প্ৰসংগ- চুপাৰি কেলেংকাৰীঃ CIDৰ জিম্মালৈ পুস্কল-সিদ্ধাৰ্থ...

চুপাৰি কেলেংকাৰীৰে নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা দুই আৰক্ষী বিষয়াক চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
প্ৰসংগ- চুপাৰি কেলেংকাৰীঃ CIDৰ জিম্মালৈ পুস্কল-সিদ্ধাৰ্থ...

ডিজিটেল ডেস্কঃ চুপাৰি কেলেংকাৰীৰে নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা দুই আৰক্ষী বিষয়াক চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৫ দিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ডি এছ পি পুস্কল গগৈ আৰু এছ পি সিদ্ধাৰ্থ বৰগোহাঁইক। সোমবাৰে চি জে এম আদালতত হাজিৰ কৰোৱা হৈছিল এই দুয়োজন আৰক্ষী বিষয়াক।

চুপাৰি ব্যৱসায়ীক ধন দাবী কৰা ঘটনাৰ অভিযোগত সোমবাৰে পুৱাৰ ভাগত ডিএছপি পুস্কল গগৈ গ্ৰেপ্তাৰ হোৱাৰ সমান্তৰালভাবে বজালীৰ সদ্য বদলিপ্ৰাপ্ত এছ পি সিদ্ধাৰ্থ বুঢ়াগোঁহাইকো চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল। মাৰাথান জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰিছিল চি আই ডিয়ে।

উল্লেখ্য যে, অসম আৰক্ষীয়ে চুপাৰি ব্যৱসায়ীক ৫ কোটি টকা ধন দাবী কৰাৰ কথা পোহৰলৈ অহাত চি আই ডিয়ে তদন্ত কৰি বজালী আৰক্ষীৰ ৭ জনকৈ বিষয়া-কৰ্মচাৰীৰ নাম প্ৰকাশ কৰিছিল। এই ঘটনাত শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল-  ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস, এ এছ পি গায়ত্রী সোণোৱালৰ দেহৰক্ষী এ বি চি ইনাজামামুল হাছান, গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদক।

Also Read: আদালতত মুখ থেকেচা শিলচৰ NITৰ...

Assam police