পলাতক এ এছ পি শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ

পলাতক এ এছ পি শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল বনকৰা মহিলাক নিৰ্মম অত্যাচাৰ চলোৱা অভিযোগত অভিযুক্ত চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই। শনিবাৰে পুৱা আত্মসমৰ্পণ কৰে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীয়ে। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁ আত্মসমৰ্পণ কৰে।

নিজ বাসগৃহত বনকৰা হিচাবে থকা এগৰাকী মহিলাক এ এছ পি গৰাকীয়ে গৰম পানী ঢলাকে আদি কৰি অকথ্যভাবে বিভিন্ন শাৰিৰীক নিৰ্যাতন চলাইছিল। সেই সন্দৰ্ভত ৰুজু হৈছিল গোচৰ। আৰক্ষীয়ে শুভলক্ষ্মীক বিচাৰি মহানগৰীৰ ছয়মাইলৰ জয়ানগৰত থকা পাৰ্লে এপাৰ্টমেণ্টত অভিযান চলাইছিল।

অৱশ্যে শিৱসাগৰ আৰক্ষীৰ চকুত ধূলি দি গেট পাৰ হৈ তেওঁ সেই এপাৰ্টমেণ্টৰ পৰা পলাই হাৰিছিল। তাৰ পাছত কেইবাদিনো ধৰি পলাতক অৱস্থাত আছিল আৰক্ষী বিষয়াগৰাকী।

আৰক্ষীয়ে শুভলক্ষ্মী দত্তক পলাতক আচামী ঘোষণা কৰিছিল। এই সন্দৰ্ভত উচ্চ পদস্থ আৰক্ষী বিষয়াই সংবাদমেল সম্বোধন কৰি পলাতক আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব বুলি ঘোষণা কৰা পিছদিনাই তেওঁ আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শুভলক্ষ্মী দত্তক।

পলাতক এ এছ পি শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ
কোটিটকীয়া ঋণ জালিয়াতিৰ অভিযোগঃ CBIৰ ৰোষত অসমৰ ব্যক্তিগত প্রতিষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in