চুপাৰী চিণ্ডিকেটেৰে জড়িত আৰক্ষীঃ অনুসন্ধানে ঢুকি পাবনে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰক্ষী বিষয়াক…

চুপাৰী চিণ্ডিকেটেৰে জড়িত আৰক্ষীঃ অনুসন্ধানে ঢুকি পাবনে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰক্ষী বিষয়াক…

author-image
asomiyapratidin
New Update
চুপাৰী চিণ্ডিকেটেৰে  জড়িত আৰক্ষীঃ অনুসন্ধানে ঢুকি পাবনে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰক্ষী বিষয়াক…

ডিজিটেল ডেস্কঃ ৰাজ্যত চুপাৰী চিণ্ডিকেটৰ সৈতে আৰক্ষীৰ যে এক সম্পৰ্ক আছিল বা আছে সেইয়া পোহৰলৈ প্ৰায় আহিছে। বাৰ্মিজ চুপাৰীৰ অবৈধ চিণ্ডিকেট আৰক্ষীৰ পৃষ্ঠপোষকতাত চলি আহিছিল বুলি যি চৰ্চা হৈছিল সেইয়া সত্য প্ৰমাণ হোৱাৰ পথত।

কেৱল তলৰ পৰ্যায়ৰ বা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই নহয়, এই চিণ্ডিকেটৰ সৈতে বাঘা বাঘা আৰক্ষী বিষয়া জড়িত হৈ কোটি কোটি টকা সংগ্ৰহ কৰিছে। আৰক্ষীৰ অপৰাধ শাখাই বাৰ্মিজ চুপাৰী চিণ্ডিকেটৰ তদন্ত চলাই বৰাক উপত্যকাৰ ১০ খন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক জেৰা কৰিছিল।

গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই এই চুপাৰী চিণ্ডিকেটৰ সন্দৰ্ভত জিলাখনৰ বৰ্তমানৰ আৰক্ষী অধীক্ষককো সোধপোচ কৰিছিল। দীৰ্ঘদিন ধৰি ম্যানমাৰৰ পৰা কৰ ফাকি দি এই পথেৰে চুপাৰী সৰবৰাহ হৈ আহিছে।

শেহতীয়াকৈ এই চুপাৰী চিণ্ডিকেটেৰে জড়িত তালিকাত কাছাৰৰ দুজন পূৰ্বৰ আৰক্ষীৰ অধীক্ষকৰ নাম সোমাই পৰিছে। মহানগৰ আৰক্ষীয়ে সোধপোচৰ বাবে তলব কৰিছে কাছাৰৰ পূৰ্বৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয় আৰু ভবৰলাল মিনাক।

অভিযোগ উঠিছিল যে মানবেন্দ্ৰ দেৱৰয়ৰ পৃষ্ঠপোষকতাতেই তেওঁ কাছাৰৰ অধীক্ষক হৈ থাকোতে বাৰ্মিজ চুপাৰী চিণ্ডিকেটে নিৰ্বিঘ্নে চলি আছিল। এই চিণ্ডিকেট চক্ৰৰ সৈতে সুসম্পৰ্ক আছিল দেৱৰয়ৰ।

অসমীয়া প্ৰতিদিন ডিজিটেলতে আৰক্ষী বিষয়াগৰাকীৰ চুপাৰী চিণ্ডিকেটৰে থকা মিতিৰালিৰ খবৰ প্ৰকাশ কৰা হৈছিল। সেই ধনেৰে গুৱাহাটীৰ ৰুক্মিনী নগৰত তেওঁ কি বিলাসী অট্টালিকা নিৰ্মাণ কৰিছিল সেই তথ্যও প্ৰকাশ কৰা হৈছিল।

অসমীয়া প্ৰতিদিনৰ খবৰৰ পিছতেই কাছাৰৰ পৰা বদলি কৰা হৈছিল মানবেন্দ্ৰ দেৱৰয়ক। তেওঁৰ স্থানত কাছাৰৰ আৰক্ষী অধীক্ষক হিচাপে ভৱৰলাল মিনাক নিযুক্তি দিয়া হৈছিল। বৰ্তমান মহানগৰীত এক উচ্চ পদত কৰ্মৰত আন এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধেও চুপাৰী চিণ্ডিকেটৰ সৈতে জড়িত বহু অভিযোগ উত্থাপন হৈ আহিছে।

মহানগৰ অপৰাধ শাখাই এই চিণ্ডিকেটৰে জড়িতৰ সন্দেহত দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাহাবুদ্দিন বৰভূঞাকো জেৰা কৰিছে। উল্লেখযোগ্য যে তেওঁ পূৰ্বে কাছাৰৰ ঢলাই থানাত কাৰ্যনিৰ্বাহ কৰি আছিল।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যদি সচাকৈয়ে এই চিণ্ডিকেট চক্ৰৰ উৎখাতৰ বাবে আন্তৰিকতাৰে অনুসন্ধান চলিছে তেনেহলে এই অনুসন্ধানে আন উচ্চ পদস্থ আৰক্ষী বিষয়াসকলকো সাঙুৰি লব বুলি ভবা হৈছে। বিশেষকৈ কামৰূপ গ্ৰাম্য জিলাত কৰ্মৰত অৱস্থাত এজন আৰক্ষী অধীক্ষকে এই চিণ্ডিকেটৰে জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

assam Assam police himanta biswa sarma DGP ASSAM '