ছলনাময়ী চুমিৰ বাবে নোৱাই-ধুৱাই পৰিষ্কাৰ কৰিলে ডিব্ৰুগড় থানাৰ লক-আপ

কষ্ট নোপোৱা মানুহে কষ্ট পালে বেজাৰ লাগে। এই কথা ভালকৈয়ে বুজি পায় ডিব্ৰুগড় আৰক্ষীয়ে !
ছলনাময়ী চুমিৰ বাবে নোৱাই-ধুৱাই পৰিষ্কাৰ কৰিলে ডিব্ৰুগড় থানাৰ লক-আপ
Published on
Updated on

ডিজিটেল ডেস্ক : কষ্ট নোপোৱা মানুহে কষ্ট পালে বেজাৰ লাগে। এই কথা ভালকৈয়ে বুজি পায় ডিব্ৰুগড় আৰক্ষীয়ে ! গ্ৰেপ্তাৰৰ পূৰ্বে সাময়িক জিৰণিৰ বাবে জিমখানাত বিলাসী কোঠাৰ ব্যৱস্থা কৰি দিছিল দৰদী আৰক্ষীয়ে। তাৰোপৰি দম্পত্তীহালে গৰম সহ্য কৰিব নোৱাৰাৰ বাবেই মুহূৰ্ততে ব্যৱস্থা কৰি দিয়া হৈছিল শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ।

তাৰ পাছতে আৰক্ষীয়ে ৰচনা কৰা চিত্ৰনাট্য অনুসৰি আৰক্ষীৰ হাতৰ পৰা গ্ৰেপ্তাৰবৰণ কৰিছিল চুমি বৰা আৰু তেঁওৰ স্বামী তাৰ্কিক বৰাই। এতিয়া চৰ্চালৈ আহিছে আন এক বিষয়।

সম্প্ৰতি চুমি আৰু তাৰ্কিক বৰা ডিব্ৰুগড় আৰক্ষীৰ লক-আপত। ছলনাময়ী চুমি বৰা লক-আপত সোমোৱাৰ আগেয়ে ডিব্ৰুগড়ত থানাত চলিল চাফাই অভিযান। যেন ন-বোৱাৰীক নোৱাই-ধুৱাই সোমাব বৰঘৰত !

থানাখনৰ অব্যৱহৃত হৈ থকা লক-আপৰ মহিলা কক্ষটো সযতনে চাফাই কৰ্মীৰদ্বাৰা পৰিষ্কাৰ পৰিচ্ছন্নতাৰে চাফা কৰা হ’ল। পুৰষৰ কক্ষটিও দেখনিয়াৰ কৰা হ’ল যাতে কোটিপতি অভিযুক্তই কোনো কষ্ট অনুভৱ নকৰে।

ইতিমধ্যে তেঁওলোকক লক-আপত থোৱা ফটো সামাজিক মাধ্যমত ৰাজহুৱা হৈছে। ফটো দেখিলে আপুনিও অনুভৱ কৰিব ইয়াৰ ৰহস্য...

ছলনাময়ী চুমিৰ বাবে নোৱাই-ধুৱাই পৰিষ্কাৰ কৰিলে ডিব্ৰুগড় থানাৰ লক-আপ
ৰঙিয়াৰ দিপ্তী নগৰত গুলীচালনাৰ ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in