আৰক্ষীৰ সহায়তে মেঘালয়ত আশ্ৰয় চুমি, তাৰ্কিকৰ ! দাখিল কৰিছে জামিন আবেদন...

আত্মসমৰ্পণ কৰিবলৈয়ো সাজু হোৱাৰ খবৰ দুই প্ৰৱঞ্চকৰ
আৰক্ষীৰ সহায়তে মেঘালয়ত আশ্ৰয়  চুমি, তাৰ্কিকৰ ! দাখিল কৰিছে জামিন আবেদন...
আৰক্ষীৰ সহায়তে মেঘালয়ত আশ্ৰয় চুমি, তাৰ্কিকৰ ! দাখিল কৰিছে জামিন আবেদন...
Published on
Updated on

ডিজিটেল ডেস্কঃ ট্ৰেডিঙৰ নামত বিশাল ফুকন নামৰ যুৱকজনৰ সৈতে মিলি কোটি কোটি টকা সংগ্ৰহ কৰি বিলাসী জীৱনৰ গৰাকী হোৱা নৃত্য পৰিচালিকা চুমি বৰা আৰু তেওঁৰ স্বামী ফটোগ্ৰাফাৰ তাৰ্কিক বৰা এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। গুৱাহাটীৰ মাজমজিয়াত চুমি বৰাৰ অন্তিম লোকেচন ধৰা পৰিছিল যদিও শেহতীয়াকৈ পোৱা তথ্য মতে মেঘালয়ত আত্মগোপন কৰিছে চুমি আৰু তাৰ্কিকে।

জানিব পৰা মতে ৰাজ্যৰ একাংশ শীৰ্ষ আৰক্ষী বিষয়াৰ পৰামৰ্শ মতেই মেঘালয়ত আত্মগোপন কৰিছে চুমি, তাৰ্কিকে। শেহতীয়া তথ্য মতে ২ ছেপ্টেম্বৰত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ পৰামৰ্শ মতেই গুৱাহাটী এৰি মেঘালয়ৰ কোনো অজ্ঞাত আৰু সুৰক্ষিত স্থানলৈ পলাই গৈছে চুমি আৰু তাৰ্কিক।

ইফালে বৃহস্পতিবাৰেই চুমি বৰা আৰু তাৰ্কিক বৰাই ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছে। এই জামিন আবেদনৰ শুনানি অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। সেয়ে জামিন লাভ নকৰা পৰ্যন্ত মেঘালয়তে থাকিবলৈ পৰামৰ্শ দিছে তেওঁলোকক পলাই যোৱাত সহায় কৰা শীৰ্ষ আৰক্ষী বিষয়াই।

অৱশ্যে আন এক সূত্ৰ অনুসৰি আকৌ চুমি আৰু তাৰ্কিক আত্মসমৰ্পণৰ বাবে সাজু হৈছে। তেওঁলোকে আত্মসমৰ্পণৰ উদ্দেশ্যৰে ডিব্ৰুগড় অভিমুখে ৰাওনা হৈছে বুলিও খবৰ পোৱা গৈছে।

আৰক্ষীৰ সহায়তে মেঘালয়ত আশ্ৰয়  চুমি, তাৰ্কিকৰ ! দাখিল কৰিছে জামিন আবেদন...
লখিমপুৰত চকী লৰিল বহু আৰক্ষী বিষয়াৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in