হায় জল জীৱন আঁচনি ! ছাত্ৰ-ছাত্ৰীয়ে তৃষ্ণা নিবাৰণ কৰে দূষিত পানীৰে

হায় জল জীৱন আঁচনি ! ছাত্ৰ-ছাত্ৰীয়ে তৃষ্ণা নিবাৰণ কৰে দূষিত পানীৰে
Published on
Updated on

ডিজিটেল সংবাদ,গহপুৰ : উৎকট গৰম, বিদ্যালয়ত দমকলৰ আইৰনযুক্ত পানী খাই শিক্ষাৰ্থীয়ে তৃষ্ণা নিৰ্বাৰণ কৰিছে। ছাত্ৰ-ছাত্ৰীয়ে সেৱন কৰা এই দৃশ্য দেখি হতচকিত প্ৰত্যক্ষদৰ্শী। কিমান অপৰিস্কাৰ,দূষিত পানী সেৱন কৰিছে গহপুৰ মহকুমাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰঙাজান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। তাকে লৈ সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে।

যি সময়ত চৰকাৰে বিদ্যালয়সমূহত জল জীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ বাবে আঁচনি যোগান ধৰিছে, তেনে সময়তে এইখন বিদ্যালয়ত দমকলৰ আইৰনযুক্ত পানীৰে দূৰ কৰিব লগা হৈছে তৃষ্ণা। সেই পানী সেৱন কৰি ইতিমধ্যে বহু শিক্ষাৰ্থী বেমাৰতো আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে।

জন স্বাস্থ্য কাৰিকৰী বিভাগক বিদ্যালয় কৰ্তৃপক্ষই বহুবাৰ আবেদন কৰাৰ পাছতো সম্প্ৰতি লাভ কৰা নাই বিশুদ্ধ খোৱাপানীৰ আঁচনি। যাৰ ফলত দমকলৰ পানী সামান্য ফিল্টাৰ কৰি প্ৰস্তুত কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন। চৰকাৰক অচিৰেই খোৱাপানীৰ সু-ব্যৱস্থা কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই অনুৰোধ জনাইছে ।

হায় জল জীৱন আঁচনি ! ছাত্ৰ-ছাত্ৰীয়ে তৃষ্ণা নিবাৰণ কৰে দূষিত পানীৰে
নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ ২০২৩ বৰ্ষৰ 'গুণ মহন্তদেৱ বঁটা' ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in