ট্ৰেণ্ডছ আৰু প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত আন্তঃস্কুল চিত্ৰাংকন প্ৰতিযোগিতা...

ট্ৰেণ্ডছ আৰু প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত আন্তঃস্কুল চিত্ৰাংকন প্ৰতিযোগিতা...
Published on
Updated on

ডিজিটেল ডেস্ক : ট্ৰেণ্ডছৰ উদ্যোগত তথা অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত আন্তঃ স্কুল ট্ৰেণ্ডছ চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাখনিৰ নাম হৈছে "চামাৰ টাইম উইথ ট্ৰেণ্ডছ।"

ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ মাজত সোমাই থকা চিত্ৰ প্ৰতিভা বাহিৰলৈ উলিয়াই অনাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। উদ্যোক্তাসকলে জনাৱো অনুসৰি শীৰ্ষক প্ৰতিযোগিতাখনি ৫টা ৰাউণ্ডত অনুষ্ঠিত কৰা হ'ব।

সবিশেষ ইয়াত পাব
সবিশেষ ইয়াত পাব

১৫ আগষ্টৰ পৰা হ'ব লগা প্ৰতিযোগিতাখনিৰ ৰাউণ্ড ৫টা হৈছে- অপেনিং ৰাউণ্ড, বাচনি ৰাউণ্ড, কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু গ্ৰেণ্ড ফাইনেল।

নিয়মৱালী মতে উক্ত প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত কৰা হ'ব। প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থমানলৈ 'বুডিং ষ্টাৰ গ্ৰুপ' আৰু পঞ্চম শ্ৰেণীৰ পৰা দশম মানৰ প্ৰতিযোগীসকলক 'ব্ৰাইটেষ্ট ষ্টাৰ গ্ৰুপ'ত অন্তৰ্ভূক্ত কৰা হ'ব।

জানিবলৈ দিয়া মতে প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক আৰ্থিকভাৱে পুৰস্কৃত কৰিব উদ্যোক্তাই। সেই অনুসৰি পুৰস্কাৰসমূহ তলত উল্লেখ কৰা হ'ল-

  • প্ৰথম পুৰস্কাৰ : ২০,০০০ টকা

  • দ্বিতীয় পুৰস্কাৰ : ১০,০০০ টকা

  • তৃতীয় পুৰস্কাৰ : ৫,০০০ টকা।

(চৰ্তাৱলী প্ৰযোজ্য)

ট্ৰেণ্ডছ আৰু প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত আন্তঃস্কুল চিত্ৰাংকন প্ৰতিযোগিতা...
কংগ্ৰেছৰ দিনত ৰাজ্যত তিনিশৰো বেছি মথাউৰি ছিগিছিল : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in