গন্ধকৰৈ গাঁৱত প্ৰচণ্ড ধুমুহা

গন্ধকৰৈ গাঁৱত প্ৰচণ্ড ধুমুহা
Published on
Updated on

ডিজিটেল সংবাদ,সৰুপথাৰ : সৰুপথাৰৰ গন্ধকৰৈ গাঁৱত নিশা বিধ্বংসী ধুমুহাৰ তাণ্ডৱ ৷ প্ৰচণ্ড ধুমুহাই ১ আৰু ২ নং গন্ধকৰৈ গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে ৷ বৃহৎ গছ পৰি বিধ্বস্ত হৈ পৰে ১ নং গন্ধকৰৈৰ তিৰোৱাল নামঘৰ ৷

বহু ঠাইত পথৰ ওপৰত গছ বাগৰি পৰাৰ লগতে বিদ্যুতৰ তাঁৰ চিঙি পৰে ৷ ধুমুহাজাকে ৰাইজৰ ভড়ালঘৰ, তামোল-চেগুণৰ লগতে বহু মূল্যৱান গছ ভাগি তচ-নচ কৰে ৷ অঞ্চলটোত বিদ্যুত যোগান ব্যাহত হোৱাৰ লগতে যাতায়ত ব্যৱস্থাও বন্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ৷

গন্ধকৰৈ গাঁৱত প্ৰচণ্ড ধুমুহা
আজি পবিত্ৰ কৰম পূজা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in