম্বৰ ২০২২ত । পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলক ১৮ ছেপ্টেম্বৰ ২০২২ ত পুৱা ১০ বজাৰ পৰা মৌখিক পৰীক্ষাৰ বাবে ছয়মাইলত থকা স্বাস্থ্য সেৱা সঞ্চালকালয়ত উপস্থিত থাকিবলৈ কোৱা হয়।

ফলাফল ঘোষণা কৰাৰ দিনাই আমিনুল হক নামৰ এজন ছাত্ৰই তেওঁৰ ফেচবুক একাউণ্টৰ জৰিয়তে এটা পুৰণি পোষ্ট, ফলাফলৰ লিষ্টত থকা এটা বিশেষ নম্বৰ আৰু কিছু কথা লিখিলে। ১৩ মাৰ্চ ২০২২ ত আমিনুল হকে তেওঁৰ একাউণ্টত লিখিছিল- ''আজি লখিমপুৰ মেডিকেল কলেজৰ Grade-IV পৰীক্ষাত মোৰ এটা বেঞ্চ আগত বহা এজন পৰীক্ষাৰ্থীয়ে লিখি থকাৰ ভাও ধৰি উকা OMR Sheetত একো নিলিখাকে জমা দিয়াৰ সময়ত জমা দিব বিচাৰিছিল। নিৰীক্ষকে গম পোৱাত আৰু আমি পৰীক্ষাৰ্থী কেইজনমান আৰু নিৰীক্ষকে হুলস্থুল লগাই দিও। নিৰীক্ষকে মান্তি নোহোৱাত অৱশেষত তিনি-চাৰিটা উত্তৰ লিখে। নিজৰ নাম ৰোল নং লিখি ব্লেংক OMR Sheet জমা দিয়াৰ কাৰণ কি? সঁচাকে যোগ্যতা থকা ব্যক্তিয়ে চাকৰি পাবনে? ইয়াৰ পৰা আমি কি উমান পাও সকলোৱে কমেণ্টত জনাব।''

সেই পুৰণি পোষ্টটোৰ আঁতধৰি চৰকাৰী চাকৰিৰ পৰীক্ষাৰ নামত কি হয় সেই কথা তেওঁ লিখি সামাজিক মাধ্যমৰ জৰিয়তে উন্মোচন কৰিলে নিযুক্তিৰ পৰীক্ষাৰ নামত কি চলে। আমিনুল হকে সেই অভিজ্ঞতা বৰ্ণনা কৰি লিখা কথাখিনি আছিল- ''চৰকাৰী চাকৰিৰ নামত দুৰ্নীতি কাক কয় আজিহে বুজিলো। কিয়নো যোৱা কালি দিয়া ৰিজাল্টত যিজনে উত্তৰ বহী উকা জমা দিলে তাৰ ৰোল নং চিলেকচনত উঠিছে। পৰীক্ষাৰ দিনাই মই আপডেট দিছিলো। ৰোল নং-১২৬৯০০৪২ নামটো অমিত নে কিবা আছিল টাইটেল পাহৰিলো। ধেমাজি পাবলিক স্কুলত পৰীক্ষা দিয়া সকলো পৰীক্ষাৰ্থীক আৰু পৰীক্ষকক মাতি সুধিলেই গম পাব পৰীক্ষাৰ দিনা কি হৈছিল। মোৰ আগৰ বেঞ্চত বহি থকা পৰীক্ষাৰ্থী জনে যেতিয়া OMR Sheetখন জমা দিব বিচাৰে তেতিয়া বাইদেউ এজনীয়ে মাত লগায় উকা বহী জমা নলও। তেতিয়া লগে লগে মই পিছফালৰ পৰা থিয় হৈ মাত লগাও আৰু সকলো পৰীক্ষক আৰু পৰীক্ষাৰ্থী একগোট হৈ জবৰদস্তি ৫/১০ টা মান উত্তৰ লিখিবলৈ বাধ্য কৰা হয়। লগতে তাত থকা ফটো পৰীক্ষকে ব্যক্তি জনৰ লাইভ ভিডিঅ'ৰ লগতে ফটো আধাৰ কাৰ্ডৰ ফটো তুলি ৰাখে। ওলাই আহোতে কৈ আহিছিলো পৰীক্ষকসকলক ৰোল নং লিখি ৰাখিছো ৰিজাল্ট দিয়াৰ পিছত চাম। আজি তাৰ ৰিজাল্ট শ্বীট আৰু ৫ মাহ আগত দিয়া মোৰ আপডেট আগবঢ়ালো। যেতিয়ালৈকে চাকৰিৰ নামত দুৰ্নীতি হ'ব সিমান দিন যোগ্য জনে চাকৰি নাপায়।''

আমিনুলৰ এই কথাখিনি কেৱল অভিযোগেই নহয়। কিয়নো অ' এম আৰ শ্বীটত একো নিলিখা বুলি কোৱা ১২৬৯০০৪২ ৰোল নম্বৰৰ পৰীক্ষাৰ্থীগৰাকী কেনেকৈ উত্তীৰ্ণ হ'ল এই পৰীক্ষাত? ইয়াৰ নিশ্চয় আন এক কাৰণ থাকিব লাগিব।

সেই সময়ত নিৰীক্ষকৰ দায়িত্বত থকা দুগৰাকী নিৰীক্ষকে আমিনুলৰ অভিযোগ সত্য বুলি ইতিমধ্যে সংবাদ মাধ্য যোগে কৈছে। এতিয়া আৰক্ষী আগবাঢ়ক। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ক।

এটা শক্তিশালী চক্ৰই চাকৰীৰ এখন অদৃশ্য বজাৰ এনেকৈ গঢ়ি তুলিছে নেকি? ভিক্টৰ দাসৰ দৰে আমিনুলক আৰক্ষীয়ে ভুৱা গোচৰ জাপি দি এইবাৰ গ্ৰেপ্তাৰ কৰিলে প্ৰমাণ হ'ব নিকা আৰু স্বচ্ছতা তেওঁলোকৰ মুখৰ শ্ল'গান হে।

বাস্তৱত চৰকাৰী চাকৰিৰ নামত এইবোৰ হৈ আছে। এজনৰ ক্ষেত্ৰত এনে বিসংগতি ধৰাপৰিছে। তেনে আন বহুজন হয়তো আঁৰতেই আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in