হাওৰাঘাটত ৩ দিনীয়া শিক্ষাৰ্থী সৱলীকৰণ কাৰ্যসূচী

হাওৰাঘাটত ৩ দিনীয়া শিক্ষাৰ্থী সৱলীকৰণ কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ, হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ হাওৰাঘাটস্থিত হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতন পৰিচালনা সমিতিৰ উদ্যোগত আৰু আধ্যাত্মিক পুন: জাগৰণ সংস্থান, উত্তৰ পূব, গুৱাহাটীৰ সহযোগত ৫ নৱেম্বৰৰ পৰা হাওৰাঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষাৰ্থী সৱলীকৰণ শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিক্ষাৰ্থী সৱলীকৰণ শিবিৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ খেলুৱৈ তথা গ্ৰীনিজবুকত দুবাৰকৈ নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা যোৰহাটৰ অভিজিৎ বৰুৱা।

তেওঁ অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰগৰ্ভ ভাষণ ৰাখে । ইপিনে কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ১০ বজাত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগগুৰু ড° গৌতম চৌধুৰীয়ে শিক্ষাৰ্থী সৱলীকৰণ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক ভাৱাতীত ধ্যান আৰু সংস্কাৰ সম্পৰ্কে সুন্দৰভাৱে বুজায় কয়।

যোগগুৰু ড° গৌতম চৌধুৰীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি মনোযোগ কম হোৱা, অত্যধিক চাপৰ পৰা মুক্ত কেনেকৈ হ'ব পাৰি, চিন্তিত, হতাশাগ্ৰস্তৰ পৰা মুক্তি কেনেকৈ হ'ব পাৰি, ব্যক্তিত্ব কেনেকৈ বিকাশ ঘটাব পাৰি, ইতিবাচক চিন্তা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত জীৱনৰ কেৰিয়াৰ কেনেকৈ গঢ় দিব পাৰি ইত্যাদি ইত্যাদি সম্পৰ্কে ব্যাখ্যা কৰে ।

অঞ্চলটোৰ ১০খন বিদ্যালয়ৰ ৮৫০ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকসহ প্ৰায় ৯০০ লোকেৰে সমাগম হোৱা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ অভিজিৎ বৰুৱা, যোগগুৰু ড° গৌতম চৌধুৰী, হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য বিমল ধৰ, সমাজ কৰ্মী ৰাজেন বৰা, কল্পনা কৰা, ভৱেশ ৰাজবংশী, মোলান লস্কৰ, অশোক হাঞ্চু আদি উপস্থিত থাকে ।

হাওৰাঘাটত ৩ দিনীয়া শিক্ষাৰ্থী সৱলীকৰণ কাৰ্যসূচী
চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবেই চৰকাৰী বিষয়াক ডিঙি কাটি হত্যা চালকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in