ইমান ভাল দিন: খাবলৈও ল’ব লাগিব ঋণ…

ইমান ভাল দিন: খাবলৈও ল’ব লাগিব ঋণ…

author-image
asomiyapratidin
New Update
ইমান ভাল দিন: খাবলৈও ল’ব লাগিব ঋণ…

মৃদুল কুমাৰ সন্দিকৈ

ইয়াতকৈ ভাল দিন আৰু পৰিৱৰ্তন কি হ'ব পাৰে। যুদ্ধ চলি আছে যে সেই কাৰণে হেনো বয়-বস্তুৰ দাম বাঢ়িছে। শাসকীয় দলৰ এজন জনপ্ৰতিনিধিয়ে মূল্য বৃদ্ধি সন্দৰ্ভত দোষ জাপি দিলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ওপৰত।

 একোটা নেমুৰ দাম ২০ টকা! এই প্ৰসংগতে তেওঁ কথাষাৰ কৈ দিলে। মূল্যবৃদ্ধিৰ নতুন সূত্ৰ উদ্ভাৱণ কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। তেওঁৰ মতে নেমুৰ মূল্য চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে । এয়া উৎপাদনৰ কথা। নিজকে খেতিয়ক আখ্যা দি ৩০ দিন ধৰি চলি থকা যুদ্ধখনৰ প্ৰভাৱটো পৰিবই বুলি মূল্যবৃদ্ধিৰ সপক্ষে থিয় দিলে।

ভাল দিন বিচাৰি যি সকল উত্ৰাৱল হৈ পৰিছিল তেওঁলোকে এতিয়া মুৰে কপালে হাত দি ভাৱিছে-এইবোৰ দিনেই যদি ভাল দিন, তেনেহ'লে আগৰ সেই বেয়া দিনবোৰেই ভাল আছিল।

ভৱাৰ দৰেই ৫ ৰাজ্যৰ নিৰ্বাচন অন্ত পৰাৰ পাছত পেট্ৰ'ল-ডিজেলৰ মূল্য বাঢ়িল। প্ৰায় ৩৭ দিন চৰকাৰে কোনোমতে মূল্যবৃদ্ধি নোহোৱাকৈ নিৰ্বাচনৰ স্বাৰ্থত এই ইন্ধনজাত সামগ্ৰীৰ বজাৰখন নিয়ন্ত্ৰণ কৰিছিল। তাৰ মাজতেই আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অভিলেষ সংখ্যকভাৱে বৃদ্ধি পাইছিল কিন্তু তাৰ প্ৰভাৱ পেট্ৰ'ল-ডিজেলৰ ওপৰত পৰা নাছিল।

৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত চৰকাৰে আকৌ আগৰ ফৰ্মূলা গ্ৰহণ কৰিলে। সেই আন্ত:ৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ দোহাই দি প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলৰ সৈতে অতিৰিক্ত ধন যোগ দিলে ।

নিৰ্বাচন পাৰ হৈ গ'ল। প্ৰতি লিটাৰ পেট্ৰ'লত ৮0 পইচা আৰু প্ৰতি লিটাৰ ডিজেলট ৬৯ পইচা বৃদ্ধি কৰিলে। আচলতে পেট্ৰ'ল-ডিজেলৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ খাৰুৱা তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰশীল নে নিৰ্বাচনী ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল সেই কথাক লৈ এতিয়া দেশবাসীৰ মাজতেই দোমোজা লাগিছে।

কেৱল পেট্ৰ'ল-ডিজেলৰ মূল্যই নহয়, ঘৰুৱা ৰন্ধন গেছৰ মূল্য একেই কোবত ৫০ টকাকৈ বৃদ্ধি পালে । প্ৰায় ১০০০ টকায়েই হ'ল ঘৰুৱা ৰন্ধন গেছৰ একোটা চিলিণ্ডাৰৰ মূল্য। ৰাজ্যত বিদ্যুতৰ মূল্যও বৃদ্ধি পালে। ১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ মূল্য ৫৯ পইচা বৃদ্ধি পাব।

একেলগে ইমানবোৰ ভাল খবৰ। এদিন বিজেপিয়ে প্ৰচাৰ চলাইছিল, নিৰ্বাচনত ১০০+ৰ লক্ষ্য তেওঁলোকৰ। ৰাইজেও হাত উজান দিছিল। ভাৱিছিল ৰাইজৰ কথা কোৱা এই চৰকাৰে অন্তত দুৰ্নীতি স্ৰজনপ্ৰীতিত লিপ্ত কংগ্ৰেছৰ বিকল্প হিচাপে ৰাইজৰ হৈ কাম কৰিব।

চৰকাৰ আহিল।দেশৰ কথা বাদ,ৰাজ্যতো বহু পৰিৱৰ্তনৰ আভাস পালে। নেমুৰ মূল্য ২০+, প্ৰতি ইউনিট বিদ্যুত ৫৯পইচা+, ৰন্ধন গেছৰ চিলিণ্ডাৰত মূল্য ১০০০+,  পেট্ৰল-ডিজেলত কমে ৮০পইচা + আৰু  ৬৯ পইচা +।

চৌদিশে কেৱল উন্নতি! নেমুৰ মূল্যবৃদ্ধিৰ বাবে সৰ্বসাধাৰণক দোষ দিয়া শাসকীয় বিধায়ক জনৰ পৰামৰ্শ মানিলে প্ৰতিজন লোকে বা প্ৰতিটো পৰিয়ালে এজোপাকৈ নেমু ৰুলে হেনো মূল্যবৃদ্ধি প্ৰতিৰোধ হ'ল হয়। আনকি তেওঁ টাবত নেমু ৰোৱাৰ দৰে পৰামৰ্শও দিলে।

নেমু বাৰু ৰুই ল'ব। পেট্ৰ'ল-ডিজেল, বিদ্যুত, চিলিণ্ডাৰ, নিৰ্মাণকাৰ্যৰ সামগ্ৰী এইবোৰ ক্ষেত্ৰত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব সেই উপদেশ এতিয়া তেওঁৰ পৰা আহিব বুলি নিশ্চয় আশা কৰিব পাৰি।

ৰাজ্যত এটা অসামৰিক খাদ্য যোগান বিভাগ আছে।সেই বিভাগটোৰ এজন মন্ত্ৰী আছে। তেওঁলোকে যদি এইবোৰ ক্ষেত্ৰতেই মন কাণ নিদিয়ে তেনেহলে আন কি কাম কৰে।

গাখীৰৰ মূল্যবৃদ্ধি হৈছে। খোৱা পানীৰো মূল্যবৃদ্ধি হোৱাৰ পথত। ১০ টকীয়া আধা লিটাৰ পানী বটলৰ মূল্য ১৫ টকা হোৱাৰ দিশত।আৰু যদি চৰকাৰ বা চৰকাৰৰ পক্ষৰ প্ৰতিনিধিয়ে মূল্যবৃ্দ্ধিৰ পক্ষত এনেদৰে থিয় দি মানুহক কেকোঁৰা চেপা দিবলৈ উদগনি দিয়ে তেনেহলে এইখন শ্ৰীলংকা হ'বলৈ বেছিদিন নালাগিব।

শ্ৰীলংকাত মুদ্ৰাস্ফীতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। অভাৱনীয় হাৰত প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃ্দ্ধি হৈছে। তাৰণো কি পৃথক পৰিৱেশ অসমত। ১০ টকাত ৩ টা নেমু পোৱা ৰাজ্যত এতিয়া ১টা নেমুৰ মূল্য মহানগৰীত ২০ টকা। তুলনা কৰক এই মূল্যবৃদ্ধিৰ ভয়াবহ স্বৰূপ।

ঔষধৰ মূল্যবৃদ্ধি আন এক সমস্যা হৈ থিয় দিছে। যোৱা ১ সপ্তাহত ঔষধ কোম্পানীবোৰেও ঔষধৰ মূল্যবৃদ্ধি কৰিছে। ৰাজ্যসভা নিৰ্বাচনক লৈ ব্যস্ত শাসক-বিৰোধী। সাধাৰণ মানুহৰ এইবোৰ দুৰ্দশাৰ কথা ভাৱিবলৈ তেওঁলোকৰ ক'ত আজৰি।

দাম বৃদ্ধি পাইছে একাংশ বিধায়কৰো।পেট্ৰল'ৰ দাম বাঢ়িছে, ডিজেলৰ দাম বাঢ়িছে, চিলিণ্ডাৰৰ দাম বঢ়ালে চৰকাৰে। সকলোৰে দাম বাঢ়িছে, মাঁথো কমিছে সাধাৰণ মানুহৰ জীৱন আৰু মৰ্যদাবোধৰ মূল্য।

মূল্যবৃদ্ধি হ'লে ধনী শ্ৰেণীটোৰ গাত নালাগে। ধন অহাৰ তেওঁলোকৰ হাজাৰটা পথ আছে। শ্ৰমিক আৰু নিম্ন আয় কৰা শ্ৰেণীটোৰ বাবে মূল্যবৃদ্ধি এক ডাঙৰ বোজা। জীৱন তেওঁলোকৰ নচলা হৈ যায়। নিমিলে দৈনিক অংক। সাধাৰণ মানুহৰ কল্যানৰ কথা চিন্তা কৰা বুলি কোৱা চৰকাৰে মূল্যবৃদ্ধিৰ মাধমাৰটো তেওঁলোকৰ ওপৰতে কৌশলেৰে মাৰে। তাৰপাছত হিতাধিকাৰী সৃষ্টিৰে বিনামূল্যৰ সামগ্ৰী বা নগদ ধন দি মলম লগায়।

উৎপাদনশীল জাতি এটাক পংগু কৰি শোষনৰ মায়াজাল ৰচে। দেশ বাৰু কিমান দিনলৈ এনেকৈ চলিব? কৌশলেৰে দৰিদ্ৰতা আৰু আন সমস্যাক গাপ দি ভাল লগা কথা কৈ ফুৰা মানুহবোৰেও সকলো কথা জানে। ৰাজনৈতিক চলনাময়ী কথা-বতৰাৰে মোহবন্দী হৈ আজি হাত-চাপৰি মাৰি বহি থকা বহুতৰে মোহভংগ হৈছে। সাৰ পাই বুজিছে- ভাল দিন কি?

assam LPG CYLINDER petrol price hike deisel