লামডিঙত সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পালন

সমগ্ৰ দেশৰ লগতে মঙলবাৰে ৰেল নগৰী লামডিঙত নেতাজী জন্ম জয়ন্তী কেন্দ্ৰীয় উদযাপন সমিতিৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয় ৷ লামডিং কালিবাড়ীস্থিত নেতাজীৰ প্ৰতিমূৰ্তিত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই মাল্যাৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

author-image
Asomiya Pratidin
New Update
লামডিঙত সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পালন

ডিজিটেল সংবাদ, লামডিংঃ সমগ্ৰ দেশৰ লগতে মঙলবাৰে ৰেল নগৰী লামডিঙত নেতাজী জন্ম জয়ন্তী কেন্দ্ৰীয় উদযাপন সমিতিৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয় ৷ লামডিং কালিবাড়ীস্থিত নেতাজীৰ প্ৰতিমূৰ্তিত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই মাল্যাৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি লামডিং কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থী, ভাৰতীয় স্কাউট এণ্ড গাইড , এন চি চি , হিন্দুস্থান স্কাউট এণ্ড গাইডকে ধৰি এক বিশাল পদযাত্ৰা কৰি শোভাযাত্ৰা কৰে । সমগ্র লামডিং জুৰি কৰা এই শোভাযাত্ৰাত লামডিং সমষ্টি বিধায়ক শিবু মিশ্ৰই অংশগ্ৰহণ কৰে শিক্ষাৰ্থী সকলৰ সৈতে ।

আজিৰ এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে লামডিং আজাদ হিন্দ পুথভঁৰালৰ কৰ্তৃপক্ষসকল উপস্থিত থকাৰ লগতে অসম বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰ বিজ্ঞান বিভাগ তথা ডিন সমাজ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড: জয়ন্তী ভট্টাচাৰ্য উপস্থিত থাকে ।

Also Read: মিজোৰামত বাৰ্মিজ সেনাৰ বিমান দুৰ্ঘটনা

lamding netaji birth day netaji subhash chandra bose birth anniversary