মৃদুল কুমাৰ সন্দিকৈ
জীৱনৰ আছেনো কি? বিশ্ব ব্ৰহ্মাণ্ডৰ এই মহাশূণ্যক জীৱনৰ অস্তিত্ব বিচাৰি পোৱাতো অসম্ভৱ। তথাপিও জীৱন নামৰ এই ধাৰণা আৰু উপসনাই মানুহক লালায়িত কৰে। গীতাৰ সেই বাণীৰ দৰে পৃথিৱীলৈ আমি খালী হাতেৰেই আহো আৰু খালী হাতেৰেই উভতো।
সম্পৰ্ক, সম্পত্তি, প্ৰেম বা সন্মান সকলোবোৰেই চোন এৰি থৈ যাব লগা হয়। জীৱন আৰম্ভ হোৱাৰ লগে লগে মৃত্যু এক সত্য হৈ ইয়াৰ লগে লগেই আহে। সেয়েহে সেই জীৱনৰ বিলাসিতাৰ মাজত স্থায়িত্ব বোলা কোনো বস্তুৱেই নাথাকে।
জীৱন এক সাধনাৰ মাজেৰে অনুভৱ কৰিব পৰা অস্তিত্ব বুলি বহুতেই ক'ব খোজে। গীতাৰ মতে জীৱন কৰ্মৰ অংশ। সেয়েহে গীতাত কৈছে ভাল কাম কৰি যোৱা ফলাফলক লৈ আশা নকৰিবা।
এই আধ্যাত্মিক কথাবোৰৰ মাজতেই জীৱনৰ সন্ধান কৰোতেই বহু কথাই চুই যায়। পৰিৱৰ্তনৰ চাকনৈয়াত জীৱন ক'ত কেনেকৈ কাৰ পাৰঘাটত লাগে সেয়া কোনোৱে নাজানে।
এতিয়া ভোগবাদৰ যুগ। এই ভোগবাদে মানুহক অসুখী কৰি তোলে। চৈতন্য, প্ৰমূল্যবোধৰ পৰা সংসাৰৰ মায়া-মোহলৈকে সকলোকে জীৱনে সামৰি লয়। আমি কি কামনা কৰো? এক সুস্থ জীৱন নে প্ৰতিযোগীতাৰ মাজত হেৰাই যোৱা অসুস্থতাৰে ভৰা দিন-ৰাতি।
মানুহ বোৰ অসুৰ হৈছে নেকি? কিয় এতিয়া নাই শুভদায়ক চিন্তা? প্ৰাপ্তিৰ পাছত দৌৰি মানুহে কেৱল লাগে লাগে বুলি দুহাত মেলি বিচাৰি ফুৰে কিবা এটা। তেনে সীমাবদ্ধতা নথকা দৌৰত মানুহ আজি দৌৰিছে।
চাৰিওফালে কেৱল এনে কিছু খবৰ যিবোৰে মানুহক মানুহ ৰূপত তুলি নধৰে। কিহৰ তাড়নাত মানুহে আজি এনে কৰিছে? হত্যা, হিংসা, অপৰাধ আৰু অসুস্থ প্ৰতিযোগীতাৰ মাজত মানুহ হেৰাই গৈছে।
ইশ্বৰৰ আৰধনাই এদিন মানুহক সংযমী কৰি ৰাখিছিল। এতিয়া এই আৰধনাত সংযমতাৰ সলনি আছে নিজৰ বাবে বিচৰাৰ কিবা এটা প্ৰৱণতা। বেদৰ বাক্য, সুক্ষ্ম তত্বৰ উপলব্ধি আমি যেন কৰিব নোৱাৰো।
নিজৰ ৰিপুক দমন কৰিব নোৱাৰাৰ পৰিণতিতেই আমি হৈ পৰো পশুতুল্য। অপৰাধৰ প্ৰৱণতা মানুহৰ মাজত বাঢ়ি গৈয়ে আছে। স্থিতপ্ৰজ্ঞ, ব্ৰহ্মজ্ঞানী আৰু নিজক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ সলনি প্ৰায় প্ৰতিজন মানুহে এতিয়া ভোগৰ পৃথিৱী খনৰ বাসিন্দা হৈ পৰিছে ক'ব নোৱাৰাকৈ।
সামৰ্থ অনুসৰি বিবেকৰ বাচ-বিচাৰ কৰাৰ সলনি আত্ম জ্ঞানৰ পৰা আঁতৰি এক বিহ্বল, অচেতন প্ৰজ্ঞাই মানুহৰ জ্ঞানৰ দুৱাৰ খুলি দিব নোৱাৰে। সেই উপলব্ধি কৰিব নোৱাৰাৰ বাবেই আত্ম বিশ্লেষণ নাই ,আছে আত্মশ্লাঘা।
মানুহৰ মাজত মানুহৰ ভিৰত হেৰাই গৈছে মানুহ। জিঘাংশাৰ বলি হৈ ক'ত কোনে কেতিয়া প্ৰাণ দিব লাগে তাৰো নিশ্চিয়তা নোহোৱা হৈছে। বয়স বঢ়াৰ লগে লগে মহাজীৱনৰ মহাতাত্বিক বৈষয়িক সুখবোৰ কৰবাত হেৰাই যায়।
কি থাকে তেতিয়া জীৱনৰ বাবে? সংশয়ৰ মাজত অতিক্ৰম কৰিব লগা বানাপ্ৰস্থ এই দিনবোৰত জীৱনেই চোন হৈ পৰে কাৰোবাৰ বাবে গধুৰ বোজা। আত্মীয়জনৰ চিন্তাই সামৰি লয় বহু দুচিন্তাক।
এখন ঘৰৰ ভিতৰতো নিৰ্ভয়ে মানুহ থাকিব পৰাকৈ নিৰাপদ নহয়।বাৰ্ধক্য আৰু ৰোগে ছানি ধৰে। আমাৰ সমাজ ব্যৱস্থাত এটা পৰিয়ালত সেই জীৱনৰ বিয়লি বেলা দিনবোৰ ইমান ৰং বিহীন নাছিল।
শৈশৱৰ দিনবোৰেই ভাল। প্ৰাচুৰ্য্যতাৰে ভৰা সপোনবোৰে ভৱিষ্যতৰ দিনবোৰ ফৰকাল কৰি ৰাখে।কিন্তু লাহে লাহে জীৱনৰ ৰং আঁতৰে।পোখা মেলা সপোনবোৰ সপোন হৈয়ে আঁতৰি যায়।
আৰু কিমান দুখবৰ। হত্যা, হিংসা, বলৎকাৰ আন অপৰাধে জীৱনক অপতৃ্ণৰ দৰে ছানি ধৰিছে।জীৱনৰ যেন এতিয়া কোনো মাধুৰ্যতাই নাই। ধনী, দুখীয়া সকলোৰেতো এটাই ঠিকনা।
মৃত্যুৰ পিছে পিছে দৌৰি ফুৰোতে আমি পাহৰি যাঁও সেইবোৰ কথা। তাৰমাজতেই প্ৰেম, ভালপোৱাই জীৱনক ছানি ধৰে। সেই প্ৰেম জীৱনৰ প্ৰেম। জীৱনক জিনিবলৈ অনুশীলন কৰা সময়বোৰ আঙুলি ফাকেৰে সৰি পৰে।
তথাপিও জীৱনৰ অস্তিত্ব আমি বিচাৰি পাঁও। মুহুৰ্তৰ বাবে অন্যমনস্ক হৈ পুনৰ জীৱনৰ মোহতেই পৰো। জটিলতা আৰু কঠিনতাৰ মাজতেই জীৱন জিনাৰ হাবিয়াসত জীৱনৰ প্ৰতি মুগ্ধ হৈ জীৱন কিনো বুলি কোৱাৰ পাছতো জীৱনেই সৰ্বোচ্চ বুলি ভাৱো।
আৰু পঢ়ক: প্রাতঃভ্রমণলৈ অহা লোকক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে, নিহত…