উপ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল, পঢ়ক সবিশেষ

উপ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল, পঢ়ক সবিশেষ
Published on
Updated on

ডিজিটেল ডেস্ক : শুকুৰবাৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই উপ নিৰ্বাচন সন্দৰ্ভত দিশপুৰস্থিত জনতা ভৱনত সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলৰ জৰিয়তে আসন্ন উপ নিৰ্বাচন সন্দৰ্ভত কেতবোৰ কথা নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে।

সংবাদমেলযোগে জানিবলৈ দিয়া মতে অসমত ৫টা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। ছেপ্টেম্বৰত অসমৰ ৫ সমষ্টিৰ হ’ব উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে।

লগতে উল্লেখ কৰে যে চামগুৰি, ছিদলী, ধলাই, বঙাইগাঁও আৰু বিহালী সমষ্টিত হ’ব উপ-নিৰ্বাচন। পুৰণি বিধানসভা সমষ্টি অনুযায়ীয়ে হ’ব উপ নিৰ্বাচন।

ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে ২০ আগষ্টত প্রকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। শনিবাৰে ৰাজনৈতিক দলসমূহক খচৰা ভোটাৰ তালিকা প্রদান কৰা হ’ব। ইয়াৰোপৰি ২৭ জুলাইৰ ভিতৰত দলসমূহে মতামত জনাব লাগিব বুলি স্পষ্ট কৰি দিয়ে।

আনহাতে ৩০ জুলাইত খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হ’ব, অৱশ্যে দাবী আৰু আপত্তি অনলাইনযোগে আবেদন কৰিব নোৱাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত BLOৰ জৰিয়তে পূৰণ কৰিব লাগিব প্র-পত্র।

উপ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল, পঢ়ক সবিশেষ
সপ্তম NCORD বৈঠকত গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় নাৰ্কোটিক হেল্পলাইন 'MANAS'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in