ডিজিটেল সংবাদ, গৰৈমাৰীঃ স্বাধীনতাৰ প্ৰাকঃক্ষণত শুৱালকুছি নদী আৰক্ষীয়ে গৰৈমাৰীৰ আলিকাষৰ ব্ৰহ্মপুত্ৰ নদীত দেওবাৰে পুৱা পতাকা লৈ বৃহৎ নৌকা সমদল উলিয়ায় ৷ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে শুৱালকুছি নদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ পাঠকৰ নেতৃত্বত ৰাইজৰ সহযোগত গৰৈমাৰীৰ আলিকাষ ব্ৰহ্মপুত্ৰ নদীত ২৫খনকৈ যন্ত্ৰ চালিত নাৱত জাতীয় পতাকা আঁৰি লৈ এখনি বৰ্ণিল নৌকা সমদল উলিয়ায় ৷
নৌকা সমদলকাৰী সকলে সুদুৰ ক্ষেত্ৰপাৰা চৰত উপস্থিত হৈ চৰাঞ্চলৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এখনি সজাগতামূলক সমদলো উলিয়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয় ৷ আৰক্ষী, চৰাঞ্চলৰ ৰাইজ-শিক্ষাৰ্থীয়ে ঘৰ ঘৰ তিৰংগা, ভাৰত মাতা কী জয়, বন্দে মাতৰম, স্বাধীনতা অমৰ ৰহে আদি ধ্বনিৰে চৰাঞ্চলৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷
আনহাতে প্ৰধানমন্ত্ৰীৰ আহ্বানক সন্মান জনাই আৰক্ষী বিষয়াগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত বসবাস কৰা লোকৰ ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱাৰ লগতে স্বাধীনতা দিৱসৰ প্ৰতি চৰাঞ্চলৰ ৰাইজৰ ব্যাপক সঁহাৰি দেখি আৰক্ষী বিষয়াগৰাকীয়ে অভিভূত হয়৷ শুৱালকুছি নদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ পাঠকৰ নেতৃত্বত বৃহৎসংখ্যক যন্ত্ৰচালিত নাও লৈ সমদল আৰু মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীক লৈ স্বাধীনতা দিৱস সম্পৰ্কে ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস কৰে৷
আৰু পঢ়ক: উলহ-মালহেৰে অনুষ্ঠিত হ'ল "খুমটাইলৈ যাওঁ বলক" কাৰ্যসূচী…