ডিজিটেল সংবাদ, কাজিৰঙা : বহাগৰ প্ৰাকক্ষণত নানাৰঙীন ফুলেৰে জাতিস্কাৰ হৈ পৰিছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান ৷ বহাগৰ প্ৰাকমুহূৰ্তত ফুলেৰে উপচি পৰা ভৰপক অৰ্কিড উদ্যানত ভিৰ বাহিছে পৰ্যটকৰ ৷
কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত এতিয়া ফুলিছে ইপাহৰ পিছত সিপাহকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ নানাৰঙী অৰ্কিড। যাৰ বাবে উদ্যানখনৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মনত এতিয়া ব্যাপক উচাহ। অৰ্কিড উদ্যানৰ অৰ্কিড ফুলাৰ নয়নাভিৰাম দৃশ্যই সমানেই প্ৰাণ জুৰাইছে উদ্যানখনলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ ৷
উল্লেখ্য যে এপ্ৰিলৰ এই সময়তে ফুলে উদ্যানখনত থকা সকলো দুস্প্ৰাপ্য অৰ্কিড। বিশ্বৰ আটাইতকৈ সৰু অৰ্কিডটোৰ পৰা সুগন্ধি বোৱাৰী কপৌ লৈ উদ্যানখনৰ সকলো অৰ্কিডেই এতিয়া নতুন ৰূপত জাতিষ্কাৰ হৈ পৰিছে ৷ উদ্যানখনৰ কৰ্মচাৰীসকলৰ বছৰজোৰা আপদাল আৰু কঠোৰ শ্ৰমৰ ফলত এই সময়ত ফুলি উঠিছে প্ৰতিটো দুস্প্ৰাপ্য অৰ্কিডৰ প্ৰজাতি। যেন ৰঙৰহে মেলা পাতিছে প্ৰতিপাহ অৰ্কিডে। বহাগৰ প্ৰাকক্ষণত এনে দৃশ্যই যেন মুখত হাঁহি বিৰিঙাই তুলিছে উদ্যানৰ প্ৰতিগৰাকী কৰ্মচাৰী তথা পৰ্যটকৰ ৷
Also Read: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ...