দীপাংকৰ, বিশালৰ পিছত স্বপ্ননীলঃ আৰু বা কিমানে মেলিছে ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ জাল !

উজনি, নামনি সৰ্বত্ৰে ট্ৰেডিঙৰ জালত ভৰি দি বিপদত বিনিয়োগকাৰী
দীপাংকৰ, বিশালৰ পিছত স্বপ্ননীলঃ আৰু বা কিমানে মেলিছে ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ জাল !
দীপাংকৰ, বিশালৰ পিছত স্বপ্ননীলঃ আৰু বা কিমানে মেলিছে ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ জাল !
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যত ট্ৰেডিঙৰ নামত চলি থকা অবৈধ কাম-কাজসমূহ এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে। ট্ৰেডিঙৰ জৰিয়তে ৰাতিটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখুৱাই একাংশ লোকক প্ৰৱঞ্চনা কৰি অহা এক বৃহৎ চক্ৰ এতিয়া আৰক্ষীৰ জালত।

ডি বি ষ্টক ব্ৰকিঙৰ দীপাংকৰ বৰ্মনৰ কু-কাৰ্য পোহৰলৈ অহাৰ সময়তে চৰ্চালৈ আহিছিল ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ ২২ বছৰীয়া যুৱকজনৰ কাহিনী। এই বিশাল ফুকনক সোমবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছতে নিশাই গুৱাহাটীৰ বেলতলাৰ এটা এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে আটক কৰে স্বপ্ননীল দাস নামৰ আন এজন যুৱকক।

স্বপ্ননীল দাসৰ বিৰুদ্ধেও উত্থাপিত হৈছে ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰি আত্মৎসাত কৰাৰ অভিযোগ। স্বপ্ননীল দাস নামৰ এই যুৱকজনেও অধিক লাভৰ আশা দেখুৱাই ভিন্নজনৰ পৰা ট্ৰেডিঙৰ নামত ধন সংগ্ৰহৰ অভিযোগ উঠিছে।

ইফালে সোমবাৰে বিশাল ফুকনক আটক কৰাৰ পিছৰে পৰা আত্মগোপন কৰি আছে চুমি বৰা নামৰ কৰিঅ'গ্ৰাফাৰগৰাকীয়ে। নিশাৰে পৰা মোবাইল অফ কৰি আত্মগোপন কৰি থকা চুমি বৰাকো শীঘ্ৰেই আৰক্ষীয়ে আটক কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

দীপাংকৰ, বিশালৰ পিছত স্বপ্ননীলঃ আৰু বা কিমানে মেলিছে ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ জাল !
যদি বিশাল ফুকনো পলাই যায় !

মন কৰিবলগীয়া যে, ডি বি ষ্টক ব্ৰকিঙৰ জৰিয়তে গুৱাহাটীত হাজাৰ কোটি টকা আত্মসাৎ কৰি পলায়ন কৰা দীপাংকৰ বৰ্মনৰ কুকাৰ্যৰ বিষয়ে সংবাদ মাধ্যমত চৰ্চা চলি থকাৰ সময়তে অসমীয়া প্ৰতিদিন ডিজিটেলে ডিব্ৰুগড়ত বিশাল ফুকনে একেই ধৰণে সংঘটিত কৰা কেলেংকাৰীৰ তথ্যসহ একাধিক প্ৰতিবেদন প্ৰকাশ কৰিছিল।

কিদৰে বিশাল ফুকন নামৰ যুৱকজনে বিভিন্ন ব্যক্তিৰ পৰা ষ্টক মাৰ্কেটত বিনিয়োগ কৰিবলৈ ধন সংগ্ৰহ কৰিছিল সেই বিষয়ে প্ৰকাশ পাইছিল। এই সন্দৰ্ভত স্পষ্টিকৰণ দিবলৈ গৈয়ে বিশাল ফুকন নামৰ যুৱকজনে স্বীকাৰ কৰি লৈছিল কিদৰে তেওঁ ছেবিৰ গাইডলাইন ভংগ কৰি ধন সংগ্ৰহ কৰিছিল।

নটাৰীৰ জৰিয়তে চুক্তি কৰি ৬০ টা কৰ্মদিনত ৩০ শতাংশ লাভ দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা বিশাল ফুকনে বিনিয়োগকাৰীক এই ধনৰ মূলধন ঘূৰাই দিয়া দূৰৰে কথা লাভাংশৰ এটা অংশহে দিছিল। ইয়াৰ বিপৰীতে বিশালে প্ৰমোদ বিলাস ভ্ৰমণতত লিপ্ত থাকি, কাপোৰ সলনি কৰাৰ দৰেই বিলাসী বাহন সলনি কৰিছিল।

২২ বছৰ বয়সতে বিলাসী জীৱনৰ গৰাকী হৈ পৰা বিশালে আনকি পাতি লোৱা বায়েকৰ বিয়াও অতি ধুমধামেৰে পাতিছিল। ৰাজস্থানলৈ সকলোকৈ লৈ গৈ বলিউডৰ অতি জনপ্ৰিয় মনিষ মালহোত্ৰাৰ ডিজাইনৰ লেহেংগা পিন্ধাই পাতি লোৱা বায়েকৰ ডেষ্টিনেচন ৱেডিংৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে চমক দিছিল।

সেইদৰেই বিশাল ফুকন নামৰ এই যুৱকজনে খুলিছিল ৪ টা ফাৰ্মা কোম্পানীও। এই কোম্পানীৰ অংশীদাৰ হৈছিল কৰিঅ'গ্ৰাফাৰ চুমি বৰাৰ ককায়েক আৰু বৌয়েক। কেৱল ইমানেই নহয়, কেইবাখনো চিনেমা আৰু ৱেব ছিৰিজতো বিশাল ফুকনে বিনিয়োগ কৰা বুলিও জানিব পৰা গৈছিল।

বিশাল ফুকনৰ এইবোৰ দিশৰ বিষয়ে চৰ্চা চলি থকাৰ মাজতে সোমবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জব্দ কৰিছে বিশাল ফুকনৰ ৬টাকৈ আইফোন। সমান্তৰালকৈ ছীল কৰিছে বিশাল ফুকনৰ আটাইকেইটা বেংক একাউণ্ট।

দীপাংকৰ, বিশালৰ পিছত স্বপ্ননীলঃ আৰু বা কিমানে মেলিছে ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ জাল !
পেইছে পে' কিউ মৰতে হৌ...

আৰক্ষীয়ে আটক কৰিছে বিশাল ফুকনৰ মেনেজাৰব বিপ্লৱ হাজৰিকাক। আনহাতে চুমি বৰাৰ বাসগৃহতো অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে এটা আইফোন।

ডিব্ৰুগড়ত এইদৰে বিশাল ফুকন নামৰ প্ৰৱঞ্চকজনকলৈ আৰক্ষী ব্যস্ত থকাৰ মাজতে গুৱাহাটীত স্বপ্ননীল দাস পৰিছে আৰক্ষীৰ জালত। স্বপ্ননীল দাস নামৰ শিৱসাগৰৰ এই যুৱকজনো অতি কম সময়ৰ ভিতৰতে ষ্টক মাৰ্কেটত বিনিয়োগৰ জৰিয়তে ধনী হৈ পৰিছিল।

স্বপ্ননীল বৰাই আনকি গুৱাহাটীত 'ট্ৰেডিং ফ্ৰম এ লিভিং' নামৰ এটা প্ৰতিষ্ঠানো গঢ় দিছিল। ৰাজ্যৰ বহু জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত ইউটিউবাৰৰ জৰিয়তে প্ৰায়ে তেওঁ এই প্ৰতিষ্ঠানৰ প্ৰচাৰ কৰাৰ লগতে কিদৰে কম সময়তে অধিক ধন ঘটিব পাৰি তাৰ এখন জাল মেলিছিল।

এনে জালত ভৰি দিয়েই বহুতেই সাঁচতীয়া ধন হেৰুৱাইছে। স্বপ্ননীল দাসে গঢ় দিয়া তেওঁৰ এই প্ৰতিষ্ঠানতে বহু যুৱক-যুৱতীক ট্ৰেডিঙৰো শিক্ষা দিছিল। কিন্তু স্বপ্ননীল দাসৰ এই প্ৰতিষ্ঠানখনো ভুৱা বুলি জানিব পৰা গৈছে।

ছেবিৰ গাইডলাইন ভংগ কৰা এই প্ৰতিষ্ঠানখনৰ জৰিয়তে স্বপ্ননীল দাসে অধিক ধন লাভৰ প্ৰলোভন দিছিল। ছেবিৰ গাইডলাইন অনুসৰি কোনো ট্ৰেডাৰে ছেবিৰ নিৰ্দেশনা অবিহনে ট্ৰেডিঙৰ প্ৰশিক্ষণ দিব নোৱাৰে।

সমগ্ৰ ভাৰতত নামমাত্ৰ লোকেহে এনে অনুমতি লাভ কৰিছে। স্বপ্ননীল দাসে ছেবিৰ পৰা তেনে কোনো অনুমতি লোৱা নাই। তেওঁ প্ৰতিষ্ঠানকো স্বীকৃতি প্ৰদান কৰা হোৱা নাই। এনে পৰিস্থিতিত স্বপ্ননীল দাসৰ প্ৰতিষ্ঠানখন যে ভুৱা সেয়া স্পষ্ট হৈছে।

জানিব পৰা মতে ষ্টক মাৰ্কেটত বিনিয়োগৰ কেলেংকাৰীয়ে ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টিৰ সময়তে স্বপ্ননীল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল তেওঁৰে এগৰাকী শিক্ষাৰ্থী ৱাছিম আলী আব্বাছে। আব্বাছ নামৰ এই শিক্ষাৰ্থীয়ে স্বপ্ননীল দাসৰ জৰিয়তে ২৬ লাখ টকা ট্ৰেডিঙত লগাইছিল।

কিন্তু এই টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। এই অভিযোগৰ পিছতে আৰক্ষী থানাত স্বপ্ননীল দাসৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত ৯৩৪/২০২৪ নম্বৰত ৪২০/৪০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। তাৰোপৰি তেওঁৰ বিৰুদ্ধে অনিয়ন্ত্ৰিত পুঁজি জমা আইন ২০০৯ ৰ ধাৰা ২১(১), ২১(২), ২১(৩), ২২ আৰু ২৩ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

ইফালে নিশা স্বপ্ননীল দাসক আটক কৰাৰ পিছতে আজি তেওঁৰ প্ৰতিষ্ঠানৰ একাংশ শিক্ষাৰ্থীয়ে তেওঁৰ সমৰ্থনত উপস্থিত হয়হি দিছপুৰ আৰক্ষী থানাত। তেওঁলোকে স্বপ্নীনীল দাস নিৰ্দোষী বুলি দাবী কৰি তেওঁলোকে কয় যে, স্বপ্ননীলে কোনো প্ৰৱঞ্চনা কৰা নাই।

অৱশ্যে কোনোধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা নহয় তাৰ বাবে আৰক্ষীয়ে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াই। এইদৰেই এতিয়া ৰাজ্যত এজনৰ পিছত এজনকৈ প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰিছে।

আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে, কিদৰে এইসকল প্ৰৱঞ্চকে প্ৰশাসনৰ নাকৰ তলতে থাকি ইমান ডাঙৰ অৰ্থনৈতিক অপৰাধ সংঘটিত কৰিব পাৰিছে? কিয় অনিয়ন্ত্ৰিত হৈ পৰিছে এনে প্ৰৱঞ্চনা? এই প্ৰৱঞ্চনাৰ জালখনৰ পৰিসৰ বহল কৰি দিয়াত মুখ্য ভূমিকা লোৱা ইউটিউবাৰ, পডকাষ্ট চেনেলসমূহৰ ওপৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে? সেয়াও এক ডাঙৰ প্ৰশ্ন।

দীপাংকৰ, বিশালৰ পিছত স্বপ্ননীলঃ আৰু বা কিমানে মেলিছে ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ জাল !
উজনিত লুটিছে বিশালে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in