ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ মাদাৰপুৰ গাঁৱত এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগতে শিক্ষকক অইন বিদ্যালয়ত স্থানান্তৰ কৰাৰ চৰকাৰী নিৰ্দ্দেশৰ বিৰুদ্ধে অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সম্প্ৰতি ৰাজ্যৰ শিক্ষা বিভাগৰ পৰা চিৰাং জিলাৰ চিদলী শিক্ষাখণ্ডৰ অন্তৰ্গত বৃহত্তৰ মাদাৰপুৰ অঞ্চলটোৰ একমাত্ৰ মাদাৰ এম ই স্কুল (অপ্ৰাদেশীকৃত) খনৰ অস্তিত্ব নস্যাৎ কৰি বিদ্যালয়ত অধ্যয়নৰত ১৮০ গৰাকী ছাত্ৰ ছাত্ৰীক ৫ কি:মি: নিলগৰ নাঙলভাঙা হাইস্কুলত অধ্যয়ন কৰিবলৈ যোৱাৰ চৰকাৰী নিৰ্দ্দেশনা জাৰি কৰাৰ পিছতেই এলেকাটোৰ অভিভাৱক আৰু ছাত্ৰ সংগঠন সমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
অঞ্চলটোৰ কোনো ধৰনৰ ভৌগোলিক জ্ঞান শিক্ষা বিভাগৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধীতা কৰি বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু ছাত্ৰ সংগঠনৰ নেতা সকলে শিক্ষাবিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ভবিষ্যত অন্ধকাৰ কৰা শিক্ষাবিভাগৰ এই নিৰ্দ্দেশ বাতিল কৰক, মাদাৰপুৰ এম ই স্কুলৰ চলিথকা শিক্ষাদান বাহাল ৰাখক, ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰা শিক্ষা বিভাগ হায় হায় আদি শ্লোগানেৰে বিদ্যালয় চৌহদ উত্তাল কৰি তোলে।
স্থানীয় অভিভাৱক সকলৰ অভিযোগ শিক্ষাবিভাগৰ এই সিদ্ধান্ত যদি কাৰ্য্যকৰী কৰা হয় তেন্তে মাদাৰপুৰ গাঁৱৰ পৰা প্ৰাথমিক বিদ্যালয় উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলে এই অঞ্চলৰ আটাইতকৈ খৰস্ৰোতা আই নৈ পাৰ কৰি পাঁচ কিলোমিটাৰ দুৰ্গম পথ অতিক্ৰম কৰি নাঙলভাঙা হাইস্কুলত গৈ শিক্ষাগ্ৰহন কৰাটো অতিকৈ বিপদজনক হব বুলি আশংকা ব্যক্ত কৰে । ফলত কণ কণ ছাত্ৰ ছাত্ৰী সকল এক বাধ্য হৈ আধাতে শিক্ষা সমাপ্ত কৰাৰ দৰে পৰিস্থিতি সৃষ্টি হব যিটো আমি কেতিয়াও মানি লব নোৱাৰো ।
১৯৯২ চনত স্থাপিত মাদাৰপুৰ এম ই মাদ্ৰাছা বৰ্তমান বৰ্তমান মাদাৰপুৰ এম ই স্কুলখন বিভিন্ন কাৰণত প্ৰাদেশীকৰণ নোহোৱাত পিছলৈ ২০২১ চনত বিদ্যালয়ত কৰ্মৰত শিক্ষক সকলক চৰকাৰে টিউটৰ হিচাবে নিযুক্তি দিছিল । পৰবৰ্তী সময়ত শিক্ষাবিভাগৰ পৰা উক্ত বিদ্যালয়ত অধ্যয়নৰত শতাধিক ছাত্ৰ ছাত্ৰী সহ টিউটৰ শিক্ষক সকলক পাঁচ কিলোমিটাৰ নিলগৰ নাঙলভাঙা হাইস্কুলত সংলগ্ন নিৰ্দেশ দিয়ে । তেতিয়া স্থানীয় অভিভাৱক আৰু ছাত্ৰ সংগঠনৰ লোক সকলে এই বিষয়টো লৈ বিটিচি প্ৰশাসনৰ সৈতে যোগাযোগ কৰি উক্ত নিৰ্দ্দেশ স্থগিত কৰি দুবছৰৰ ধৰি মাদাৰপুৰ এম ই স্কুলতে শিক্ষাদান প্ৰক্ৰিয়া চলাই আছিল।
কিন্তু দুৰ্ভাগ্যজনক কথা যে মূলতঃ যাতায়াতৰ সমস্যা আৰু ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ভবিষ্যতৰ এক অনিশ্চয়তাৰ সন্দৰ্ভত বিটিচি আৰু জিলা শিক্ষাবিভাগ অৱগত হোৱা পিছতো এতিয়া নতুনকৈ আকৌ পূৰ্বৰ দৰে নিৰ্দ্দেশনা অহাৰ পিছত মাদাৰপুৰ গাঁৱৰ ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাৰ ভবিষ্যতৰ কথা চিন্তা কৰি গাঁওবাসী চিন্তিত হৈ পৰিছে । যাৰ বাবে শিক্ষাবিভাগৰ পৰা এই নিৰ্দ্দেশনা বাতিল কৰি ছাত্ৰ ছাত্ৰী সকলক ভবিষ্যত শিক্ষা গ্ৰহণৰ বাবে সুযোগ কৰি দিয়াৰ বাবে আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী লগতে অভিভাৱক আৰু এবিএমছুৰ নেতৃত্ব সকলে অসম চৰকাৰ তথা বিটিচি প্ৰশাসনলৈ আহ্বান জনায় ।
Also Read: শিলচৰত হৃদজনিত ৰোগত আক্ৰান্ত ৰোগীৰ বাবে বিশেষ শিবিৰ...