নগ’ল নেকি মোগল !

নগ’ল নেকি মোগল !

author-image
asomiyapratidin
New Update
নগ’ল নেকি মোগল  !

মৃদুল কুমাৰ সন্দিকৈ

মোগলৰ ইতিহাসে আমাক কেতিয়াও গৌৰৱান্বিত কৰিব নোৱাৰে। বৰঞ্চ বাৰে বাৰে আহোম ৰাজ্যক আক্ৰমণ কৰি আমাৰ স্বাধীনতাক কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। ১২০৬ খীষ্ট্ৰাব্দৰ পৰা ১৮৫৭ লৈকে ৰাজত্ব কৰা মোগলসকলে ভাৰতীয় সভ্যতা, সংস্কৃতিক গঢ়িছে বুলি কোনোবাই দাবী কৰিলে তাক সমৰ্থন কৰিব নোৱাৰি।

লাচিত বৰফুকনৰ দেশ অসম। অসমৰ স্বাধীনতা সেই সময়ত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে ৰক্ষা নকৰা হ'লে আজি অসমৰ অস্তিত্ব হয়তো নাথাকিল হয়। মোগল সম্ৰাটসকলে অসমলৈকে নিজৰ সাম্ৰাজ্যৰ বিস্তাৰিত কৰাৰ চেষ্টাৰে এবাৰ দুবাৰ নহয় ১৭ বাৰকৈ অসম আক্ৰমণ কৰিছে।

সেই মোগল সেনাৰ হাততেই আলাবৈৰ ৰণত ১০ হাজাৰ আহোম সেনাৰ মৃত্যু হৈছিল। তেনে এক ইতিহাস থকাৰ পাছত অসমক প্ৰতিনিধিত্ব কৰা কোনো এজন জনপ্ৰতিনিধিয়ে যদি কৈ দিয়ে মোগলক লৈ মই গৌৰৱ কৰোঁ তেনে সেয়া তেওঁৰ ইতিহাস আৰু লাচিত বৰফুকনক উপহাস কৰাৰ চেষ্টাৰ বাদে আন একো নহয়।

লালকীল্লাৰ পৰা কিয় পতাকা উত্তোলন কৰা হয় বুলি মোগলৰ পক্ষত যুক্তি দিয়া তেনে জনপ্ৰতিনিধিয়ে হয়তো নাজানে ঐতিহ্য হৈ পৰা লালকীল্লা এতিয়া মোগলৰ প্ৰতীক হৈ থকা নাই। ৰাজনীতিৰ বাবে কোনোবা বিশেষ সম্প্ৰদায়ৰ লোকক প্ৰৰোচিত কৰিবলৈ সাম্প্ৰদায়িকতাৰ এই আৱেগৰ খেল খেলাসকলে নিজকে কেতিয়াও অসমীয়া বুলি ভাবিব নোৱাৰাটো ডাঙৰ বিড়ম্বনা।

আমি মহৎ নহয় যে, বীৰ লাচিতক লৈ গৌৰৱ কৰা সলনি মোগলৰ ৰাম সিংহ, মীৰজুমলা বা ঔৰংগজেৱক বীৰ পূজা কৰিম। সাম্প্ৰদায়িক ৰাজনীতিৰ দুখন খেল এতিয়া চলি আছে। এখন খেলত কোন কিমান হিন্দু আৰু আনখন খেলত কোন কিমান মুছলমান তাক প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলে।

নিৰ্বাচনৰ বতৰ অহাৰ আগে আগে সেই খেল আৰু তীব্ৰতৰ হয়। মোগলে হেনো ভাৰতক হিন্দুস্তান বুলি কৈছিল। হিন্দুস্তানৰ আধাৰ মোগলে গঢ়ি থৈ গৈছিল! শাসক হিচাপে মোগলৰ সম্ৰাটসকলৰ তেওঁলোকৰ অৱদান বুৰঞ্জীয়ে বিচাৰ কৰিব।

প্ৰতিজন মোগল শাসকেই ভাল বা বেয়া, সেয়া আপেক্ষিক বিষয়। মোগলৰ শাসনৰ জয়গান গাই মোগল প্ৰেমী হৈ কোনোবাই যদি অসমৰ স্বাভিমানত আঘাতহানিব খোজে তেনেহ'লে সেইসকলৰ এনে মানসিকতাৰ অন্তৰালত বহু কথা লোকাই থাকিব পাৰে।

যিদৰে হিন্দুত্ববাদী ধ্বজ্জা উৰুৱাই মুছলমানসকলক তাজ্যৰূপত তুলি ধৰিব খোজাসকলক যি কঠোৰ ভাষাৰে সমালোচনা কৰাৰ প্ৰয়োজন একেই সুৰতে তেওঁলোককো ধিক্কাৰ দিবলগা হয়। দেশৰ সভ্যতা, সংস্কৃতি এদিনতে গঢ়লৈ উঠা নাই।

মোগলসকলৰ আগমণৰ বহু পূৰ্বেই ভাৰতত সনাতন সভ্যতা গঢ়লৈ উঠিছিল। তাক মোগলৰ শাসনে কি মাত্ৰ দিলে দিলে তাৰ আলোচনা হ'ব পাৰে। কিন্তু ভাৰতবৰ্ষ বা হিন্দুস্তানৰ আধাৰ মোগলৰ জৰিয়তে হোৱা বুলি কোনোবা আব্দুল খালেকে কৈ দিলেই ইতিহাস সলনি হৈ নাযায়।

অসমৰ মাটি, বায়ু, পানীত মোগলৰ অধিকাৰৰ কথা ক'ৰ পৰা আহিল? উমানন্দ মন্দিৰৰ বাবে মোগলে মাটি দান দিয়া তথ্য কাৰোবাৰ পৰিকল্পিত প্ৰচাৰ বুলি ইতিমধ্যে চৰ্চা হৈছে। চুলতান নবাবে আমাৰ নিজৰ সম্পত্তিক কেনেকৈ দান দিয়াৰ অধিকাৰ পাব?

তাজমহল, কুটুবমিনাৰ সেইবোৰত এতিয়া মানুহে মোগলক বিচাৰি নুফুৰে। তাৰ স্থাপত্যই কথা কয়। সেই সময়ত মোগল শাসকসকলে সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ দৌৰত সুবিধা হ'ব পৰাকৈ আন কিছু কাম কৰিছিল। সেইবোৰক মোগলসকলৰ জনকল্যাণ কাম বুলি গণ্য কৰাৰ বিপৰীতে প্ৰজাক নিয়ন্ত্ৰণ কৰি সমান্তৰালভাৱে ধৰ্ম প্ৰচাৰৰ এক কৌশল হিচাপেও বিচাৰ কৰিব পাৰি।

মোগলৰ গুণানুকীৰ্তন হওক। কিন্তু অসমক গৌণ কৰি, ৰাজনীতিলৈ দৃষ্টি ৰাখি সমাজখনক অপ্ৰাসংগিক ভাৱে মেৰু বিভাজন কৰিবলৈ এই কাম কেতিয়াও কৰা উচিত নহয়। ইয়াৰ বিৰুদ্ধে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে তেনে সুযোগ লোৱাসকলক উচিত শিক্ষা দিব পৰাকৈ প্ৰতিবাদ বাঞ্চনীয়।

হঠাৎ মোগল, হঠাৎ মিঞা, হঠাৎ হিন্দুত্ব কোনোতোৱেই আমাৰ বাবে কাম্য নহয়। মানুহৰ পৰিচয়েৰে, কামৰ মাজেৰে, সমাজ-ৰাজনীতি মূল্যায়ণ হ'ব লাগে। মোগলৰ প্ৰতি প্ৰেম প্ৰদৰ্শনেৰে যিসকলে সাম্প্ৰদায়িকতাক সম্বল কৰি লৈ ব্যক্তিগত ৰাজনৈতিক সিদ্ধি বা দলীয় ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাৰ প্ৰয়াস কৰিছে, তেওঁলোকে গৰিহণাৰ যোগ্য।

ৰহিঙ্গীয়া মুছলমানসকলক অসমলৈ আনিবলৈ চকুপানী টোকা আব্দুল খালেকৰ দৰে নেতাক মোগলক লৈ গৌৰৱ কৰা অৱকাশ কোনে দিছে? সেয়াও আন এক গুৰুত্বপূৰ্ণ বিষয়। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰাৰ সময়ত মোগলৰ প্ৰসংগৰে মোগলক লৈ গৌৰৱ কৰাসকলৰ মানসিকতাৰ বিৰুদ্ধে প্ৰয়োজন হৈছে এতিয়া আৰু এখন শৰাইঘাটৰ যুদ্ধ।